বেটুপাত

বেটুপাত

Monday, 14 August 2017

তোমাৰ হৃদয়


ফুলেৰে সজোৱা
মালাৰ দৰে
সুন্দৰ যদি হয় তোমাৰ হৃদয়
জুমি চোৱা জনেও পাব
তৃপ্তি নয়নত,
ওঁঠৰ 'লা তিলত
চুমা এটি আঁকি
পিছত লগ পোৱাৰ
প্ৰতিশ্ৰুতি দিলেও
হৃদয় বিচ্ছিন্ন নহয় তোমাৰ |
নিখুঁত হৃদয়ত--
জহি-খহি যোৱা
প্ৰেমৰ সৰগ গঢ়িলে
জোন-তৰা বিহীন হৈ '
প্ৰতিটো নিশা |
কাৰোবাৰ হৃদয়ত
আত্ম গোপন কৰি
পাহৰিব খুজিছা যদি

অতীতক এবাৰ জুমি চোৱা...


  লক্ষী প্ৰসাদ ৰেগন

No comments:

Post a Comment