বেটুপাত

বেটুপাত

Sunday, 24 September 2017

মুখ্য সম্পাদকৰ কলমত


"যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা
নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নম :"

প্ৰচণ্ড শক্তিৰে শক্তিশালী মা দুৰ্গা আজি বাৰু সচাকৈ দু্ৰ্বল হৈছে নেকি ?? কালৰ প্ৰাকচক্ৰত পৰি মহিসাসুৰ পুনৰ হৈ উঠিছে নেকি বলীয়ান??
দৈনন্দিন শত-সহস্ৰ নাৰী নিৰ্যাতনৰ ঘটনাই জুৰুলা কৰা দেশ আমাৰ ভাৰতবৰ্ষ। চৰকাৰী আইনেও যেন দৌৰাত্ম কমাব পৰা নাই এই মহিসাসুৰৰূপী অসুৰ মানুহবোৰৰ।
সাৰ্মথ্যৰ ভিতৰত নাথাকে আমাৰো একো। থাকে মাথো এটি হুমুনিয়াহ, জ্বলি উঠে মাথো স্মশানৰ চিতা আৰু ৰাস্তাত কিছুমান খেৰৰ মূ্ৰ্তি পুতলা।
সেয়াই প্ৰতিবাদ আমাৰ শক্তি নিৰ্যাতনৰ বিৰুদ্ধে।

কিন্ত কেতিয়াবা আমিও উত্ৰাৱল হৈ যাও প্ৰতিবাদ কৰিবলৈ। খেৰৰ পুতলাবোৰ জ্বলাইয়ে ক্ষান্ত নাথাকে আমাৰ প্ৰতিবাদী সত্তা। সতীৰ্থক অগ্নিকুণ্ডত সপি দিবলৈ কুণ্ঠাবোধ নকৰা আমিবোৰে আকৌ মাজে মাজে ৰাজপথ কপাওঁ অবৈধ বিদেশীৰ বৈধতা বিচাৰি। সচাকৈয়ে আমি বিচিত্ৰ প্ৰাণী।
আমি মানৱীয়তাক নিজস্বতাৰে বিশ্লেষণ কৰো। আমাৰ ঘৰৰ কাষৰ ভনী জনী লাঞ্চিতা হওতে শুই থকা আমাৰ প্ৰতিবাদী সত্তাটো যেন হঠাতে সাৰ পাই উঠে কোনোবা বিদেশী ৰাষ্ট্ৰই অবৈধ সকলৰ বাবে ব্যৱস্থা ললে। আমি মানৱীয়তা তাত বিচাৰি যাও, কিন্ত আমাৰ সৈন্যসকল শ্বহীদ হলে আমি এটোপালো চকুলো নুলিয়াও। আমি বিচিত্ৰ মানৱ।
আমি মানৱীয়তাক ধৰ্মৰ গোন্ধেৰে শুঙি তৃপ্তি পাওঁ।
দুৰ্গাপূজাৰ দিনা আমি দেৱীক সেৱা কৰি একেখন মণ্ডপতে ছোৱালী জোকাবলৈ বা অশ্লীল ইংগীত দিবলৈ কুণ্ঠাবোধ নকৰো।
বাৰে বাৰে কৈ আছো আমি বিচিত্ৰ প্ৰাণী।
আমি বিচিত্ৰ হৈ থাকিম, কিন্ত এই বিচিত্ৰ জগতত স্থিত হৈ থাকিবলৈ আমি নিজস্বতা হেৰুৱালে নহব। আহকচোন সকলোৱে প্ৰতিজ্ঞা কৰো যে এইবাৰ আমি নিজস্ব স্বকীয়তাৰে তথা মানৱীয়তাৰ গুণেৰে পৰিপূৰ্ণ হৈ এজন সঁচা মানুহ হৈ দেৱীক সেৱা কৰিম
সেই সেৱা হব বিশ্বাসৰ, শক্তিৰ আৰু সন্মানৰ।
শেষত সুবাসৰ মুখ্য সম্পাদকৰ গুৰু দ্বায়িত্ব পালনত হৈ যোৱা প্ৰতিটো ভুলৰ বাবে পাঠকসকলৰ ওচৰত ক্ষমা ভিক্ষাৰে সুবাসৰ সম্পাদনাত মোক সহায় কৰা তথা দিহা পৰামৰ্শ দিয়া সদৌটিলৈ ধন্যবাদ যাচি , সুবাসৰ সমূহ পাঠকবৃন্দক দুৰ্গা পূজাৰ ওলগ যাচি আপোনালোকৰ হাতত তুলি দিলো সুবাসৰ চেপ্তেম্বৰ মাহৰ শাৰদীয় বিশেষ সংখ্যাটি

ধন্যবাদেৰে

দেৱব্ৰত শৰ্মা
মুখ্য সম্পাদক


সুবাস

অৰণ্য মানব যাদব পায়েং



  সুবাস আলোচনীৰ কাৰ্যবাহী সম্পাদক কৌস্তুভ বৰায়ে ফোনযোগে গ্ৰহণ কৰিছিল অসম গৌৰৱ অৰণ্য মানৱ যাদৱ পায়েং দেৱৰ এক সাক্ষাৎকাৰ।
  
    তেওঁলোকৰ মাজত বহু সময় ধৰি হোৱা কথাবার্তা সমূহ সম্পাদিত ৰূপত প্ৰকাশ কৰা হ'ল।
প্ৰশ্ন:- ছাৰ আপোনাৰ জন্ম স্থান আৰু চন কি আছিল?

উত্তৰ:-মোৰ জন্ম ১৯৫৯ চনৰ ৩০ নৱেম্বৰত বৰঘোপ বৰনৈ চাপৰিত।



প্ৰশ্ন:- আপুনি বৰ্তমান অসমৰ তথা সমগ্ৰ বিশ্বৰে এজন জনপ্ৰিয় ব্যক্তি,কিন্তু আমি জনাত আপোনাৰ সৰু কালতো ইমান সুকলমে অতিবাহিত হোৱা নাছিল,আপোনাৰ জন্মৰ বিষয়ে জনাব নেকি?

উত্তৰ:-ল'ৰালি কালতো মই বহু দুখ কষ্টৰ মাজেৰে পাৰ কৰিছোঁ।মোৰ জন্মস্থানটো ঐতিহাসিক স্থান আছিলে।মোৰ জন্মহোৱা মৰ্গ সুঁতি নামৰ স্থানত ১৮২৬ খ্ৰীষ্টাব্দত য়াণ্ডাবুসন্ধিৰ আগত বৃটিছ আৰু মানৰ মাজত তয়াময়া ৰণ লাগিছিল।কিন্তু মোৰ বয়স 6 বছৰ মান হওঁতেই ১৯৬৫ চনত এক প্ৰলয়ংকাৰী বানে আমাৰ গাঁও খন ১০ কিলোমিটাৰ উটুৱাই নিয়ে।বৃটিছৰ দিনৰ জাহাজ ঘাট,ৰেল ট্ৰেক উটুৱাই নিয়ে।গোটেই গাঁও খনৰ মানুহবোৰ সকলো চেদেলিভেদেলি হৈ পৰিলে।মই যোৰহাটৰ এজন কোৰ্টৰ জৰ্জৰ ঘৰত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে থাকি পঢ়িবলৈ ললোঁ।

প্ৰশ্ন:-আপুনি প্ৰকৃতিক ভাল পাবলৈ কেনেদৰে শিকিছিল?

উত্তৰ:-মই পঢ়া প্ৰাথমিক বিদ্যালয়ৰ কাষতেই ডঃ যাদুনাথ বেজবৰুৱা নামৰ এজন কৃষি বিজ্ঞানী আছিলে।তেওঁৰ তেওঁৰ ল'ৰা ছোৱালী মোৰ লগত একেখন বেঞ্চতে বহি পঢ়িছিল।তেখেতে আমাক শিকাইছিল গছক ভাল পাবলৈ,প্ৰতিপাল কৰিবলৈ,মৰম কৰিবলৈ।

প্ৰশ্ন:-আপুনি কেতিয়াৰ পৰা বৃক্ষ ৰোপণ আৰু প্ৰকৃতিৰ প্ৰতিপাল কৰিবলৈ আৰম্ভ কৰিছিল?

উত্তৰ:-মোৰ পানীয়ে খহাই নিয়া জন্ম স্থানটো সেই সময়ত বালিচৰলৈ পৰিৱৰ্তন হৈছিল।১৯৭৯ চনত অহা এক প্ৰলয়ঙ্কৰী বানে তালৈ বহুতো জাৱৰ কঢ়িয়াই আনিছিল,আৰু তাৰ লগতে শতাধিক সাপ কঢ়িয়াই আনিছিল।জেঠ মাহত হোৱা প্ৰচণ্ড খৰ আৰু গৰমৰ বাবে সাপ বোৰৰ মৃত্যু হৈছিল।সেই সাপৰ মৃত্যুত মৰ্মাহতহৈ মই এজন দেউৰী সম্প্ৰদায়ৰ ব্যক্তিক সাপ বোৰ নমৰিবৰ কাৰণে কি ব্যৱস্থা কৰিম সোধাত তেওঁ বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো অর্থাৎ বাঁহ ৰুবলৈ পৰামৰ্শ দিয়ে।মই ৫০ টা বাঁহৰ মুঢ়া আনি সাপ মৰা ঠাই ঘেৰিলৈ তাত ৰোপণ কৰিছিলোঁ।লাহে লাহে ৩৬ টা বছৰ পাৰ হ'ল,সেই বাঁহৰ মুঢ়া ৰোৱাৰ পৰা বৰ্তমান এক অতব্য অৰণ্যত পৰিৱৰ্তন হ'ল।

প্ৰশ্ন:-বৰ্ত্তমান আপোনাৰ অৰণ্য খনত গছৰ বাহিৰেও অন্য কিবা জীৱ জন্তু আছে নে ?

উত্তৰ:-হয়,তাত বৰ্তমান ঢেকীয়াপতিয়া বাঘ,শতাধিক হৰিণা,ডেৰশ মান হাতী,গড়,বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু,চৰাই আদি আছে।তালৈ প্ৰত্যেক বছৰে অসংখ্য।পৰিভ্ৰমী চৰাই আহে।

প্ৰশ্ন:- সামাজিক ভাৱে কিবা বাধাৰ সন্মুখীন হৈছে নেকি?

উত্তৰ:-হয়,হাতী বোৰে যেতিয়া মানুহৰ ঘৰ ভাঙিছিলে তেতিয়া মানুহে মোক মাৰিবলৈও আহিছিল।হাজাৰ হাজাৰ মানুহে অৰণ্যৰ গছ কাটিবলৈও আহিছিল।কিন্তু মই প্ৰতিবাদ কৰি প্ৰথমে মোক কাটিব লাগিব বুলি কৈ বহু বাকবিতন্ডাৰ পাছত অৰণ্য খন বচাবলৈ সক্ষম হৈছিলোঁ।সেই সময়ৰ অসমৰ কংগ্ৰেছ চৰকাৰে হাবি খন ধ্বংস কৰি তাত ঘৰ মানুহক ৯৬ ঘৰ মানুহ পুনঃ সংস্থাপন দিবলৈ চক্ৰান্ত কৰিছিল।সেই বোৰ বহুতো কষ্টৰে ৰাষ্ট্ৰপতিৰ লগত যোগাযোগ কৰি অৰণ্য খন বচাবলৈ সক্ষম হৈছিলোঁ।মই অসমৰ বাহিৰত থাকোতে অৰণ্য খনৰ ভিতৰৰ গঁড় হত্যা কৰা হৈছিল।যি কাৰ্যয়ে মোক বহুত কষ্ট দিছিলে।

আপুনি এতিয়ালৈকে কি কি সন্মান বা বটা লাভ কৰিছে?
উত্তৰ:- অসমৰ কোনো বিশ্ববিদ্যালয় বা চৰকাৰে কোনো ধৰণৰ সন্মান নিদিয়াৰ পাছত ৩০ বছৰৰ মুৰত অসমৰ তথা সৰ্বভাৰতীয় সংবাদ মাধ্যমে মোকলৈ বাতৰি সম্প্ৰচাৰ কৰিবলৈ লোৱাৰ পাছত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে মোক বিশ্ব ধৰিত্ৰী দিৱসৰ দিনা মাতি লৈ গৈ প্ৰথম বাৰৰ বাবে "ভাৰতৰ অৰণ্য মানৱ"(Forest Man Of India) সন্মান দিছিল।অসমত ৩ খনকৈ বিশ্ববিদ্যালয়,নিচেই কাষতে চাহ গৱেষণা কেন্দ্ৰই থকাত পাছত কোনো এখনে মোক কোনো দিনে পৰিবেশ সংৰক্ষণ সম্পৰ্কে এবাৰো যোগাযোগ নকৰাৰ বাবে মোৰ অতিকৈ দুখ লাগিছিল।প্ৰাক্তন ৰাষ্ট্ৰপতি এ.পি.জে আব্দুল কালাম দেৱে আঢ়ৈ লাখ টকাৰ চেক দি মূৰত হাত ফুৰাই কৈছিল,"বিশ্বৰ আটাইতকৈ ভাল কাম কৰাৰ বাবে তোমালৈ এই উপহাৰ প্ৰদান কৰিলো ।"
     অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং দেৱে পোৱা সন্মান সমূহৰ কিছু অংশ।
১) ২০১০ ত ২৫ জানুৱাৰী ধৰিত্ৰী দিৱসত "ফৰেষ্ট মেন অৱ ইণ্ডিয়া" সন্মান পাইছিলো।

২) ২০১৫ চনত পদ্মশ্ৰী বটা লাভ কৰিছিলো।

সুবাস আলোচনীৰ বিষয়ে দুৱাষাৰ

উত্তৰ: মই সুবাস আলোচনীখন অলপ চাইছো। ভাল হৈছে। তোমালোকে আগলৈও চেষ্ট অব্যাহত ৰাখা। তোমালোকে দেশৰ হৈ এই মনোবৃত্তি ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰসাৰত গুৰুত্ব দিয়া আৰু লগতে সাধাৰণ ৰাইজৰ বাবে কাম কৰা। এয়াই মোৰ আশা থাকিল।


সম্পাদকীয়

        শৰৎ! যেন এক শব্দ নহয়, এক মায়া শৰতৰ বুকুতেই যে শুই থাকে কত আৱেগ  কত অনুভৱ মাথো এটি ঋতু নহয় , শৈশৱৰ ধেমালি আৰু কৈশোৰৰ সপোনেৰে শৰৎ এক জীয়া নষ্টালজিয়া। শৰৎ মানেই পুৱতি নিশাৰ একোচ শেৱালিৰ সুবাস আৰু তাক বুকু জুৰাই উশাহত ভৰাই লোৱাৰ হাবিয়াস
     শৰতৰ মাদকতাক সুঁৱৰি দূৰ্গা পূজাৰ কথা নকলে যেন আধৰুৱা হৈ ৰব শৰৎ। সেই এমাহৰ আগৰে পৰা নতুন কাপোৰৰ আপত্তি কৰি উৎপাত কৰা, দেৱী দৰ্শন কৰিবলৈ ৰাতিপুৱাই নতুন কাপোৰ পিন্ধি সাজু হোৱা আৰু মা-দেউতা বা ঘৰৰ কোনোবা ডাঙৰৰ হাতত ধৰি পূজা মণ্ডপবোৰ ঘূৰি ফুৰা, কিলাকুটিৰ লৈকে ৰস বোৱাই জেলেপী খোৱা  পৃথিৱীৰ কোনো দুখ কষ্টই ঢুকি নোপোৱা সেই সোণালী শৈশৱ !
    শৰৎ প্ৰতিজন ব্যক্তিজীৱনৰ এক অবিচ্ছেদ্য অংগ প্ৰতিটো অবুজ মনৰ ৰামধেনু স্বপ্ন এতিয়াও শৰৎ আৰু শেৱালী বুলিলেই মনটো যেন কোনোবা খিনিত শিহৰিত হৈ পৰে , উৰি যাব খুজে আৰু উৰুৱাই নিব খুজে আমাক, যান্ত্ৰিকতাৰ পৰা নিঁভাজ সৰল জীৱনলৈ
    সকলো লৈকে এবোজা শেৱালী কোমল আন্তৰিকতা আৰু দূৰ্গা পূজাৰ শুভ্ৰ শুভেচ্ছাৰে.......

                                    
 কাজল প্ৰিয়া
 সম্পাদক

প্ৰেমিকালৈ চিঠি

মৰমৰ 
      
শাৰদীৰাণীৰ পৰশত প্ৰকৃতি জীপাল হোৱা দেখি মনটোৱে আকৌ ৰিঙিয়াই মাতে...এজাক আৱতৰিয়া বৰষুণত তিটিব খোজে। বুজিও বুজিব নোখোজে, অশান্ত! শেৱালি শেৱালি কোমল পৰশ বোৰে হিয়া খন  থুকুছি যায়। মনত পৰে !
        তোমাৰো চাগৈ মনত পৰে ,নপৰেনে? বুজিবৰ ওচৰ চাপিও শ যোজন দূৰৈৰ পৰা চাই ৰও মুক্ত আকাশত উৰি ৰোৱা আপোনভোলা এটি বাউলি বিহংগ।নিসংগ! কব খোজা কথা সামৰি উভতাৰ সময়ৰ দুই চকুৰ ইতিহাস ৰুমাল কেইখনে সাঁচি ৰাখিছিল সংগোপনে। বাউলি চুলিৰে লগ পোৱা প্ৰতিটো দিন মোৰ বাবে এতিয়াও কেইপল মানৰ আবেলিৰ দৰেই সজীৱ। পুৱাৰ শেৱালি পাহিৰ দৰেই ফটফটীয়া।
        তোমাৰ দুচকুৰ আঁৰে আঁৰে মই এখন অৰণ্য আবিষ্কাৰ কৰিছিলোঁ । যত মোৰ অবাধ বিচৰণ । এবাৰ দেখাৰ আশাত তোমাক। কেতিয়াও সাহস হোৱা নাছিল তোমাৰ গভীৰ দুচকুৰ গভীৰ সাগৰত জোবোৰা মাৰিবলৈ। 
        নিজক বিচাৰিবলৈ বহু সময় লাগিল জানা !নহলে চাগে ইমান পৰৰ প্ৰয়োজন শূণ্য আছিল।কিন্তু কি কৰিবা জীৱন সেইদিনাৰ পৰাহে আৰম্ভ কৰিলোঁ যিদিনা কাৰোবাৰ কাষত নিজৰ উপস্থিতি অনুভৱ কৰিছিলোঁ । 
        নিশব্দ নিশাবোৰক সুধি সুধি ভাগৰি পৰা বহু সময়ৰ অন্তৰ ফল তোমাৰ ফোনৰ আনটো মোৰৰ শব্দহীনতা। চকুৰ পতাত ওলমি ৰোৱা মোৰ ভাৱনাত অংকিত নাম এটি ।

ইতি
তোমাৰ মই


দিব্য জ্যোতি ভূঞা

এক অপুলকিত আমেজ


কিমান আন্তৰিকতা 'লে আত্মীয়তা গঢ়ি উঠে এই কথা মুন মনে নাজানে হয়তো নাজানে কোনেও কিন্তু এদিনতে মাত্ৰ ক্ষন্তেক সময়তে তাক মনৰ মাজত লৈ কেনেকৈ আত্মীয়তা গঢ়ি দিলে তাই ??
         সেইদিনা আছিল দেওবাৰ দেওবৰীয়া ব্যস্ততাৰ মাজত থাকিও তাই পাহৰি যোৱা নাছিল তাই ছোৱালী পিংকিৰ ৰাভা দিৱসত নৃত্য কৰিবলগীয়া নৃত্যৰ প্ৰশিক্ষক গৰাকীৰ ওচৰলৈ লৈ যাব লগীয়া কথাটো কামৰ মাজতে এই চিন্তাটোৱে তাইক বৰ আমনি কৰি আছিল সেয়েহে তাই ঘৰৰ সকলো কাম-বন সামৰি দিনৰ প্ৰায় ১১ মান বজাত ওচৰৰ এগৰাকী নৃত্য প্ৰশিক্ষকৰ ওচৰলৈ পিংকিক লৈ ' মুন মুন গৈ প্ৰশিক্ষক গৰাকীক অনুৰোধ কৰাত তেওঁ সহাঁৰি জনাই পিংকিক নৃত্য শিকাবলৈ ধৰিলে নৃত্যৰত অবস্থাতে প্ৰশিক্ষক গৰাকীৰ ঘৰলৈ এজন অতিথিৰ আগমন ' বিভিন্ন কথা বতৰাৰ মাজৰে মুন মুনেও চিনাকী হৈ পৰিল অজান জনৰ লগত কিন্তু এয়া কি ? মুন মুনে মনে -মনে বৰ আচৰিত হৈ পৰিল তেওঁৰ কথা-বতৰা ; চাল -চলন ; ভাব -ভংগীত যেন ইমানদিনে মুন মুনে বিচাৰি থকাজনৰহে আৰ্বিভাব ' অৱেশ্য তেওঁৰ লগত বিশেষ কথা বতৰা পতা নাছিল যদিও যেন কিহবাই 'ৰবাত মুন মুনক খুন্দিয়াই দিছিল
          নাম নজনা অনুভূতি কিছুমানে মুন মুনক আমনি কৰিবলৈ ধৰিছিল সকলো থকাৰ পিছতো যেন কিবা এক শুণ্যতাই তাইক খেদি ফুৰিছিল ইতিমধ্য তাই সেই অজানজনৰ সম্পূৰ্ণ ঠিকনা তাই বিচাৰি পাইছিল
পিংকিৰ বিদ্যালয়ত তেওঁক দেখা পাই তাই তেওঁৰ সকলোবোৰ পথ পাইছিল প্ৰতিমাহে নিদিষ্ট কোনোবা এটা দিন তাই সেই অজানজনৰ মুখামুখী হৈছিল লাহে লাহে তেওঁৰ লগত মুন মুনৰ কথা-বতৰা 'বলৈ ধৰিলে তেওঁক লগ পালেই মুন মুনৰ বুকুৰ ধপধপনি ইমানেই বৃদ্ধি পাইছিল যেন তেওঁ লগত তাই বহুদূৰ আগুৱাই গৈছিল আকৌ তাই নিজকে নিজে প্ৰশ্ন কৰিছিল ধেৎ ; তাই এইবোৰ কি ভাবিছে তাই এজন 'ৰাৰ একো নজনা নুশুনাকৈ এইবোৰ কি ভাবিছে তেওঁ গম পালে বাৰু তাইক কি বুলি ভাবিব কিন্তু মুনমুনে নিজকে শান্ত কৰিব পৰা নাছিল সেই অজনা নামৰ সত্তাটোৱে তাইৰ হৃদয়ৰ গভীৰলৈ অধিকাৰ কৰিছিল
        এদিন কোনো এক বিশেষ অনুষ্ঠানত তেওঁক লগ পাই তেওঁৰ লগত বহুসময় কথা-বতৰাত মগ্ন হৈ আৱেগ -অনুভূতিৰ সঞ্চাৰ যেন আৰু গ্ৰাহ হৈ পৰিল মুন-মুনেও সেইদিনা খুলি দিছিল ইমান দিনে জোৰকৈ বন্ধ কৰি ৰখা হিয়াৰ অগল
     ইটোৱে-সিটোক মাজে-মাজে লগ পোৱাৰ উপৰিও প্ৰায় Online যোগেদিও লগা-লগি হৈ খা-খবৰ লৈ থাকিল দুয়ো সুখ -দুখৰ কথা -বতৰাৰো সংগী হৈ পৰিল মুন মুনে কেতিয়াবা ভাৱে কিয় কিয় এনে ' এনেকুৱাটো ' নালাগিছিল ।স্বামী আৰু সন্তানৰ সৈতে তাইৰ এখন ভৰা সংসাৰ
তাৰ পিছতো আগতে কোনোদিন লগ নোপোৱা এজনৰ লগত তাইৰ কিয় ইমান বন্ধুত্বৰ  ঘনিষ্ঠতা হৈ পৰিল কেনেকৈ সম্ভৱ এয়া ? এয়া যেন এক স্পৰ্শবিহীন এক বান্ধোনতা নাই তাত কোনো কুলষতা ; নাই তাত কোনো পাপ মাথোঁ এক এৰাব নোৱাৰা এক বান্ধোন
       তাৰ উত্তৰো তাই নিজে বিচাৰি পায় ! তাই স্বামীয়ে তাইক অলপো কষ্ট নোপোৱাকৈ প্ৰাচুৰ্য্যৰ মাজৰে বুৰাই ৰাখিছে কিন্তু এই প্ৰাচুৰ্য্যৰ মাজতো যেন তাই কিবা একৰ অভাৱ তাই স্বামী চাকৰিসূত্ৰে থাকে বাহিৰত মুনমুনক সংগ দিবলৈ তেওঁৰ হাতত মাথোঁ সময় মাহেকত দুইৰপৰা চাৰি দিন মাত্ৰ তাৰ পাছত তাই আকৌ এক অকলশৰীয়া তাই এই কথাবোৰ নিজৰ মাজতে সাঁচি ৰাখে দূৰৰ পৰা সকলোৱে তাইক সুখী দেখাৰ দৰে তাইয়ো দেখাবলৈ সদায় সুখী যেনেই হৈ থাকে সকলো সময়তে হাঁহি মাতি যুক্তিপূৰ্ণ তাই মনে বিচৰা মানুহজন হয়তো তাই বিচাৰি পোৱা নাছিল সেয়েহে হয়তো মুনমুনৰ স্পৃহাৰ বৃদ্ধি হৈছিল যিবোৰক লৈ তাই ইমান দিনে এক সপোন দেখি আছিল অকথিত দুখ আৰু ক্ষোভে তাইক হেঁচি ধৰিছিল
টকা -পইচা ; মাটি সম্পত্তি এইবোৰেই নহয় ; সকলো সময়তে মানষিক সংগও বিচাৰে ; হয়তো মুম-মুনৰ এইবোৰ অলপ কমি আছিল সেইহে বুকুৰ মালি হৈ থকা কোণত সেই অজনা জন থিতাপি লৈছিল এক বন্ধুত্বৰ আমেজেৰে অজনা জনৰ স্পৰ্শবিহীন আমেজেৰে তাইৰ বুকুৰ শুণ্যতাখিনিক দূৰ কৰি দিছিল
মুন- মুনে মনে মনে ভাৱে তাই বাৰু ভূল কৰিছে নেকি ? নাই …… তাই বিচাৰি নোপোৱা বোৰ বিচাৰি পাইছে ইয়াত আকৌ পাপ কিহৰ ? তাইতো তাইৰ গাহৰ্স্থ্য জীৱন সীমাৰেখা পাৰ কৰা নাই ? মাথো এক অপুলকিত মিঠা সমন্ধহে ; তাৰ বাহিৰেটো আৰু একো নাই ? এক অপুলকিত মিঠা সমন্ধ তেওঁলোকৰ বাৱে যেন বহু উৰ্ধত
খৰাং বতৰত এজাক বৰষুণে যেনেকৈ বসুন্ধৰাক জীপাল কৰে ঠিক তেনেকৈ তাইৰ মাজেৰে ভাঁহি অহা তাৰ সানিধ্যই জীয়াই থকাৰ প্ৰেৰণা দিয়ে তাইৰ বাৱে তাৰ সহচাৰ্য্য ' পৰম প্ৰাপ্তি সেয়ে তাই পাই হেৰুৱা সুৰৰ মুৰ্ছনাত চিৰদিন মগন হৈ থাকিব বিচাৰে


শ্ৰীমতী মঞ্জু বৰা 
কাৰ্বিআংলং(অসম)