বেটুপাত

বেটুপাত

Monday, 14 August 2017

মই বনমলা


তৃতীয়  খণ্ড


অম্ৰাপুৰীত ৰজা বৃহমলৰ ৰাজদৰবাৰ বহিছে ভৱ্য ৰাজপাটত বহি ৰজাই ৰাজকাৰ্য্য পৰিচালনা কৰিছে কিন্তু ৰজাৰ মনৰ স্বাভাৱিক আনন্দকন মুখত বিৰিঙি উঠা নাই ঘন ঘনকৈ মুখৰ ঘাম মচিছে সভাসদৰ সকলোৰে মনত তীব্ৰও গভীৰ উৎকণ্ঠা বিৰাজ কৰিছে কোনেও যেন কাৰো মুখলৈ চাব নোৱাৰা হৈছে মানুহবোৰ অস্বাভাৱিক ভাৱে গহীন হৈ আছে যেন সকলোৱে আসন্ন বিপদ এটাৰ সংকেতত ত্ৰস্তমান যেন ভয়ত অন্তৰাত্মা কপি উঠিছে সকলোৰে হৃদয় অম্ৰাপুৰীৰ পৰিচ্ছন্ন আকাশত কলীয়া মেঘৰ ঘন আচ্ছাদন

তেনেতে দুৱৰীয়ে আহি ৰজাক চালাম জনালে    " মহাৰাজ , প্ৰতিৰক্ষামন্ত্ৰী মহোদয়ে আপোনাৰ দৰবাৰত হাজিৰ হোৱাৰ অনুমতি বিছাৰিছে "
তেখেতক সন্মান সহকাৰে আহিবলৈ দিয়া
ৰজাৰ মনত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল সেয়া যে নিশ্চিত বিপদৰ সংকেত হয় বুজি উঠিল। তথাপি মনত সাহসৰ ভাৱ আনি প্ৰতিৰক্ষা মন্ত্ৰীক স্বাগতম জনালে "মন্ত্ৰীবৰ কওক , বৰ্তমানৰ স্থিতি "
মহাৰাজ , খবৰ যথেষ্ট গম্ভীৰ পদ্মাসুৰে নিজৰ পাঁ  লক্ষ্য সৈন্য দহখন ৰাজ্যৰ অন্য মোটা সৈন্যবাহিনী লৈ আমাৰ ৰাজ্যৰ নিকটবৰ্ত্তী পাহাৰত শিবিৰ স্থাপন কৰিছে তেওলোক খুব কম সময়ৰ ভিতৰত আমাৰ ৰাজ্য আক্ৰমন কৰিব পাৰে গুপ্তচৰৰ খবৰ অনুসৰি তেওলোকৰ দুতে আহি অচিৰেই আমাৰ দৰবাৰত আত্মসমৰ্পন কৰাৰ বাবে ফৰমান জাৰি কৰিব
সন্মানীয় সভাসদ মই আকৌ আপোনাসৱক উনুকিয়াব বিচাৰিছো যে মই কোনো অযথা ৰক্তপাত বিচৰা নাই কিন্তু কোনোবাই যদি আমাৰ ভৌগোলিক অখণ্ডতা সাৰ্বভৌমত্বৰ ওপৰত আঙুলি টোৱাই তেন্তে সেই আঙুলি হয় কাটি দিয়া হব নহয় নিজৰ ডিঙি কাটি দিয়া হব । কি কোৱা সভাসদ ?
উত্তম উত্তম সজ কথা সজ কথা আমি আমাৰ স্বাভিমানত আঘাত লগা কোনো কথা সহ্য নকৰো আমি আমাৰ প্ৰাণ দিম কিন্তু মান নিদিও আমি আমাৰ সন্মান , অধিকাৰ বচাবৰ বাবে যথপৰোনাস্তি চেষ্টা কৰিম
হয় , সুধীবৃন্দ যি ব্যক্তিয়ে নিজৰ অধিকাৰৰ বাবে যুজিব নোৱাৰে সেই ব্যক্তিৰ নিজৰ ক্ষয় ক্ষতিৰ ক্ষতিপুৰণ বিচৰাৰো কোনো কোনো নৈতিক অধিকাৰ নাই গতিকে আমি আমাৰ অধিকাৰৰ বাবে নিশ্চয় যুজ দিম
ৰজাৰ কথাই সকলোৰে মনলৈ অফুৰন্ত মনোবল যে আনি দিলে নিশ্চিত কিয়নো খন্তেক আগলৈকে ভয়ত ম্ৰিয়মাণ হৈ থকা সভাসদ সৈন্যবাহিনীৰ মনলৈ দৃঢ় মনোবল ঘুৰি অহা দেখা গল প্ৰত্যেকৰ মনত যেন দেশপ্ৰেমৰ জোৱাৰ বৈ গৈছে সমস্বৰে তেওলোকে দেশ ৰক্ষাৰ পণ ললে "আমি জীৱন দিম কিন্তু দেশৰ ইজ্জত নিদিও আমি ৰাজকুমাৰী বনমলাৰ সন্মানৰ সতে কাকো খেলিবলৈ নিদিও "
ৰজাই ৰাজ্যবাসীৰ দেশ প্ৰেম ৰাজকুমাৰী বনমলাৰ প্ৰতি থকা মৰম আন্তৰিকতা দেখি অভিভুত হল
তেন্তে আমি যুদ্ধ কৰাৰ সিদ্ধান্ত ঘোষনা কৰিলো জয় অম্ৰাপুৰী জয়
জয় অম্ৰাপুৰীৰ জয় , জয় মহাৰাজৰ জয় , জয় ৰাজকুমাৰীৰ জয়
গোটেই সভাসদ জয়ধ্বনিত উত্তাল হৈ পৰিল সকলোৱে ৰণলৈ সাজু হল হয়তো মৃত্যুৰ উন্মাদনাই বহুতকে বাউলী কৰি তুলিছে
শান্তিপ্ৰিয় অম্ৰাপুৰীত বৰ্তমান মৃত্যুৰ বিভীষিকাই সকলোফালে ছানি ধৰিব ধৰিছে হে ঈশ্বৰ যুদ্ধৰ দ্বাৰা পৃথিৱীৰ কোনটো সমস্যা সমাধান হৈছেনো  ?

গভীৰ নিদ্ৰাৰত কন্যাৰ সুকোমল মূখলৈ কিছুপৰ একান্ত মনে চাই ৰল ৰজা বৃহমল হয় , কি নিশ্চিন্ত ভাৱে স্বৰ্গীয় আভা বিয়পায় কুমাৰী বনমলা শয়ন কক্ষত নিদ্ৰাৰত হৈ আছে যেন কোনো দেৱ কন্যাহে নিজৰ অলৌকিক আভা প্ৰকাশিত কৰি যেন সৌন্ধৰ্য্য দান কৰিব খুজিছে এই সুবিশাল পৃথিৱীক ৰজাই প্ৰত্যেক ৰাতিয়ে এনেকৈ মনে মনে আহি বনমলাৰ প্ৰশান্তি ভৰা মুখখনিলৈ চাই যায়হি ৰজাৰ নিত্য নৈমিত্তিক কৰ্মৰ ভিতৰত এয়াও এক বনমলাৰ মুখলৈ চালেই দিনৰ সমষ্ট ভাগৰ অৱসাদ পলাই পত্ৰং দিয়ে সেয়া দেৱীৰেই বৰদান নে বনমলাৰ নিজা ব্যক্তিত্যৰ ফল তাক ৰজাই ঠাৱৰ কৰিব নোৱাৰে ৰজা কিছুসময় ভাৱুক হৈ যায় আজি বনমলাৰ বাবেই এখন ৰক্তক্ষয়ী যুজ হবলৈ গৈ আছে
ছোৱালীজনীৰ জীৱনটোত বাৰু অলপ শান্তি নিলিখিলেই নেকি ভগৱানে ? কেতিয়াবা তীব্ৰ খং উঠে ভগৱানৰ ওপৰত কি দুখ কৰিছিল সেই দেৱী যেন লগা ফুলকুমলীয়া ছোৱালীজনীয়ে ? কিহৰ অপৰাধত প্ৰতি দিন প্ৰতি পল তাই ভোগ কৰিব লগা হৈছে মাথো যন্ত্ৰনা ? জন্মতে মাতৃহাৰা হোৱা বনমলাৰ পিতৃ মাতৃ উভয়ৰে দায়িত্ব পালন কৰি আহিছে ৰজাই বহুদিন ৰাজপৰিয়ালত কোনো সন্তান সন্ততি হোৱা নাছিল দেৱীক আৰধানা কৰি লাভ কৰিছিল সেই কেচুৱাটো দৈব্যগুনা সম্পন্ন ফুলকুমলীয়া কন্যা শিশুটিৰ জন্ম মুহুৰ্তত মাতৃৰ প্ৰসুতি জনিত কাৰনত পৰলোক প্ৰাপ্তি ঘটিছিল ।সেই তেতিয়াৰ পৰাই ৰজা বৃহমলেই বনমলাৰ পিতৃ মাতৃ সকলো
 ৰজাৰ ভাতৃ সুৰমল আৰু ভাই বোৱাৰী সুজাতালৈ খুব মনত পৰিল সদ্য মাতৃহাৰা বনমলাক বুকুত সোমোৱাই মাতৃৰ মৰম যাচিছিল খুৰীয়েক সুজাতাই সুৰমল আৰু সুজাতাই আৰু কোনো সন্তান কামনা কৰা নাচিল। বনমলাৰ চোৱাচিতাত কেনেবাকৈ হানি বিঘিনি হয় বুলিয়েই খুৰাক খুৰীয়েকে নিজাকৈ সন্তানৰ কথা নাভাৱিলে কি চমৎকাৰ , আশ্চৰ্যচকিত কৰা ত্যাগ বনমলাই কোনো কালে মাতৃৰ অভাৱ অনুভৱ নোহোৱাকৈয়ে অতিক্ৰম কৰিলে নিজৰ শৈশৱকাল মৰমৰ খুৰা খুৰী তত্বাৱধানত বনমলাই সংসাৰৰ সৰ্বোত্তম স্বাচ্ছন্দ্যত জীৱন অতিবাহিত কৰিব ধৰিছিল বনমলাৰ সম্বোধনেৰেই খুৰা সুৰমল আৰু খুৰী সুজাতা হলগৈ ৰাজহুৱা খুৰা খুৰী ৰাইজৰ সকলোৱে মৰমত সুৰমল সুজাতাক খুৰা খুৰী বুলিয়েই মতা হল ৰাজকীয় খুৰা খুৰী
কিন্তু সেই মৰম চেনেহো স্থায়ী নহল কিয়নো দেশৰ জনসংখ্যা বঢ়াৰ লগে লগে ভুমিৰ প্ৰয়োজনো বাঢ়ি আহিছিল প্ৰজাৰ চাহিদা আৰু প্ৰয়োজনলৈ লক্ষ্য ৰাখি মহাৰাজ বৃহমলে ভাতৃক সেই ৰাজ্যৰ পৰা এশ যোজন দুৰৈত অন্য এক ৰাজ্য স্থাপন কৰাৰ অনুমতি প্ৰদান কৰিলে। সেই ৰাজ্যতে বৰ্তমান ভাই সুৰমল আৰু ভাই বধু সুজাতাই অতি সুন্দৰকৈ ৰাজ্য শাসন কৰি আছে।
ভাতৃৰ প্ৰস্থানৰ পিছৰে পৰা বনমলা পুনৰাই মাউৰা হোৱাৰ দৰে হল খুৰা খুৰা , খুৰী খুৰীকৈ দিনতো চিঞৰি চিঞৰি খুৰা খুৰীক বিছাৰি ফুৰিচিল কনমানি বনমলাই ভাত পানী একোৱেই খাব খোজা নাছিল তাই সমষ্ট লিগিৰি গনে অশেষ চেষ্টা কৰিও , ফুচলায়ো বনমলাৰ মুখলৈ হাঁহি ঘুৰাই আনিব পৰা নাছিল বনমলাৰ প্ৰতিটো চিৎকাৰে ৰজাৰ বুকুত এটি তীক্ষ্ন শেলে আঘাত কৰা দি কৰিছিল বৰকৈ মাকৰ অভাৱ অনুভৱ কৰিছিল কিন্তু উপায় যে নাচিল ৰজাই কন্যাক বুকুত সোমোৱাই যিমান পাৰি নিচুকাইচিল ।অৱশেষত যেনিবা খুৰা খুৰী সোনকালেই ঘুৰি আহিব বুলি প্ৰবোধ দি ভাত পানী খোওৱা হৈছিল ৰজাই আজিও বনমলাৰ মন বেয়া কৰিলে নিচুকাই
দেহা 'লা পৰি যোৱাকৈ কথাবোৰে বৰকৈ আমনি কৰে ৰজাই বনমলাৰ পৰিচৰ্য্যাৰ বাবে অসংখ্য দাস দাসী ৰাখি দিছিল কিন্তু বনমলাই নিজৰ দাসী সকলক সখী বুলিহে সম্বোধন কৰিছিল। দাসীবোৰৰ চকুত দেৱীৰ অন্য অৱতাৰ আছিল বনমলা দাস দাসীবোৰৰ তথা সামন্ত বৰ্গৰ আলাসৰ লাৰু আছিল বনমলা ।আচলতে বনমলা যে অকল দাস দাসীবোৰৰে যে আলাসৰ লাৰু আছিল সেইতো নহয় তাই আছিল সম্পুৰ্ন ৰাজ্য খনৰে নয়নৰ মণি , আলাসৰ লাৰু দুখীয়াৰ ধন সমষ্ট দেশৱাসীৰ হৃদয়ত ভগ্নী বা পুত্ৰী ৰূপে বনমলা বন্দিতা আৰু পুজিতা হৈ উঠিছিল ৰাজ্যবাসীৰ বহু পুত্ৰ পুত্ৰী হীনাই নিজকে বনমলাৰ পিতৃ মাতৃ বুলি প্ৰবোধ লৈ সান্ত্বনা পাইছিল ভগ্নী হীনাই ভগ্নীৰ ৰূপত আৰু দেশবাসীৰ আনবোৰৰ চকুত ৰাজকুমাৰী দেৱী স্বৰূপে আদৰ লাভ কৰিছিল
 সেয়েহে আজি সেই ক্ষুদ্ৰ প্ৰদেশ অম্ৰাপুৰীয়ে সমস্বৰে নৰপিশাচ মহাৰাজাধিৰাজ চক্ৰবৰ্তী সম্ৰাট পদ্মাসুৰৰ সতে সংঘৰ্ষত লিপ্ত হবলৈ কিঞ্চিত মানো কুণ্ঠাবোধ কৰা নাই নৰপিশাচ পদ্মাসুৰৰ লোলোপ দৃষ্টি বনমলাৰ ওপৰত পৰিছে সেই অশিতীপৰ বৃদ্ধ অত্যন্ত ক্ষমতাশালী ৰজাজনে পঞ্চাশ খন প্ৰদেশত বিজয় লাভ কৰি পঞ্চাশ জনী কুৱৰী বিয়া পাতিছে ইতিমধ্যে মৰনৰ কাষচপা পদ্মাসুৰৰ কিন্তু লোভ লালসা এতিয়াও অকনো কম হোৱাই নাই। কোনোবা অঘৰীৰ মুখত বনমলাৰ ৰূপ গুনৰ বন্দনা শুনি বৃদ্ধ পদ্মাসুৰৰ কামনা জাগি উঠিল আৰু বনমলাক পাবৰ বাবে উদগ্ৰীৱ হৈ উঠিল কিন্তু অম্ৰাপুৰীৰ ৰাজসভাত সেই প্ৰস্তাৱৰ ভীষন প্ৰতিবাদ হল ভীষন প্ৰতিবাদ হোৱাই নহয় সেই লৈ দুই ৰাজ্যৰ মাজত বৰ্তমান ভীষন যুজৰ আখৰা চলি আছে

ৰজা বাস্তৱলৈ উভতি আহিল বহুপৰ বনমলাৰ শয়ন কক্ষৰ দুৱাৰ মুখত থিয় হৈ ভাৱুক হৈ আছিল ৰজা সম্বিত ঘুৰি অহাত চকু মূখ মোহাৰি লাহে লাহে নিজৰ বিশ্ৰাম গৃহলৈ খোজ ললে

হৰিচৰণ পেগু


ক্ৰমশ..........


No comments:

Post a Comment