বেটুপাত

বেটুপাত

Monday, 14 August 2017

তুমিহীনতা



শব্দৰ মালিতাবোৰ
আজি মৌন হৈ আছে
তুমি নাই যে,
আহিবাছোন আকৌ
ঢৌ তুলি খেলিব
শব্দবোৰে ,,
অনুভৱবোৰ উঠলি উঠিব
আশাবোৰে দেও দি নাচিব
সপোনবোৰৰ আকৌ
পোখা মেলিব
আহিবাছোন এবাৰ
মৌনতাৰ দেৱাল ভাঙি পৰিব
সৃষ্টি হব আনন্দৰ কোলাহল
তোমাৰ আগমনত


 পাপৰি বৰা

 তিতাবৰ

No comments:

Post a Comment