বেটুপাত

বেটুপাত

Tuesday, 15 August 2017

মোৰ ঘৰ ইপাৰত তোৰ ঘৰ সিপাৰত

             

           “মোৰ ঘৰ ইপাৰত তোৰ ঘৰ সিপাৰত মাজতে বোঁৱতী নৈপাপনদাৰ এই ভাল লগা গীতটো আগতে কিমানবাৰ যে শুনিছিলো কিন্তু এতিয়া এই গীতটো শুনিলে মোৰ মনটো বিষাদৰ ডাৱৰেহে আগুৰি ধৰে অতীতত যে এই গীতটোয়ে মোৰ প্ৰিয় আছিল কাৰণ গীতটোযে আমাৰ লগত মিলি পৰিছিল গীতটোৰ দৰেই মোৰ ঘৰ ইপাৰত তোমাৰ ঘৰ সিপাৰত মাজতে বোঁৱতী নৈ এৰা, মই লো যোৰহাটৰ, তুমি মাজুলীৰ আৰু আমাৰ মাজেদি বৈ গৈছে বোঁৱতী নৈ মহাবাহু ব্ৰক্ষ্মপুত্ৰ
 
          বোঁৱতী নৈ য়ে কোনদিনা পাৰ ভাঙি উটোৱাই নিয়ে, তাৰ জানো অনুমান কৰিব পাৰি ??? আমাৰ ক্ষেত্ৰতো সেইয়াই জানো হোৱা নাই !!! বোঁৱতী নৈ খনে পাৰ ভাঙি আমাৰ প্ৰেমকো ঠান-বান কৰি থৈ আমাৰ প্ৰেম মোৰ বাবে এতিয়া মাথো সোঁৱৰণীৰ এখিলা পাতত তুমিতো মোক পাহৰিয়েই লা কিন্তু মই তোমাক পাহৰা নাই, মই নাপাহৰো তুমি দিয়া বিষাদৰ যন্ত্ৰণাবোৰ যিমানেই মোৰ মনত পৰে, তেতিয়া তাতকৈও বেছিকৈ মইয়ো নিজকে কঠোৰ কৰো, তোমাৰ পৰা আঁতৰি থাকিবলৈ পাৰিছো হয়, আজি এবছৰে তোমাৰ অবিহনে নিজকে গঢ় দিছো, সময়ৰ সোঁতত মিলি গৈছো মই এতিয়া আৰু তোমাৰ স্বাৰ্থপৰ প্ৰেমৰ প্ৰয়োজন মোৰ নাই আজি তোমাৰ অবিহনে মই বহুত সুখী কাৰণ তুমি আঁতৰি যোৱাৰ পাছৰ পৰা, মই নিজকে চিনি পাবলৈ শিকিছো আকৌ নিবিচাৰো তোমাৰ স্বাৰ্থপৰ প্ৰেম
 
           তথাপিও কিয় নাযানো !!! তোমাক এবাৰ চাবলৈ মোৰ মনটোৱে কেতিয়াবা হাহাকাৰ কৰি উঠে যিদিনা পাইছিলো প্ৰায়ে তুমি যোৰহাট আহি থাকা আৰু কেতিয়াবা তুমি মোক দেখিপোৱা তাৰ পাছৰ পৰাই কলেজলৈ অহা-যোৱা কৰোতে সদায় গীতাৰ্থী পইন্ট, ডি.চি.বি. ৰোড আৰু আপনা বজাৰৰ ওচৰত তোমাক বিচাৰি মোৰ চকুৱে ইফাল-সিফাল কৰে মই তোমাৰ দৰে প্ৰৱঞ্চক, খেলুৱৈ জনক মাত্ৰ এবাৰ চাবহে বিচাৰো, কেতিয়াও তোমাৰ নিবিচাৰো মই জানো তুমি মোক এতিয়া আঁতৰৰ পৰাহে চোৱা মোৰ সন্মুখত ধৰা দিয়াৰ সাহস তুমি কেতিয়াবাই হেৰুৱাই পেলালা
 
           তুমি আঁতৰি যোৱাৰ পাছত বহুত বাৰ কান্দিলো মই কিন্তু সেই বিশেষ দিনটোৰ পৰা তোমাৰ বাবে মই নকন্দা লো শেষ হৈ তোমাৰ বাবে মোৰ দুচকুত থকা চকুপানীবোৰ মোক এৰি যোৱাৰ মাহ মানৰ পাছত, এদিন হঠাৎ মোক ফোন কৰি তুমি যে তোমাৰ ভুলবোৰ স্বীকাৰ কৰিছিলা তোমাৰ নতুন প্ৰেমিকাই কেনেদৰে তোমাক ঠগিলে তাৰ বৰ্ণনা কৰিছিলা। সেইদিনা তোমাৰ কথা শুনি মোৰ পুতৌ জাগিছিল তোমাৰ প্ৰতি তোমাক মই কিদৰে ক্ষমা কৰিম কোৱা ??? তোমাক ক্ষমা কৰিবলৈ মই যে কেতিয়াও পাহৰি যাব নোৱাৰো, তুমি মোক এৰি যাবৰ পৰত কোৱা কথাবোৰ, মোক দিয়া গালি আৰু অপমানবোৰ আজি মোৰ এই হৃদয়ত তোমাৰ বাবে ঠাই নাই যোৱা, তুমি বিচৰা ধৰণৰ কোনোবা প্ৰেমিকাৰ ওচৰত হিয়া দিয়া নিয়া কৰাগৈ। এই ভাঙিযোৱা আইনাখন মই আকৌ যোৰা দিব নোৱাৰো কাৰণ এবাৰ ভঙাৰ পাছত যোৰা দিলেই সেই আইনা কেতিয়াও আগৰ দৰে নহয় সুখী হোৱা তুমি তোমাৰ মনৰ জুখেৰে উভতি নাহিবা তুমি এই ভগ্ন হৃদয়ৰ পঁজালে
 
 ৰিম্পী গগৈ
  জগন্নাথ বৰুৱা মহাবিদ্যালয়

2 comments:

  1. সুন্দৰ
    ,, ভাল লাগিল তুমাৰ অনুভৱ পঢ়ি ।

    ReplyDelete
  2. This comment has been removed by the author.

    ReplyDelete