বেটুপাত

বেটুপাত

Monday, 14 August 2017

বিপ্লৱ


ডেকাৰ তেজৰ কেঁচা গোন্ধ মোৰ চিৰপৰিছিত
বুকুৰ পুৰা মঙহৰ গোন্ধ মোৰ নিচেই আপোন।
আইৰ কোলাত মোৰ থৈ নিতাল নিথৰ দেহ
তথাপিও চকুত একুৰা জুই প্ৰতাৰণাৰ।।
কতনো সপোন এই দোহাল চকুৰ
প্ৰেমিকাৰ চকুৰ সেই সিক্ত চকুযুৰি।
এৰি অহা ৰুগীয়া পিতৃৰ শেঁতা চকু হাল
ভগ্ন প্ৰায় শৰীৰে বিদায় বাগিব খোজ
আইৰ সেই সেমিকি উঠা চকুযুৰি।। 
সকলো মোহ এৰি মাথোঁ বিপ্লৱ
বিপ্লৱ আইৰ মুখৰ মিঠা মাতটোৰ বাবে।
এৰি অহা গাওঁৰ সেই পথাৰ খনৰ বাবে
বিপ্লৱ হাজাৰ নিষ্পেষিত জনতাৰ হকে।।
আজি একুৰা জুই আইৰ কোলাত নিৰ্বাপিত
হাজাৰ নতুন দোৱানলৰ হকে
এক নতুন সুৰুজৰ হওক।।
তিয়াই যোৱ ডেকাৰ উদীপ্ত অশ্রুৰ হকে।।।

ৰক্তিম দাস


No comments:

Post a Comment