বেটুপাত

বেটুপাত

Monday, 14 August 2017

সাম্প্ৰতিক অসমৰ শিক্ষা ব্যৱস্থা (আচলতে ভুল কাৰ?)

     
      শেহতীয়াকৈ শিক্ষা মন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমসমূহত শিক্ষকসকলক উদ্দেশ্য কৰি কৰা কটু বাক্যবাণে সপ্ৰতি গভীৰ চৰ্চাৰ বিষয় হিচাপে পৰিগণিত হোৱা পৰিলক্ষিত হৈছে। একাংশ সংবাদ মাধ্যমে ইচ্ছুটোক বহল কৰি নিয়ে আছে। কিয়, কি পৰিস্থিতিত মন্ত্ৰী গৰাকীয়ে এই কটু বাক্যবাণ শিক্ষকসকলৰ প্ৰতি নিক্ষেপ কৰিব লগা আৰু ইয়াকে এটা গুৰুত্বপূৰ্ণ ইচ্ছু হিচাপে লৈ কোনে, কি কাৰণত ক্ৰমাৎ ইয়াক বহল কৰি নি আছে এই বিষয়সমূহ আজি আমাৰ বাবে অবুজ সাঁথৰ আৰু বহু বিচাৰ্যৰ।
     উল্লেখযোগ্য যে, সাম্প্ৰতিক অসমৰ শিক্ষাব্যৱস্থাত থকা কেতবোৰ কেৰুণেই যে এনে এটি অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিলে তাত তিলমানো সন্দেহ নাই। বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহৰ তুলনাত এইবাৰৰ ফলাফলত উত্তীৰ্ণৰ শতকৰা হাৰ বিশেষভাৱে মন কৰিবলগীয়া। তাতকৈও মন কৰিবলগীয়া বিষয়টো হৈছে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ মাজত পৰিলক্ষিত হোৱা উত্তীৰ্ণ হোৱা হাৰৰ তাৰতম্যতা। যাৰ ফলত শিক্ষামন্ত্ৰী ডাঙৰীয়াই চৰকাৰী খণ্ডৰ অন্তৰ্গত শিক্ষকসকলক  উদ্দেশ্য কৰি সমালোচনাত মুখৰ হৈ পৰিল আৰু ইয়াৰ পাছৰ অৱস্থাখিনিত কি হৈছে তথা শিক্ষামন্ত্ৰীৰ সমালোচনাই কেনে ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰি তুলিলে সেয়া আমি সকলোৱে দেখিলো। ৰাজ সাহায্যপুষ্ট চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ এনে পুতৌলগা অৱস্থা কিয় বলৈ পাইছে কোনোবাই বাৰু যুক্তিসহকাৰে ফঁহিয়াই চাইছেনে? শিক্ষামন্ত্ৰীৰ বাক্যবাণক ক্ষুৰধাৰ সমালোচনা কৰা অসমৰ লেখক, বুদ্ধিজীৱী, সমালোচকসকলে, সংবাদ মাধ্যমসমূহকে আদি কৰি সকলোৱে দেখোন কেৱল একেমুখে চালে-বেৰে কোবাই অনুৰূপ ধৰণে সমালোচনা কৰাহে দেখিলো। কিন্তু তাৰ বিপৰীতে কোনোৱে মন্ত্ৰী ডাঙৰীয়াৰ বাক্যবাণক উচিতভাৱে খণ্ডন কৰি নিজ নিজ খুটসমূহ নাইকিয়া কৰিবলৈ যত্ন কৰা পৰিলক্ষিত নহল। আচলতে ভুল কাৰ? ভুলটো দেখোন আমাৰ সকলোৰে আছে। কি শিক্ষা ব্যৱস্থা, কি শিক্ষকসমাজ, কি প্ৰশাসক কোনোৱেচোন জগৰীয়া নোহোৱা নহয়।
     এইক্ষেত্ৰত আমি পোনপ্ৰথমে আমাৰ সাম্প্ৰতিক সময়ৰ শিক্ষা ব্যৱস্থাটোক বিশেষভাৱে জগৰীয়া বুলি খোজোঁ। কিয়নো সাম্প্ৰতিক শিক্ষা ব্যৱস্থাৰ অভিযান, পৰিকল্পনা, সহায় সহযোগিতা সমূহৰ দ্বাৰা শিক্ষা ব্যৱস্থাটোক যিমান গতি দিব বিচৰা হৈছে সেই অনুপাতে এইবোৰৰ সু-প্ৰয়োগ যথাৰ্থতে হোৱা নাই। সৰ্বশিক্ষা অভিযানৰ দৰে বহু ব্যয়বহুল  আঁচনিসমূহৰ কুফলে গোটেই শিক্ষা ব্যৱস্থাটোলৈকে দুসংবাদ কঢ়িয়াই আনিছে। শিক্ষিত হাৰ বঢ়োৱাৰ স্বাৰ্থত প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়ৰলৈকে ছাত্র-ছাত্ৰীসকলক পাছ কৰাই দিয়াৰ নিয়ম, চেকনীৰ আগত বিদ্যাক আঁতৰাই পেলোৱাৰ আঁচনি, ৰা ছোৱালীক বিদ্যালয়সমূহতে ভোজন কৰোৱা আদি আঁচনি আৰু ব্যৱস্থাসমূহে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহলৈ প্ৰত্যাশাৰ বিপৰীতে কেতবোৰ প্ৰত্যাহ্বানহে নমাই অনা আজি আমাৰ পৰিলক্ষিত হৈছে।
     দ্বিতীয়তে, সাম্প্ৰতিক সময়ৰ আমাৰ শিক্ষকসমাজত দেখিবলৈ পোৱা কেতবোৰ গোপন তথা অপ্ৰিয় সত্যৰ বিষয়ে বই লাগিব। কামচোৰ, দুৰ্নীতিৰ বোকাত লুতুৰি-পুতুৰি, ক্ষমতাৰ খকত বলিয়া, সময়মতে বিদ্যালয়ত গৈ উপস্থিত নোৱাৰা, মাদককদ্ৰব্য, ৰাগীয়াল বস্তু আদি সেৱন কৰি নিজৰ পৰিচয় পত্ৰখন সদায় সকলোৰে আগত দাঙি ধৰা লগতে সামাজিক কেতবোৰ অপকৰ্মত জড়িত হৈ পৰা বহু শিক্ষকক আমি বহুত ভালকৈয়ে চিনি পাওঁ। এনেবোৰ শিক্ষকৰ অধ্যপনা আৰু অধ্যয়নবিমুখীতা, ছাত্ৰ ছাত্ৰীসকলক উচিত শিক্ষা দিব নোৱাৰা আদি দিশসমূহেই মূলতঃ ফলাফল আশানুৰূপ নোহোৱা দিশত বিশেষভাৱে জগৰীয়া।
     শিক্ষকসকল হৈছে জ্ঞানৰ একো এগছি অক্ষয় বন্তি। তেখেতসকলৰ বিচাৰ-বিবেচনা, চৰিত্ৰ, প্ৰকাশভংগী, মৰম, আন্তৰিকতাসমূহ হৈছে প্ৰতিটো প্ৰজন্মৰে আদর্শ। তেখেতসকলৰ আদৰ্শৰে, কৰ্মেৰে, প্ৰেৰণাই অনুপ্ৰাণিত হৈ যুগে যুগে আমাৰ নতুন প্ৰজন্মই নিজকে প্ৰতিষ্ঠিত কৰাৰ বহু সপোন দেখি আহিছে। তেনেস্থলত এইসকল তথাকথিত শিক্ষক নামধাৰী মদাহী, জোৱাৰী, কামচোৰ, দুৰ্নীতিপৰায়ন লোকৰ পৰা আমি আজি বাৰু কি আশা কৰিব পাৰোঁ? এইসকল ব্যক্তিক কেনেকুৱা দৃষ্টিৰে চাই, কোন শাৰীত থব লাগে সেয়া আপোনাসবৰে বিচাৰ্যৰ বিষয় হিচাপে থলো। এইখিনিতে আমি ব্যক্তিগত অভিমত এটি ব্যক্ত কৰিব খুজিছো। আমি যেতিয়া বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ তেতিয়া শিক্ষক বুলি কলেই শ্ৰদ্ধাত মূৰ দুৱাইছিলোঁ। চেকনীৰ ভয়ত সকলো কাম সময়মতে সুচাৰুভাৱে সমাপন কৰিছিলোঁ লগতে তেখেতসকলৰ প্ৰতিটো কথাই আখৰে আখৰে পালন কৰিছিলোঁ। ঘৰলৈ কেতিয়াবা কোনোবা শিক্ষগুৰু আহিলেই ভয়তে বিচনাৰ তলত, বাৰীৰ চুকৰ হাবীত লুকাইছিলোঁগৈ। শিক্ষা গুৰুসকলৰ প্ৰতি থকা এনে ভয়, ভক্তি, শ্ৰদ্ধাৰ বলতেই আমি বহুত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিলোঁ দেখোন। পিছে আজি আৰু সেই দিন নাই। শিক্ষক-ছাত্ৰৰ মাজত থকা সেই মধুৰ সম্পৰ্কবোৰৰ ঠাইত অন্য কেতবোৰ মধুৰ সম্পৰ্কইহে বাঁহ ললেহি। শুনিবলৈ, গ্ৰহণ কৰিবলৈ টান কিন্তু এয়াই সত্য যে আজিৰ ছাত্ৰই শিক্ষকক দেখিলে একো পাত্তাই দিব নোখোজে। পাত্তা দিবই বা কেলৈ, কিয়নো আজি ছাত্ৰৰ সৈতে একেলগেই বহি শিক্ষকে দেখোন মদ খাব পৰা , জুৱা খেলিব পৰা , বিভিন্ন অসমাজিক কৰ্ম আদিও সংগী পৰা ল। শিক্ষকসমাজৰ বাবে ইয়াতকৈও আৰু কিবা লজ্জাজনক কথা থাকিব পাৰেনে। শিক্ষক সমাজলৈ নামি অহা এই দুৰ্যোগসমূহক কোন দিনা আমি আঁতৰ কৰাব পাৰিম সেয়া আজি আমাৰ আটাৱেৰে বাবে বহু লাখটকীয়া প্ৰশ্ন।
     চৰকাৰী শিক্ষা খণ্ডৰ এনে দুৰ্দশাৰ মূলতে আমি আমাৰ প্ৰশাসনীয় ব্যৱস্থাটোকো বিশেষভাৱে জগৰীয়া বুলি কওঁ। নিঃসন্দেহে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাই বৰ্তমান ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাটোক এক নতুন গতি দিব পাৰিছে কিন্তু তাৰ সমান্তৰালকৈ অন্য কেতবোৰ সমস্যা আৰু সীমাবদ্ধতাই বিভাগটোৰ সন্মুখত প্ৰবল প্ৰত্যহ্বান হিচাপে এতিয়াও থিয় দি আছে। শেহতীয়া গুণোৎসৱে উদঙাই দিয়া সমস্যাবোৰ ইয়াৰে জীৱন্ত সাক্ষী। শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি, এইসমূহত প্ৰয়োজন হোৱা শিক্ষকসকলক যথাস্থানত নিয়োগ কৰা লগতে সঘনাই শিক্ষানুষ্ঠানসমূহৰ উপযুক্ত পৰ্যবেক্ষণ আৰু এইসমূহৰ গুণগত মানদণ্ডসমূহ সঠিকভাৱে নিৰূপণ কৰা আদি কাৰ্যসূচীসমূহ ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ কতৃপক্ষই চেষ্টা কৰক। ফলাফল ঘোষণা কৰাৰ পাছত শিক্ষকসকলক কৰ্কথনা নকৰি ফলাফল ঘোষণাৰ আগত এইসমূহক সঠিককৈ চোৱাচিতা তথা মূল্যায়নৰ ব্যৱস্থা কৰক। হাজাৰ হাজাৰ টকা চৰকাৰী দৰমহা হিচাপে লৈ শিক্ষা দিয়াত পালমৰা চৰকাৰী লগতে সামাজিক বাতাবৰণসমূহক কলুষিত কৰা শিক্ষকসকলৰ প্ৰতি কঠোৰৰ পৰা কঠোৰ বলৈ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতে বিভাগীয় কতৃপক্ষক আহ্বান জনালোঁ। কিন্তু লগতে এইটোও চাব এনেবোৰ কঠোৰতাই যাতে নিৰীহ, নিৰ্দোষী, একাগ্ৰতা আৰু দায়িত্ব সহকাৰে নিজৰ কৰ্তব্য পালন কৰি থকা শিক্ষকসমাজক মনোকষ্ট নিদিয়ে। শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ শেহতীয়া স্থিতিসমূহক আমি সলাগ লৈছোঁ কিন্তু সামূহিকভাৱে সংবাদ মাধ্যমৰ আগত শিক্ষকসকলক উদ্দেশ্য কৰি কৰা সমালোচনাক যুক্তিসংগত বুলি নুখুজোঁ।

     যি নহওক, সাম্প্ৰতিক শিক্ষাব্যৱস্থাক, শিক্ষকসমাজক আৰু ইয়াৰ ওপৰত থকা প্ৰশাসনিক নিয়ন্ত্ৰণসমূহক আমি আজি সাৰ্বজনীন, সৰ্বজনহিতকৰ, সুশৃংখলিত আৰু দুৰ্নীতিমুক্ত কৰিব পাৰিবই লাগিব। অনাগত সময়ত উচিত উত্তৰাধিকাৰীজনক বিচাৰি পোৱাত আমি দিয়া শিক্ষাই সকলোকে উপকৃত কৰিব পাৰিব লাগিব। এইক্ষেত্ৰত সমগ্ৰ জাতিটোৰ উত্তৰণৰ বৃহৎ স্বাৰ্থত আমি সকলোৱে একেলগে সহায় সহযোগিতাৰে আগবাঢ়ি যাব লাগিব। লগতে ৰাজনীতি, কুটনীতি, আদর্শগত সংঘাত, ব্যক্তিগত স্বাৰ্থ আদি কুটিল মেৰপাকৰ পৰা শৈক্ষিক পৰিৱেশটোক উদ্ধাৰ কৰিবও পাৰিব লাগিব। তেতিয়াহে এই উত্তৰণ সম্ভৱপৰ বুলি আমি আজি খোজোঁ।

গৌতম শৰ্মা
সহকাৰী অধ্যাপক
ইতিসাহ বিভাগ, চিলাপথাৰ মহাবিদ্যালয়
লেখকৰ ফোন- ৯৯৫৪০০০২০০ 

No comments:

Post a Comment