বেটুপাত

বেটুপাত

Monday, 14 August 2017

নতুন সুৰ



আশাৰ সেন্দুৰীয়া বাটত
সপোনে পাহি মেলিছিল
তেজোদীপ্ত সূৰ্য্যমুখী হৈ
ঢৌৱে ঢৌৱে খেলিছিল
সাগৰৰ নীলিম জলৰাশিত
ৰূপালী ডলফিনৰ দৰে
আচম্বিতে বন্দী '
উচ্চল জোৱাৰৰ চাকনৈয়াত
সূৰ্য্যমুখী সপোন নামি আহিল
দুখৰ পজালৈ,
অমানিশাৰ এন্ধাৰ -
খিৰিকীমুখৰ ঢিমিক ঢিমিকৈ
জ্বলা মমৰ পোহৰত
উজ্জলিল দুখৰ পজা
মচি পেলালো
জীৱনৰ ধূসৰ পৃষ্ঠা
স্মৃতিৰ কেকুৰীৰ নতুন আলোকেৰে আলোকিত
হৃদয়ত বাজি উঠিল
এটি নতুন সুৰৰ তান
নতুন সপোনৰ  সফুঁৰা কঢ়িয়াই জীৱন আকাশত
পাখি মেলি ' এযুৰি শান্তিৰ কপৌচৰাই.......||
        
মাধুৰিমা শইকীয়া
ডিগবৈ



No comments:

Post a Comment