বেটুপাত

বেটুপাত

Sunday, 24 September 2017

অসমীয়া ভাষা


 অসমীয়া জাতিৰ জাতীয় সত্তা অসমীয়া বিলুপ্তিৰ গৰাহত পৰাৰ পৰিলক্ষিত হৈছে এই সুৱদি সুৰিয়া অসমীয়া ভাষাটোৰ প্ৰতি অসমীয়া ৰাইজৰ অনিহা অবহেলা আহি পৰাতো অতি পৰিতাপৰ বিষয় অসমীয়া ভাষাটোৰ প্ৰতি অসম বাসীৰ এনে বিৰাগ ভাব আহিছে যে ,বিশ বছৰৰ পাছত অসমীয়া ভাষা অসমৰ পৰা লুপ্ত পাব ।অসমীয়া ভাষাটো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই এনেদৰে বুকুত সাৱতি লৈছিল যে, অসমৰ সুৱলা, সুৱদি মাত আদি শব্দ  
ব্যঞ্জনাৰে জাতীয় সংগীতৰ সৃষ্টি কৰি অসমীয়া ভাষাক বিশ্ব দৰবাৰত ঠিয় কৰি থৈ গৈছে যি গীত বৃদ্ধ বনিতাৰ পৰা কণ কণ শিশু সকলৰ মুখত আখৈ ফুটাদি ফুটি আছে যিটো ভাষা বিশ্ব বৰেণ্য বিজ্ঞ পণ্ডিত সকলেও এক পবিত্র ভাষা হিচাপেও স্বৃকীতি দি থৈ গৈছে উদাহৰণ স্বৰূপে পণ্ডিত হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা হেমকোষ অভিধানেই প্ৰমাণ কৰে হেমকোষৰ ওখ দৌল বান্ধি ভাষাক সাৰথী কৰি নুমাব লগীয়া অসমীয়া ভাষা উজ্জ্বল কৰি এনে বিলাক বেদৰ বাণী স্বৰূপ উক্তি আজি অসমীয়া পাহৰি গলে অকৃতজ্ঞতাৰ পাপত পৰি পপীয়া তৰাৰ দৰে আকাশৰ পৰা বহুত তললৈ খহিপৰিব নেলাগিবনে ?
   বৰ্তমান অসমীয়া ভাষাটোক অসমীয়া ৰাইজে আদৰি লোৱা বিপৰীতে বিদেশী ভাষা আয়ত্ব কৰা, প্ৰচলন কৰাত তৎপৰ হৈ পৰিছে যিহেতু আমাৰ সমাজত সৰ্বসাধাৰণ একো একোজন গাৱলীয়া মানুহেও সচৰাচৰ ব্যৱহাৰ কৰা শব্দ বোৰ খাচ অসমীয়াৰ বিপৰীতে ইংৰাজী, হিন্দী ব্যৱহাৰ কৰিছোঁহক হেৰাই গৈছে অসমীয়া ভাষা অসমীয়া জাতিৰ মূলৰ পৰা অসমীয়া ভাষাটো অসমীয়া ৰাইজৰ ইমানেই হীন ভাষা হৈ পৰিছে যে, অসমৰ ৰাইজ অসমৰ পৰা বাহিৰলৈ গৈ ব্যৱহাৰ কৰিবলৈ সংকোচ বোধ কৰি অসমীয়া ভাষাক তললৈ নমাই দিছে এতিয়া এনেকুৱা দিন আহি পৰিছে যে, বাহিৰত ব্যৱহাৰ কৰাটো দূৰৰ কথা ভাতৰ মজিয়াত ব্যৱহাৰ কৰাটো লজ্জালে পৰিণত হৈছে এক ধ্ৰুৱ সত্য অৱশ্যে এই ক্ষেত্ৰত অসমৰ চিন্তশীল ব্যক্তি সকল তথা অসম সাহিত্য সভাই এটা সুস্থ পদক্ষেপ লৈ চৰকাৰী বা বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয় , আদালত আৰু সকলো স্তৰৰ কাৰ্যালয় সমূহৰ ফলক সমূহ অসমীয়া ভাষাত লিপিবদ্ধ কৰিবলৈ অভিসূচনা জাৰি কৰিছিল যদিও বিভাগীয় কতৃপক্ষৰ হেমাহিৰ বাবে প্ৰস্তাৱটো আজিও কাৰ্যকৰী হৈ নুঠিল ।অসমীয়া ৰাইজৰ বাবে গৃহীত হোৱা এটা মহৎ উদ্দেশ্য ভৰিৰে মোহাৰি  গচকি পেলালে ইয়াৰ পৰা অসমীয়া ৰাইজৰ কিবা লাভ হলনে লোকচান হল এই বিষয়ে ভাবিবলৈ যেন কাৰোৰে আহৰি নোহোৱা হল গতিকে আমি এনেদৰে শুই থাকিলে আমাৰ অসমীয়া ভাষাৰ উদ্ধাৰ নহব একেলগে মিলি এক দৃঢ় সংকল্প ললেহে আমাৰ ভৱিষ্যত প্ৰজন্মৰ পৰা আহিব পৰা অকথ্য অভশাপৰ পৰা মুক্তি হব পাৰিম

পৰাশ শইকীয়া 
গহপুৰ (ডুবিয়া)
৭৮৯৬৫২১৪৪৪

No comments:

Post a Comment