বেটুপাত

বেটুপাত

Tuesday, 15 August 2017

এটা আনটাইটেলেন্ড প্ৰেম কাহিনী

- অই বান্দৰ কলৈ লৱৰি গৈছ ভঙা চাইকেল খন লৈ?
- তোক কেনে লাগে কেটলি?
- না কলৈ যাৱ ?
- বাৰীত হোৱা এই শাক খিনি বেছাবা যাং।
- পাছলি বিকি হবলা ৰিচাৰ্জ ভৰাবি?
- যিয়ে নাকৰুং তোক কেনে লাগে?
- হব হব। ভাও দিব নালাগে। আজি মোৰ বাৰ্থডে গধূলি এপাক আমাৰ ঘৰলে আহিবি।
- হব।
 
গধূলি সোণাৰামৰ দেখাদেখিয়ে নাই। নঙলা মুখত গৈ ৰৈ থাকে তন্দ্ৰালী।
ইফালে সোণাৰাম ব্যস্ত হৈ থাকে চিৰ পৰিচিত ৰং নাম্বাৰ টোৰ সৈতে কথা পতাত।
 
- অই ঘটি, কালি কিয় নাহিলি আমাৰ ঘৰলৈ?
- বিজি আছিলুং। সময় পাং নাই।
- মোক বাৰ্থডেও উইশ নকৰিলি।
- ছৰী।
- আজিকালি কাৰ লগত ফোনত বিজি থাক ?
- কই? নাথাকুং তো।
- মিছা মাতিব আহিছ? তোৰ চব জানো মই।
- জানিস  যুদি ভাল কথা।
- আচ্ছা শুন কলেজৰ লৰা এটাই মোক প্ৰপোজ কৰিছে। আমাৰ স্কুলৰ সন্মুখত আহি সদায় ৰৈ থাকে।
- মুই কি কৰিবা লাগে তে?
- মোৰ ভয় লাগে। আজিৰ পৰা মই তোৰ লগতেই স্কুললৈ যাম।
- নাপাং মুই তোৰ লগত স্কুলত যাবা। মোৰ কি মান ইজ্জত নাই?
- কি মোৰ লগত গলে তোৰ ইজ্জত যায়?
- হে। তুই হলি আপি, মুই হলুং আপা।
- অই বেঙা.... তই এতিয়াও বেঙা টো হৈয়ে আছ।
- তাৰাতাৰি কেনে ডাকাইছিলি?
- এনেই। কালি গধূলি তই নাহিলি। ৰাতি মোৰ টোপনিয়ে নহল। সেয়ে ৰাতিপুৱাই তোক চাব মন গল।
- ধুৰ খায়া দায়া কাম নাই। মুই যাং।
 
এনেকৈয়ে দিনবোৰ পাৰ হৈ যায়। আৰু এদিন তন্দ্ৰালী হঁতৰ পৰিয়ালটো আন কৰবালৈ গুছি যায় দেউতাকৰ চাকৰিসূত্ৰে।
 
ঠিক বিছ বছৰ মান পিছত এদিন আবেলি সোণাৰাম হঁতৰ ভগা পঁজাৰ সন্মুখত এখন দামী কাৰ আহি ৰখে। কাৰৰ পৰা আধুনিকা মহিলা এগৰাকী নামি আহে। চোতালত বাহঁৰ পাচি বনাই থকা সোণাৰামে চিনি নাপাই সুধি উঠে- কাক লাগছিল?
- মই তন্দ্ৰালী সুকু।
- আৰে তনু.... এতো বছৰেৰ মাথাত... আয় আয়।
ব্যতিব্যস্ত হৈ উঠে সোণাৰাম। কত বহাব কত নবহাব অৱস্থা। অগত্যা ঘৰত থকা একমাত্ৰ চকী খন আনি শৈশৱৰ বান্ধৱীক বহিব দি নিজে পীৰা এখন আনি বহি পৰে।
 
- তনু। হঠাৎ এইফালে যে? খবৰ ?
- বহুদিনৰ পৰাই তোৰ কথা মনত পৰি আছিল। আজি আহি ওলালোহি। তোক ইমান চিঠি লিখিছিলোঁ, এদিনো আমাৰ ফালে নগলি। মই দিয়া ফোন নম্বৰত এবাৰো ফোন নকৰিলি।
- বাদ দে না পুৰাণী কথা। তোৰ বেটা বেটীৰ খবৰ ক। শুনছুং তোৰ বেটী টা বলে ষ্টেণ্ড কইৰছে মাধ্যমিকত।
- উম। তোৰ খবৰ ক। লৰা ছোৱালী? তোৰ ৱাইফ কত? চিনাকি কৰাই নিদিওঁ? মাতচোন।
- ...
ঘৰৰ ভিতৰৰ ফালে চাই সোণাৰামে মাত লগায় বেমাৰী পত্নীক- এই যে শুনছিস, এই দেখ কায় আইচ্ছে।
- কায় আমাৰ বাবু আইচ্ছে নাকি?
- বাবুৰ লগত বাবুৰ মেডামো আইচ্ছে।
 
কথাখিনি ঠিক ধৰিব নোৱাৰে তন্দ্ৰালী হাজৰিকাই।
- বাবু আৰু বাবুৰ মেডাম মানে?
- তনু তোক তো আমাৰ বাবু কয়ে নাই কথা টা।
- কি কথা? কোন বাবু?
- তোমাৰ গাড়ীৰ ড্ৰাইভাৰ জন মোৰ বেটায় তো।
- কি? আমাৰ গাড়ীৰ ড্ৰাইভাৰ জন তোৰ লৰা? সোমনাথ তোৰ লৰা?
- হে। মুইয়ে তো পাঠাইছিলুং অক তোৰ অতে কাম বিচিৰিয়া।
- হে প্ৰভু...
 
দুচকুৰে দুধাৰি তপত চকুলো বৈ আহে তন্দ্ৰালী হাজৰিকাৰ। যি সোণাৰামক কৈশোৰ আৰু যৌৱনৰ দুৱাৰডলীত প্ৰাণভৰি ভালপাইছিল তাই, সেই সোণাৰামৰেই পুতেক আজি সিহঁতৰ গাড়ীৰ ড্ৰাইভাৰ!!!চাইকেল খন লৈ?
- তোক কেনে লাগে কেটলি?
- না কলৈ যাওঁ?

দুচকুৰে দুধাৰি তপত চকুলো বৈ আহে তন্দ্ৰালী হাজৰিকাৰ। যি সোণাৰামক কৈশোৰ আৰু যৌৱনৰ দুৱাৰডলীত প্ৰাণভৰি ভালপাইছিল তাই, সেই সোণাৰামৰেই পুতেক আজি সিহঁতৰ গাড়ীৰ ড্ৰাইভাৰ!!!

               বিদ্যুৎ বৰা 

No comments:

Post a Comment