বেটুপাত

বেটুপাত

Tuesday, 15 August 2017

মুখ্য সম্পাদকৰ কলমত



স্বাধীনতা আৰু কিমান দূৰ………???
১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতে বিট্ৰিছৰ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। তেতিয়াৰা পৰা প্ৰতি বছৰে ১৫ আগষ্ট তাৰিখটো স্বাধীনতা দিৱস হিচাপে পালন কৰি অহা হৈছে। প্ৰতিজন গৌৰম্বাবিত
দেশবাসীয়ে অতি উলহ মালহেৰে প্ৰতিবছৰে উদযাপন কৰি আহিছে এই স্বাধীনতা দিৱস।
কিন্ত বাৰে বাৰে মনত প্ৰশ্ন উদয় হয় এই স্বাধীনতা কাৰ বাবে?? কিহৰ বাবে এই স্বাধীনতা ?
সাম্ৰাজ্য়বাদ নে মানবতাবাদৰ স্বাধীনতা এয়া ?? স্বাধীনতাৰ ৭১ বছৰ উকলি যোৱাৰ পিছতো কিয় আমি ইমান পিছপৰি ৰ'লো ? ভুলটো ক'ত হৈ '? ইংৰাজসকল গুচি গল। দেশখন আমাৰ নিজৰ মানুহৰ হাতত এৰি থৈ। কিন্ত নিজৰ মানুহখিনিয়ে নো কি কৰিলে?? ইংৰাজে দি থৈ যোৱা স্বাধীনতা উপভোগ কৰিবলৈ আমাক সুযোগ কণ দিলেনে বাৰু??
১৫ আগষ্ট আমাৰ স্বাধীনতাৰ দিন আমিও উদযাপন কৰিব লাগিছিল অতি উলহ মালহেৰে। কিন্ত সৰুৰে পৰা যে স্বাধীনতা দিৱসৰ এখনেই ছবি মনলৈ আহে তাৰ বাবে জগৰীয়া কোন ??
কিয় মায়ে ঘৰৰ পৰা ওলাই যাবলৈ নিদিছিল স্বাধীনতা দিৱসৰ দিনা। স্বাধীনতা দিৱসৰ দিনটোতেই চোন আমি পৰাধীন হৈ সোমাই আছিলো ঘৰত।
আমি চোন আজিও পৰাধীন আগৰ দৰেই এতিয়াও আমি বাচ -বিচাৰ কৰো উচ্চ/ নীচ জাতিৰ, 'ৰা /ছোৱালীৰ, ধনী / নিধনী ৰ।
তেনেহলে আমাৰ স্বাধীনতা কত??
আমি কেনকৈ কব পাৰো স্বাধীন বুলি যিখন দেশত এতিয়াও এটুপি খোৱাপানীৰ বাবে প্ৰজাই কৰিব লাগে হাহাকাৰ ?
যিখন দেশত এবছৰত দুই তিনিবাৰ প্ৰৰ্যন্ত দিশহাৰা হয় জনতা বানপানীৰ ললাত। কেনেকৈ আমি স্বাধীন ??: যিখন দেশত যৌতুকৰ বাবে নিতৌ বোৱাৰী হত্যা হোৱাটো এটা সৰু খবৰ। প্ৰতিদিনে নিযাৰ্তিত হব লগা হয় জীয়ৰী বোৱাৰী। বেমাৰত পৰি বেজ- বাবাৰ ওচৰলৈ গৈ চূড়ান্ত আদিমতাৰ পৰিচয় লৈ জীয়াই থকা সকলোৱে জানো বুজে স্বাধীনতা কি??

            ডাইনী সন্দেহত মৃত্যুহোৱা গৰাকীয়ে নাপায় গুৰুত্ব কোনো চৰকাৰী মিটিঙত বা টিভিৰ টকশ্ব'
            মাথো বছৰেকত এটা দিন মতলীয়া হৈছো, পাৰ্টী কৰিছো আৰু আকৌ পিছদিনা হৈ পৰিছো পৰাধীন কোনোবা মালিক গোষ্ঠীৰ নতুবা কোনো ব্যক্তিৰ। স্বাধীনতাৰ ৭১ বছৰ পিছতো পৰাধীন আমি। আৰ্থিকদিশত, শৈক্ষিক দিশত। আলু গেলাদি গেলিছে চৰকাৰী শিক্ষা ব্যৱস্থা। সঁচা অৰ্থৰ পৰিৰ্বতন আমাৰ কাম্য   জাক জমকতাৰে চমক সৃষ্টি কৰি থাকিলে আমি আৰু পিছুৱাই যাম। সমগ্ৰ দেশৰ প্ৰেক্ষাপতৰ পৰা চালে আমি মূৰ তুলি থিয় দিবৰ 'ল। মই তথাকথিত বিপ্লব বা আন্দোলনৰ কথা কোৱা নাই আমি আত্মনিৰ্ভৰশীল হবৰ 'ল। নিজকে অসমীয়া বুলি প্ৰমাণ কৰিবৰ সময় হল। আন্দোলনেৰে নহয়। কৰ্মৰে। অস্ত্ৰ বিপ্লবেৰে নহয় কৰ্ম বিপ্লবেৰে। মাত্ৰ ছচিয়েল মিডিয়াত নিজকে অসমীয়া বুলি পৰিচয় দি থাকিলে আমি সঁচাকৈ  অধ:পতনে যাম স্বাধীনতা লাভ কৰাটো দূৰৰে কথা।
             শেষত আমি এদিন নিজস্বতাৰে সৈতে জিলিকি উঠি আৰ্থিক স্বাধীনতা, শৈক্ষিক স্বাধীনতা, শস্য উৎপাদনত স্বাধীনতা, ব্যৱসায়িক স্বাধীনতা লাভ কৰি প্ৰকৃতাৰ্থত অসমীয়া হৈ উঠাৰ আশাৰে সকলোলৈকে দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা যাচিলো। লগতে এইটোও আশা ৰাখিলো যে এই স্বাধীনতাই আমাৰ মাজৰ শান্তি সম্প্ৰিতি আৰু ভাতৃত্ববোধৰ এনাজৰি ডাল শক্তিশালী কৰি তুলিব।
            সদৌশেষত যোৱা আগষ্টত স্বৰ্গগামী হোৱা সুবাসৰ সম্পাদিকা কাজল প্ৰিয়াৰ দেউতাকলৈ অশেষ শ্ৰদ্বা তথা সেৱা যাচি, তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভৰ কামনা কৰিলো। লগতে সুবাসৰ সম্পাদনাত তথা প্ৰচাৰত জড়িত সদৌটিলৈ ধন্যবাদ যাচি মুখ্য সম্পাদকৰ গুৰু দ্বায়িত্ব পালনত হোৱা প্ৰতিটো ভুলৰ বাবে পাঠকবৃন্দৰ ওচৰত ক্ষমা ভিক্ষাৰে আপোনালোকৰ হাতত তুলি দিলো সুবাসৰ আগষ্ট মাহৰ সংকলনটি।


            ধন্যবাদেৰে
           দেৱব্ৰত শৰ্মা
           মুখ্য সম্পাদক
            সুবাস
            যোগাযোগ:- 9577428698


No comments:

Post a Comment