বেটুপাত

বেটুপাত

Monday, 14 August 2017

অসমী



মোৰ  জননী অসমী আই
মোৰ প্ৰাণৰ  প্ৰথম   প্ৰকাশ  তুমি ,
প্ৰথম  পৰিচয় মোৰ  তুমি .........,,
তোমাৰ  কাৰণেই  মোৰ  চিনাকি ,,
খিলঞ্জীয়া  অসমীয়া  বুলি ..,,,,,।।

 আই,,                                                  
         গৰ্ভকালেও অনুতপ্ত হৈছিলো
                 তোমাৰ  অনুভূতিত ,,
          তোমাৰ  মমতাতেই গঢ়ি উঠিছো,,
                নিজকে মানুহ  কৰি ,,,,,,

জানা  আই.,
            তোমাৰ  কথাকেই  সাৰোগত কৰি,
             পিতৃহীন-মাতৃহীন,লাঞ্ছিত-বঞ্ছিত
            মাৰোৱাৰীবিহাৰী ,বঙালীকো
            সহোদৰ ভাই কৰি ,,লৈছো, একেজনী
মাতৃৰ  সহোদৰতকৈও  আপোন    বুলি ,,

 তোমাৰ  লৰালিৰ জ্ঞানেৰেই
 তোমাৰ  তুলনীয়া হতকো
 একে ৰঙীন  ৰক্তৰ মানৱ ভাবি
 একে  আই কোলাৰে ভাতৃ কৰি
     তোমাৰ  মৰ্যাদা , স্বাভিমানৰ
        প্ৰহৰী   পাতিছো ,,,,__

একে মাটিৰ মানুহ  জ্ঞান কৰি ,
বাৰীৰ ঢাপৰ মাটি টোকোৰাও
           দি থৈছোঁ আই,,,,,,।।

কিন্তু ,
          কিন্তু তোমাৰ কথাৰ এটি কলি
    আজিহে উপলব্ধি  কৰিব পাৰিছো আই,
যে   " উপকাৰীক অজগৰে খায় " ।।


আই ,তোমাৰ আঘাতৰ বিষ
         মোৰো  অনুভৱ হৈছে ,
          তোমালৈ নিক্ষেপ কৰা
    তোলনীয়াহঁতৰ শিলৰ টুকুৰাই......,
          মোকো আঘাত  কৰিছে ,,,

 সহস্ৰজনৰ    চিনাকি মূখ,,,
মোৰেই আপোন ককাইদেউ .,,,
ভূপেন কাইৰ প্ৰতি কৰা অপমানে,
মোৰ ক্ষোভৰ শিখাডাল জ্বলাই দিছে ।।

আকৌ ,
       সহোদৰৰ ডিঙিৰ বস্ত্ৰ আনি গছকি -মোহাৰি....
মোকে হাঁহ মোহাৰি দিয়া যেন লাগিছে আই।

আজি যেন মই আৰু  আপোন মানুহ
 এডিঙি পানীত ডুবি  আছোঁ ,,,,_
দলনিৰ জোকৰ দৰে .....
        তেজ সুহিছে আমাৰ ,,,
ৰৈ আছে,,
        বাৰীৰ পকা আম বেচিবলৈ,
        আম পকালৈ চাই,,
পৰিবৰ্তনকামী খেতিয়কসকলেও
   "  তাতে  আকৌ 
       বিলাতী আমৰ বেহা কৰাৰ হেপাহঁ,,,

আই, তোমাৰ তেজৰ ৰঙেৰেই
   ফাকু খেলাৰ সাধনা কৰিছে সিহঁতে ,,
তোমাৰ বিৰহৰ চকুলোৰে ৰঙৰ মূখ ধুব 
       সিহঁতে ,,________,,,,

আজি মই আৰু নোৱাৰিছো আই,,
তোমাৰ আঘাতে মোৰ কলিজাতো দাগ সানিছে,,,,,,,,,,,,,

তোমাৰ কাতৰ চিঞৰে
 মোৰ  অন্তৰ কুম্ভ কৰ্ণও যাগি উঠিছে ,,

আৰু  নহব  আই,,,,,,,
        আৰু   নহব...............................।।।

থানু বৰুৱা

No comments:

Post a Comment