বেটুপাত

বেটুপাত

Monday, 14 August 2017

ৰং



তাৰিখতে সময়বোৰ লুকাই থাকে
লুকাই থাকে অনুভূতিবোৰ
গাপ মৰা জুইকুৰায়ে
সময় - অসময়
চকুলো নিগৰাই
হাঁহিৰ জোৱাৰ উঠাই

এতিয়াওঁ
দুৱাৰ - খিৰিকীৰ খোলা
মাত্ৰ পৰিবৰ্তন পিন্ধন - উৰণত
আজি আৰু কালিৰ মাজত

এতিয়াওঁ
সন্ধিয়াৰ বতাহ জাকৰ লগত
খিৰিকীৰ কাষৰ আৰামি চকি খনে
মাজে সময়ে কথা পাতে

বোৱতি নৈয়ে নিজৰ পথ নিজে বাছি লয়

আলমাৰিত জাপি থোৱা
পুৰণি কাপোৰ বোৰৰ মাজত
বহু কথাই লুকাই থাকে
পুৰণি পুৰণি আপোন আপোন ৰং বোৰ

স্মৃতিৰ মিউজীয়ামত
ৰংবোৰ সাঁচি থোৱা হৈছে
মৰম লগা
সেমেকা
মন চুই যোৱা

পাৰবিজু হক

বোকাখাত

No comments:

Post a Comment