বেটুপাত

বেটুপাত

Monday, 14 August 2017

তুমি


তুমি আহিবা বুলি
ৰাতিপুৱাই মূৰতো ধুলো
ৰঙাকৈ বেলিটো কপালত আঁকিলো
তুমি দিয়াৰ দৰেই
সেন্দুৰীয়া কৰিলো সেওঁতা 
গোসাঁই ঘৰত চাকিগছি জলালো
তোমালৈ ৰান্ধিছো
'লমাছৰ লগত মূলা
হাঁহৰে কোমোৰা
আজিও অভিমানী হৈ ৰৈ আছো
তোমালৈ বুলি ----
 মনত পৰে ' '
ছমাহৰ ছুটীৰ শেষৰ দিনতোৰ কথা
থোকাথুকি মাতেৰে কৈছিলা
কি সুখ পাবা মোৰ পৰা  ।মই যে সৈনিক

মই মাথো কিমান আবেগত  তোমাৰ
বুকুৰ মাজত কুৰুকি আছিলো নাযানো
বোৱাৰী আহা ভাতকেইটা আজি একেলগে খাওঁ।
আইৰ মাততহে সন্ধী ঘুৰাই পালো
 কিযে ভাবিছো !
এইবাৰ আৰু অকলে থাকিব নোৱাৰো
কিবা এটা ?????
তুমিটো বুজিছা চাগে
আইয়ে আজি কালি প্ৰায় কৈ থাকে
নাতি এটা হলে মোৰো '
তোৰো ' হব বোৱাৰী |
আইক কি কম
লাজ এটাইহে হেঁচি ধৰে
গাড়ী এখন পদুলিত ৰৈছে
এইবোৰ কি ?
গাওঁৰ মানুহবোৰ দৌৰি আহিছে
কোনোবাই কৈ থকা শুনিলো
উগ্ৰপন্থীৰ হাতত মৃত্যু
    বাতৰিটো ৰাতিপুৱাৰ পৰা দি আছে

কি যন্ত্ৰণা কাক লৈ জীয়াই থাকিম
   তোমালৈ বুলি ৰৈ থাকিম
আজন্ম  ।।।
মোৰ সেন্দুৰীয়া বেলিটো মছি নিদিবা
তেওঁ আহিব ।।।
তেওঁ মিছলীয়া নহয়।
চিনাকি নদীৰ ঘাটত মই ৰৈ থাকিম

পম্পী বনিয়া দাস

ৰূপনগৰ ( গুৱাহাটী )

No comments:

Post a Comment