অংক বিষয়টোৰ প্ৰতি মোৰ সৰুৰে পৰা এক অহেতুক ভয়। অংকবোৰ
যেন মোৰ বাবে এক লৰাব নোৱাৰা পাহাৰ।
দশম মান পোৱাৰ পাছত দেউতাই জোৰকৈ ওচৰৰে বৰদলৈ চাৰৰ কোচিং চেন্টাৰত নাম লগাই দিলে।প্ৰথম দিনা ক্লাছ গৈ পালোগৈ। দেখিলো অকল ল'ৰা এজন ৰৈ আছে। অলপ পাছতে চাৰ আহিল। প্ৰথমদিনা অংক লৈ ভয় নাখাবলৈ ক'লে আৰু লগতে আনুসংগিক কথা অলপ কৈ ক্লাছ এৰিলে।
:: তোমাৰ নামটো ?ক্লাছৰ পিছত সি উপযাচি সুধিলেহি।
:: "ইমন। মোৰ নাম আবিৰ । তেনেহ'লে আজিৰ পৰা ফ্ৰেন্দছ।"হাত খন আগুৱাই দিলে সি।
:: উমম। আৰাধ্যা
দশম মান পোৱাৰ পাছত দেউতাই জোৰকৈ ওচৰৰে বৰদলৈ চাৰৰ কোচিং চেন্টাৰত নাম লগাই দিলে।প্ৰথম দিনা ক্লাছ গৈ পালোগৈ। দেখিলো অকল ল'ৰা এজন ৰৈ আছে। অলপ পাছতে চাৰ আহিল। প্ৰথমদিনা অংক লৈ ভয় নাখাবলৈ ক'লে আৰু লগতে আনুসংগিক কথা অলপ কৈ ক্লাছ এৰিলে।
:: তোমাৰ নামটো ?ক্লাছৰ পিছত সি উপযাচি সুধিলেহি।
:: "ইমন। মোৰ নাম আবিৰ । তেনেহ'লে আজিৰ পৰা ফ্ৰেন্দছ।"হাত খন আগুৱাই দিলে সি।
:: উমম। আৰাধ্যা
ঘৰ পাই ফেচবুকএনেই খুলিলো। ফ্ৰেন্দ ৰিকুৱেষ্ট এটা আহিছে। চাই দেখো আবিৰে পঠাইছে। একচেপ্ত কৰি এনেই তাৰ প্ৰফাইল টো চালো।
উৱা ই চোন কবি হয়। কেইবাজনো খ্যাতনামা কবিয়ে তাৰ কবিতাত লাইক কমেন্ট কৰিছে। অলপ হিংসা লাগিল তালৈ।
পিছদিনা ক্লাছত সোমালো । বৰদলৈ চাৰে বুজোৱা বোৰ বুজিব চেষ্টা কৰিছো। সহ সমীকৰনৰ সমাধান কৰিব শিকাইছে।
এই আবিৰটো নহয় । ইমান পটাপট অংক কৰে ।আমি বোৰে ভেবা লাগি চাই থাকোতেই যায়।
বৰদলৈ চাৰতকৈও আগত অংক উলিয়াই দিয়ে।
প্ৰথম ভাবিলো ই মোক ইম্প্ৰেচ কৰিবলৈ কৰিছে চাগে। পিছে নহয় সদাই ই তপাতপ অংক কৰে।
দুদিন মান যোৱাৰ পাছত এদিন তাক ক'লো- ইমান জল্দি কেনেকে কৰা ঔ। তোমাৰ মাথাত কি আছে নো ইমান?"
সি কিবা অকৰাৰ দৰে মুৰ খজুৱাই ক'লে-"এই একে বাৰে সহজ। তুমিও পাৰিবা । মাত্ৰ প্ৰেকটিছ লাগে। চুটি নিয়ম দুটামান আছে মই শিকাই দিম ৰ'ৱা।"
পিছদিনাৰ পৰা সদায় মই নুবুজা থাকিলে তাক সোধো । সি কৰি দিয়ে। আনকি চাৰতকৈও ভালকেহে বুজায়।
এদিন মোক চকলেট এটি দি ক'লে " আজি মোৰ কবিতা এটা প্ৰান্তিকতওলাইছে।তাৰে পাৰ্টী।"মইও হাঁহি এটা মাৰি অভিন্দন জনালো।
দিনবোৰ এনেকৈ গ'ল।তুমিৰ পৰা তই হ'লোগৈ। মাজে মাজে ফেচবুকত কথা পাতো।
লাহে লাহে ক্লাছ শেষ হ'ল। শেষৰ দিনা সি মোক ক'লে-:" ..ইমন অলপ ৰবি চোন কথা আছে। "মইও ৰ'লো তাৰ পিছত সি মোক পৰীক্ষাৰ শুভেচ্ছা দি হাতত কাগজ এখন গুজি দিলে।
ঘৰত মেলি চাই দেখিলো কবিতা কবিতা লগা চিঠি এখন আৰু সি মোৰ ফোন নংটো বিছাৰিছে।
যি বুজিব লগা আছে বুজিলো। লৰালৰিকৈ ফেচবুক খুলি তাক নম্বৰটো দিলো।
এতিয়া মাত্ৰ কেৱল পঢ়া আৰু পঢ়াৰ সময়। কিন্তু মোৰ মনটো জানো কিয় উখল মাখল লাগি আছে। ঘৰৰ ফোন টো বাজিলেই লৱৰি যাও কিজানি তাৰ ফোন আহে।
সদায় লুকাই লুকাই হলেও তাৰ নাম সন্ধান কৰো ফেচবুকৰ নীলা পৃষ্ঠাত। নাই একাউন্ট ডিএকটিভেট
উস বাৰে বাৰে মনলৈ যে তাৰেই ভাবনাবোৰ আহি আছে । পিতিকি মোহাৰি আছো তাৰ আখৰ থকা অংকৰ বহী খন।।।
কৌশিক
ৰনজন বৰা
দেৰগাও
কমল দুৱৰা মহাবিদ্যালয়,
দেৰগাঁও
Nice
ReplyDelete