বেটুপাত

বেটুপাত

Monday, 14 August 2017

প্ৰাচীন সাহিত্যৰ অভিনৱ লেখন সামগ্ৰীঃ সাঁচিপাত

lll              


                    মানুহৰ মনত যুগ যুগ ধৰি সঞ্চিত হোৱা জ্ঞান আৰু অভিজ্ঞতাৰ বৰ্হিঃপ্ৰকাশেই সাহিত্য আৱহমান কালৰে পৰা সৰ্বসাধাৰণৰ মুখে মুখে প্ৰচলিত হৈ অহা গীত-পদ,সাধুকথা- প্ৰৱচন, যোজনা- পটন্তৰ আদিয়ে যেতিয়া লিখিত ৰূপ পৰিগ্ৰহণ কৰে তেতিয়াই সাহিত্যৰ নাম পায় লিখিত সাহিত্যৰ ৰূপ গ্ৰহণৰ পূৰ্বে এই শ্ৰেণী সাহিত্যই মৌখিক সাহিত্যৰূপে সাহিত্য সৃষ্টিৰ প্ৰথম প্ৰয়াস


             আধুনিক ছপাযন্ত্ৰ আৰু বৰ্তমানৰ কাগজ আৱিস্কাৰৰ পূৰ্বে লেখন সামগ্ৰী হিচাপে শিল, মাটি, ধাতু, গছৰ বাকলি আদি ব্যৱহাৰ কৰা হৈছিল এই সামগ্ৰীসমূহে ধৰ্মীয় তথা সাহিত্য, সংস্কৃতি বিষয়ক লেখাৰ বাহক হিচাপে কাম কৰি আহিছিল প্ৰাক্ আহোম যুগত যিবোৰ লেখন সামগ্ৰী ব্যৱহাৰ হৈছিল,সেই সমূহৰ ভিতৰত সাঁচিপাতৰ ব্যৱহাৰেই সৰ্বাধিক হৈছিল সেয়ে আহোম ৰজাই কাঠকটীয়া বৰুৱাৰ অধীনত "সাঁচিকটীয়া" বুলি এটা খেলৰো সৃষ্টি কৰিছিল সাঁচিকটীয়াই সাঁচিগছৰ বাকলি এৰোৱাই , শুকুৱাই জাপ জাপকৈ বান্ধি ৰজাঘৰত যোগান ধৰিছিল ৷খনিকৰে সেইবোৰ চুঁচি মাজি,মিহি কৰি প্ৰয়োজন লে হেঙুল-হাইতাল সানি, জোখত কাটি লেখাৰুক দিছিল লেখাৰুৱে পুথি লিখিছিল আৰু এই লেখাৰুৰ ওপৰত "বৰুৱা"বুলি এজন উচ্চ পদস্থ বিষয়া আছিল সাঁচিপাতত লিখিত ৰজাঘৰীয়া পুথি আৰু কাকতবোৰ কঁঠাল বা চাম আদি টান কাঠৰ বাকচত ভৰাই গন্ধীয়া ভঁৰালত সংৰক্ষিত হৈছিল আৰু সেই পুথি গন্ধীয়া ফুকন আৰু গন্ধীয়া বৰুৱাৰ তত্বাৱধনত আছিল সাঁচিপাত কেৱল পুথি হিচাপে ব্যৱহৃত হৈছিল এনে নহয়, সাঁচিপাত ছবি অংকনৰ ক্ষেত্ৰতো ব্যৱহাৰ হৈছিল অনেক সাঁচিপতীয়া পুথিত হেঙুল-হাইতাল ঘঁহি তাৰ ওপৰত লিখা হৈছিল আৰু কাষে কাষে লতাপতীয়া ফুল আঁকিছিল এনেপুথিক লতাকটা পুথি বোলা হয়

            সাঁচিপাত প্ৰস্তুতকৰণৰ বেলিকা সাঁচিগছজোপা ২০/২৫ বয়সৰ পুৰঠ হোৱাৰ লগতে গা অংশ অতি কমেও তিনিহাত গোলৰ লাগে কাৰণ কম বয়সীয়া গছৰ বাকলি পাতল হোৱাৰ বাবে এৰোৱাবলৈ কঠিন আৰু সহজে পোক- পৰুৱাই নষ্ট কৰাৰ সম্ভাৱনা অধিক বাকলি সংগ্ৰহৰ বাবে প্ৰথমে কলগছৰ পটুৱা এৰোৱাৰ দৰে গছজোপাৰ তলৰ অংশত কটাৰিয়ে কাটি অতি সাৱধানে এৰোৱাব লাগে যাতে বাকলিখন দীঘে দীঘে ফাটি নাযায় বাকলিখন এৰোৱাই বিপৰীত দিশে অৰ্থাৎ পিঠিফালে নুৰিয়াই ভাঁজটো ভাঙি সমান কৰিব লাগে ইয়াৰ পাছত পুথি আকাৰত কাটি  সাতৰ পৰা দহদিন পৰ্যন্ত পানীত ডুবাই ৰাখি দত শুকুৱাব লাগে দত শুকালে ঘিলা বা শিল ঘঁহি পাতবোৰ মিহি কৰা হয় যাতে লিখোতে চিয়াঁহী বিয়পি নাযায় পোক- পৰুৱাই নষ্ট নকৰিবলৈ হেঙুল- হাইতাল বোলোৱা হয় সাঁচিপাতৰ পুথি লিখিবলৈ স্থানীয়ভাৱে প্ৰস্তুত কৰা  চিয়াঁহী ( মহী ) ব্যৱহাৰ কৰে কেঁচা শিলিখা, আমলখি, কেঁহেৰাজ, চৰুছাঁই, চাকিৰ এঙেৰুৱা, গৰুমূত্ৰ, বোন্দা কেঁচুৰ ৰস সংমিশ্ৰণ কৰি মাটিৰ মলাত ৰাখি তাৰ পৰা নিগৰি ওলোৱা ৰসেৰে ঢেঁকীয়া,খাগৰি,ইকৰা, নল, চৰাই পাখিক কাপ বা কলম হিচাপে ব্যৱহাৰ কৰি লিখা হৈছিল সাঁচিপাতত ব্যৱহৃত চিয়াঁহীৰ বিশেষত্ব ---ইয়াৰ ৰং সহজে উঠি নাযায় আৰু ৰাতিও তিৰ্বিৰাই থাকে


             শংকৰী যুগত যুগনায়ক শ্ৰীমন্ত শংকৰদেৱ ,শ্ৰীশ্ৰী মাধৱদেৱ প্ৰমূখ্যে বৈষ্ণৱ আতা পুৰুষসকলে ভক্তি আন্দোলনক কেন্দ্ৰ কৰি যি কালজয়ী সাহিত্যৰ ৰচনা কৰিছিল সেই সাহিত্যও সাঁচিপাতৰ পুথিতে প্ৰথম হাতেলিখা ৰূপে সংৰক্ষিত হৈছিল শংকৰদেৱৰ কীৰ্তন,দশম, মাধৱদেৱৰ ঘোষা, ৰত্নাৱলীৰ দৰে পুথিসমূৰ লেখন সামগ্ৰীৰ অন্যতম সামগ্ৰী আছিল সাঁচিপাত তদুপৰি শংকৰদেৱে দশম ৰচনা কালত কেতবোৰ কাহিনী ব্যঞ্জক চিত্ৰ সাঁচিপাতত অংকন কৰিছিল প্ৰৱাদমতে মাধৱদেৱে সুন্দৰীদিয়া সত্ৰত বহি সাঁচিপাতত ৰত্নাৱলী পুথি লিখি থাকোতে এজন বাঢ়ৈয়ে নামঘৰৰ চৌটিত লতাফুল কাটি থকা দেখি তেৰাই সেই ফুলৰ আৰ্হিকে লেখনিৰ চাৰিও কাষে আঁকিলে তেতিয়াৰ পৰাই এই পুথি লতাকটা পুথি নাম পায়

           সাঁচিপাতৰ পুথি সহজে নষ্ট হৈ নাযায় বাবে বৰ্তমানৰ ছপা কাগজৰ তুলনাত  ইয়াৰ স্থায়ীত্ব  বহুত বেছি একোখন সাঁচিপাতৰ পুথি প্ৰায় ৪০০/৫০০ বছৰ পৰ্যন্ত ভালে থাকে সেয়ে আজিও অসমৰ বহু নামঘৰ, সত্ৰ আদিত গুৰুজনাৰ কালৰে বা তেৰাৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত আতা পুৰুষসকলৰ দ্বাৰা ৰচিত বহু সাঁচিপতীয়া পুথি অক্ষতভাৱে সংৰক্ষিত হৈ আছে



            সাঁচিপাতৰ পুথি ৰচনা কাল নিৰ্ণয় পন্থা অভিনৱ পুথিত সন্নিবিষ্ট সংকেতিক চিহ্নৰ দ্বাৰা ইয়াৰ ৰচনা কাল নিৰ্ণয় কৰিব পাৰি উদাহৰণস্বৰূপে--- এখন পুথিত যদি বাণ--ঋষি--বসু--চন্দ্ৰ শকে লিখিত বুলি উল্লেখ থাকে তেন্তে তাক নিৰ্ণয় কৰিবলৈ লে সোঁহাতৰ শব্দটোৰ পৰা হিচাপ কৰিব লাগিব ----- চন্দ্ৰ =(অৰ্থাৎ চন্দ্ৰ এটা ) বসু = ( অৰ্থাৎ অষ্টবসু) ঋষি = (অৰ্থাৎ সপ্তৰ্ষী ) বাণ = ( অৰ্থাৎ পঞ্চবাণ ) এতিয়া পুথিখনৰ ৰচনা কাল ১৮৭৫ শক

            সাম্প্ৰতিক সময়ত বিজ্ঞানৰ জয়যাত্ৰাত ছপাযন্ত্ৰৰ কাগজীয় পুথিৰ জনপ্ৰিয়তাত আমাৰ সমাজত সাঁচিপতীয়া পুথিসমূহৰ ব্যৱহাৰ প্ৰায় নোহোৱা হৈ পৰিছে যি দুই এবাৰ বছেৰেকৰমূৰত ব্যৱহাৰ হয় সিয়ো নিয়ম মাফিক তিথি পৰ্বণতহে ৷তদুপৰি পুথিত প্ৰাচীন লিপি ব্যৱহৃত হোৱাত পঢ়িব নজনাৰ বাবেও পুথিসমূহ এলাগীহৈ ভেঁকুৰ, পোক-পৰুৱাৰ দ্বাৰা নষ্ট ধৰিছে কাজেই আজিৰ প্ৰজন্মই এই আপুৰুগীয়া সম্পদৰাজী সম্পৰ্কে বিজ্ঞানসন্মত গৱেষণা, অধ্যয়ন কৰি পুনৰ ব্যৱহাৰ উপযোগী কৰি তোলাতো অতি প্ৰয়োজন অন্যথা বছৰীয়া ঐতিহ্য ধ্বজাবাহী এই সম্পদৰাজী কেৱল উপাসনাগৃহতে আৱদ্ধ হৈ এদিন নিঃশেষ হৈ পৰিব |

           ( তথ্য সংগ্ৰহৰ ক্ষেত্ৰত কেইবাজনো বয়োজেষ্ঠ অভিজ্ঞ ব্যক্তিৰ লগতে ° লীলা গগৈ "অসমৰ সংস্কৃতি", সত্যেন্দ্ৰনাথ শৰ্মাৰ "সমীক্ষাত্মক ইতিবৃত্ত" সহায় লোৱা হৈছে৷ বিশেষভাৱে মাননীয়া সৌজন্যময়ী মহন্তলৈ কৃতজ্ঞতা জনালোঁ ৷) 
             

             পংকজ বৰা ( সন্দিকৈ )
           যোৰহাট


No comments:

Post a Comment