বেটুপাত

বেটুপাত

Sunday, 24 September 2017

বিশ্ব শিল্পী-২

চকুত ছবি ভাল
বিশ্ব শিল্পী নুবোলে কাক |
অজস্ৰ জনেও শূন্য হাতে আহি...
আদৰি আনিব তাক |
বধিৰ-পঙ্গু বুলি বাদ নপৰে কেও
সকলো বিশ্ব শিল্পীৰ কলি
স্বদেশক সন্মান কৰা বিশ্ব শিল্পীৰ
সেই শিহৰণ..,
ময়ুৰেও ছালি ধৰি নাচে উলাহত |
কবিতাৰ বাবে কবি নহয় বিশ্ব শিল্পী
চাৰু কলাৰ বাবেও নহয় চিত্রকৰ বিশ্ব শিল্পী
কেৱল মানুহ হয়...
মানৱীয় গুণৰ বাবেহে আজীৱন বিশ্ব শিল্পী |

লক্ষী প্ৰসাদ ৰেগন 
মাজুলী

৮৪৮৬৭৭৩২০২

No comments:

Post a Comment