বেটুপাত

বেটুপাত

Sunday, 24 September 2017

মনত পৰে কিছু কথা

ভাল লগা দৃশ্যবোৰ
হৃদয়ত খোদিত হয়
নীৰৱতাত হেন্দোলনি তুলি
মোৰ মনটোক জীপাল কৰে

নজনাকৈ ভাল লাগি যায় 
কিছুমান দৃশ্যৰ খেল
সাঁচিপাতত লিপিৱদ্ধ কৰিব পৰা 'লে 
সুখেৰে কটালোহেঁতেন জীৱনটো।

তৃপ্তি বিলাসী নহওঁ 
নহওঁ নিষ্ঠুৰ মানৱ
মৰমৰ এনা়জৰীত বান্ধ খাই 
সৰল জীৱনটো উপভোগ কৰিম।

আজি  কোন দিশত 
মোৰ জীৱন যাত্ৰাৰ ৰথখনি
চালকবিহীনভাৱে গৈ আছে 
অনিদিষ্ট লক্ষ্যস্থানৰ অভিমূখে

এৰি অহা দিনৰ স্মৃতিবোৰত
বহু আশা থাকি আহিল
মনত পৰে কিছু কথা 
পোৱা নোপোৱা হিচাপৰ সময়ত।

বিজু চেতিয়া
মাকুম

৮০১১১৩৩৬৭৫

No comments:

Post a Comment