বেটুপাত

বেটুপাত

Monday, 14 August 2017

বাটৰ ভিক্ষাৰী


ইফাল সিফাল কৈ চায় মোক
জুমি জুমি চায় কেতিয়াবা
ভয় হয় মোৰ
কোনোবাই মোৰ হাতত থকা
ডাষ্টবিনৰ পৰা অনা
সামগ্ৰী খিনি লৈ যাব!
বহু কষ্ট পাওঁ
যেতিয়া সৰু সৰু লৰা ছোৱালী বোৰে
এটা সঠিক লক্ষ্য কৰি
মোৰ গালৈ শিলগুটি নিক্ষেপ কৰে!
বহুতো সুখ অনুভৱ কৰে তেওঁলোকে
মোলৈ চায়  আনন্দতে মতলীয়া হৈ হাঁহে
খং নকৰো
ভাব হয় যেন তেওঁলোক মোৰে সন্তান!
শিক্ষা থাকিও তেওঁলোকে নুবুজায়
নিজৰ সতি-সন্তানক
মানুহক ভাল পাবলৈ
অঘৰীক সন্মান কৰিবলৈ!
মই যে এটা ভিক্ষাৰী
নাই মোৰ কোনো টকা পইচা
নাই মোৰ তেওঁলোকৰ দৰে বিলাসী বাহন
ঘুৰি ফুৰো মাথো পথে পথে
খাদ্যৰ সন্ধানত!
আছে মাথো হৃদয়
আনক মৰম কৰিব পৰা
আছে মাথো মোৰ
মানবতা!

যুমন কুমাৰ দাস

দৰং

No comments:

Post a Comment