বেটুপাত

বেটুপাত

Sunday, 24 September 2017

মুখা

                                                                                  
যৌৱন ভৰা কেচাঁ দেহৰ তেজৰ কামনা বাসনা ত্যাগ কৰি মই মানৱ সেৱাৰ বাবে নিজকে প্ৰস্তুতি কৰি মহিম বৰুৱা ছাৰৰ ওচৰত উপস্থিত হৈছিলো।তেওঁ মোক ভালেখিনি সময় নিৰিক্ষণ কৰাৰ পাছত শুধিছিল "তুমি পাৰিবা জানো ৰিতু? তুমি ভৱাৰ দৰে পথ সুগম নহয় ।ভাৱি চোৱা" সেইদিনা মই নিৰ্ভয়ৰে কৈছিলো,"পাৰিম মই, মই নোৱাৰিম বুলি নাভাৱিব আপুনি"
    তেনেকৈয়ে, মোৰ জীৱনৰ গতি সলনি কৰিছিলো। জীৱনৰ এই গতিত কেনা লগাকৈ আজি এই ঘটনাৰ মুখা মুখি 'লো।আচলতে এইবোৰ কোনো নতুন নহয় মোৰ বাবে।মোৰ মৰিচিকাই আৱৰা জীৱনত এইসমূহ ঘটনা মাথো এক পথ।এক শিকনি ,যাৰ যোগেদি মই উৎসাহ পাও,জীৱনটোক নতুন কৰাৰ। ভয়াতুৰ হৈছিলো এটা সময়ত, যেতিয়া নৰপিশাচৰ কোমল ভয়ানক মাত শুনিছিলো। যেতিয়া কামোত্ত কাপুৰুষৰ কিলকিলনি শুনা পাইছিলো। নাই আজি সেই ভয় নাই মোৰ।সেইবোৰক প্ৰতিৰোধ কৰিব পৰা সমল আৰু শক্তি দুয়োতাই আছে মোৰ হাতত।মহিম বৰুৱা ছাৰত যোগেদি মই কিছুদিন মাৰ্ছেল আৰ্টচৰ ট্ৰেইনিঙ কৰাৰ সুবিধা পাইছিলো।
     আজি মোক সেই সমূহে বচায় আনিলে।মানুহৰ বা্হ্যিক ৰূপটোৱে মানুহ এজনৰ অন্তৰৰ ৰূপক ঢাকি ৰাখে।সৃষ্টকৰ্তাৰ এক লীলা। 
     ৰবিন বৰা নামৰ মানুহজন প্ৰায়ে আহে, আামাৰ ক্লিনিকলৈ।ৰূপালী চুলিৰে মানুহজনক দেখিলে মোৰ ককালৈ বহুত মনত পৰে।ককাই মোক বহুত মৰম কৰিছিল।কিন্তু মই ডাঙৰ হোৱাৰ আগতেই ককাই মোক আৰু মই গাত থাকোতেই বিধৱা হোৱা মোৰ মা জনীক এৰি থৈ গুচি 'ল।
    
    ককাৰ মৃত্যুৰ পাছত মা আৰু মই অকলশৰে থাকোতে বহুত অসুবিধাৰ সন্মুখিন হৈছিলো।মায়ে মহাজনৰ ঘৰত দিনৰ দিনতো কাম কৰি মোক পঢ়াইছিল,খুৱাইছিল,পিন্ধাইছিল। তাৰ উপৰি গাভৰো দেহাৰ ওপৰত চকু পৰা নৰপিখাচকিতাৰ কথা কি 'ম।যেনেতেনে  ৰাস্তাত কিৰিলি পৰা ডেকাকেইটাৰ পৰা নিজকে বচাই স্কুলীয়া জীৱন শেষ কৰিলো।মাকো দেখিছো,মাজৰাতি সাৰ পাই দেখো মাৰ দেখুন চকু জাপেই নাযায়।গাভৰু হোৱাৰ পাছত বুজি পাইছো, নিজৰ দেহাটোক বচাবলৈ কি কৰিব লগীয়া নহৈছিল আমি দুজনীয়ে।
  এদিন মাজৰাতি দুৱাৰত কোনোবায়ে হেচুকা গম পালো।মাক লৰাই দিলো,মায়ে একোৱে গম পোৱা নাই।মাৰ টুপনি প্ৰায়ে নাযায় । আজি চাগে,কিবা প্ৰকাৰে টুপনি গৈছে ,মাতিবলৈ অলপো মন 'গল।মাৰ গাত হাত ভৰি লাগে বুলি অলপ আতঁৰলৈ আহি শুলো। কিন্তু কি বাহিৰত মতা মানুহৰ মাত শুনিলো,'মইনা, ' মইনা দুৱাৰ খন খুলি দিয়া" একে কোবে মই মাক সাৱতি ধৰি জোৰতকৈ চিকুতি দিছিলো।মা উঠি বহিছিল। সিফালৰ পৰা মাত বোৰ বেছিকৈ আহিব ধৰিছিল।
"মইনাহত " দুৱাৰখন খুলা,আৰু আমাৰ দেহাবোৰ শাত পেলোৱাছোন, বুঢ়ী জনীয়ে গাভৰো জনীক উলিয়াইদি আকৌ শুই থাকা'
মায়ে চিঞৰি কৈছিল," পিখাচহত তহঁতৰ ঘৰৰ ঘৈনীয়েৰহত মৰিল নেকি " লোকৰ ভাত খাব আহিছ'যে"
সিহঁতে কৈছিল," বুঢ়ী দুৱাৰ খোল, নহলে দুৱাৰ ভাঙি যাব পাৰিলে, তহতঁৰ দেহা কিতাক বেহা বনাই পেলাম"
মায়ে মোক কৈছিল,"চিঞৰচোন"।মোৰ মাত নোলোৱা হৈছিল।মাৰ চিঞৰত ওচৰৰ মানুহ আহিলত সিহঁতকেইটা পলাইছিল। এনেকুৱা বহুত দিন হৈছিল ওচৰ চুবুৰিয়াৰ বাবে বাছি আছিলো।
 মায়ে এদিন মোক লৈ গৈ মহাজনৰ মাকক সকলো কৈছিল। মহাজনৰ মাকে হাঁহিছিল আৰু কৈছিল," হৰিণাৰ মাংসই বৈৰী দেখুন, তহঁত দুজনি নিজে সাৱধান থাকিবি, মাংস দেখিলে,আহিবই বাঘ,তাক কোনোৱে ৰখাব নোৱাৰে।"  বুঢ়ীৰ কথা মোৰ বৰ খং উঠিছিল।মাইকী মানুহ হৈ মাইকী মানুহৰ দুখ মৰম নুবুজে।
আকৌ সেই মহাজনৰ পুতেকৰ কান্ড কাৰখানাবোৰ আছিলেই ।সেইদিনা মা আহি নোপোৱাহ'লে, সি মোক সৰ্বনাশ কৰিলে হয়।
     
   মায়ে মহাজনৰ মাকক কোৱা কথাবোৰ বুঢ়ীৰ ১৮বছৰীয়া নাতিয়েকটোৱে শুনি আছিল।সি মাজে মাজে আমাৰ ঘৰলৈ আহিবলৈ লৈছিল।মাক বিভিন্ন কথাকৈ আভুৱাভাৰিছিল।এদিন সন্ধিয়া মা মহাজনৰ ঘৰতে কাম কৰি আছিল।সি আহি আমাৰ ঘৰ পালেহি,মোক 'লে"তই অকলে আছ যে মাৰে চাব পঠাইছে।" মোক কিতাপ পঢ়োৱাৰ চলেৰে সি মোক সাৱতি ধৰি এৰিয়ে নিদিয়া 'ল।মা সেইখিনি সময়তে আহি ওলোৱাত তাক খেদিলে আৰু মোকো ভালদৰে পিতন দিলে"তই চিঞৰিব পাৰ নে নাই ,,নে পৈয়েৰৰ বুকুত সুখ পাইছিলি" বুলি কৈ ।পাছত মোক সাৱতিলৈ মায়ে বহুত সময় কান্দিছিল।
      আজি মই সেই সৰু ৰিতুজনী নহয়।ৰবিন বৰা আজি ক্লিনিকলৈ আহি মোক বৰ কাতুৰ কন্ঠৰে কৈছিল,"মইনা 'লাচোন,মানুহজনী আজি বাথৰুমতে পৰিল,অলপ চাই আহাচোন, কিবা হৈছে,লৰচৰেই ' পৰা নাই"।ক্লিনিকৰ ডা ৰমেন বৰুৱা ছাৰ আবেলি হে আহে,বাকি খিনি সময় আমি ৫জনী নাৰ্চেই সকলো কৰো।গতিকে ময়ে যাবলৈ ওলালো। ৰবিন বৰুৱাৰ গাড়ীতে তেওঁৰ ঘৰলৈ গৈছিলো। ইমান নিজৰ্ন ঠাইত ঘৰখন। দেখিয়ে কিবা জয়াল যেন লাগিছে। এটা পুৰণি  ধুনীয়া ঘৰ।প্ৰথমেই মই মানুহগৰাকীক বিছাৰিলো।ৰবিন বৰুৱাই 'লে বহা আছে তেওঁ।
     এটা কোঠালৈ গৈ দেখো,কোনো নাই তাত।মই ৰবিন বৰাৰ মুখলৈ চালো, এটা চৈতানি হাঁহি মাৰি,কৈ ',"মই নো ' বিয়া পাতিছো ", ইমান ভুকত আছো,অলপ ভোগ কৰো বুলিহে তোমাক আনিলো,টকা যিমান লাগে 'বা, এতিয়া আহা মোৰ ওচৰলৈ"
বুঢ়াই মোৰ ওচৰলৈ চাপি আহিল।মই ক্ষিপ্ৰতাৰে মোৰ বেগত হাত ভৰাই লোৰ স্পিং দাল ওলোয়াই বুঢ়ালৈ তোৱালো"চুপ বুঢ়া,আৰু আগবাঢ়ি নাহিবি ,নহ'লে এইদালেৰে নেলু চিঙি আনিম।"
 বুঢ়াই অলপো ভয় নাখাই হাঁহি মাৰি কৈ উঠিল," তোমাৰ কোমল হাতত এইবোৰে শোভা নাপায়,আহাচোন অলপ সময়ৰ কথা হে,বাহিৰত মোক বুঢ়া যেন দেখিলেও তোমাক ভালদৰে মৰম দিব পৰা শক্তিকন মোৰ আছে নে নাই চোৱাহি?"
কোনোবা পাকত মোৰ স্পিংদাল ধৰি হাতৰ পৰা এৰুৱাবলৈ ধৰোতেই,,মই ভৰিৰে বুঢ়াক এটা গুৰ দিলো।বুঢ়া গৈ বিছনাৰ বাৰত উফাল খাই পৰি চকু জপাই দিলে।
     স্পিংদাল বেগত ভৰাই কেনেকৈ ক্লিনিক পালোহি নিজে ' নোৱাৰো। পাছদিনা দিনৰ ডিউতিত আহোতে বুঢ়াক ক্লিনিকৰ বিছনাত পালো, কালি পিছল খাই ঘৰতে পৰিলে বোলে।



নীৰুজা বৰা
    

No comments:

Post a Comment