বেটুপাত

বেটুপাত

Tuesday, 15 August 2017

অনুভৱী হৃদয়ৰ আৰ্তনাদ



         অৰ্ণৱ ভিতৰলৈ সোমাই আহা পঢ়িবৰ । দেউতাকৰ গুৰুগম্ভীৰ মাতত উচপ খাই উঠিল অৰ্ণৱ। সি তন্ময় হৈ চাই আছিল দূৰ দিগন্তত বুৰ যাব খোজা হেঙুলীয়া বেলিটো আৰু ক্ৰমাৎ ৰঙচুৱা হৈ পৰা ধুনীয়া আকাশখন।লগতে সেই আকাশেদি  সুমধুৰ কলৰৱেৰে উৰি যোৱা চৰাইজাক। আস্ কি যে মোহনীয় এই মূহুৰ্তত। সি অনুভৱ কৰিলে জীৱনৰ মধুৰতা যেন ইয়াতেই লুকাই আছে। দেউতাৰ কঠোৰ আহ্বানত ম্লান পৰি আহিল তাৰ মন।সন্ধিয়াৰ এই নিৰিবিলি পৰিৱেশটো উপভোগ কৰিবলৈ বহুত মন যায় অৰ্ণৱৰ। কিন্তু দেউতাকৰ কঠোৰ শাসনত আবদ্ধ হৈ ৰয় তাৰ মন।লাহে লাহে ভিতৰ সোমাই আহিল অৰ্ণৱ। পঢ়া টেবুলৰ চকীখন টান মাৰি বহি পৰিল।এতিয়া ডুব যাব লাগিব গণিতৰ সূত্ৰৰ মাজত। দেউতাকো চচমাৰ লৈ তাৰ কাষ পালেহি। দেউতাকে তাক পঢ়াবলৈ আৰম্ভ কৰিলে। কিন্তু তাৰ মনটো যে আধাতে চাবলৈ এৰি থৈ অহা আকাশখনে থাকি আহিল !
            ৰাতিপুৱা চৰাইৰ কাকলি অৰ্ণৱ সাৰ পাই উঠিল। ঘড়ীটো চাই দেখিলে 8.00 বাজিছে। লাহেকৈ এঙামুৰি এটা দি সি বহি পৰিল। দিনটোৰ কাৰ্যসূচী ভাবি ভাবি সি মুখ ধুবলৈ আগবাঢ়িল।অৰ্ণৱ আজি আবেলি এফালে যাম ওলাবা। দেউতাকৰ মাতত অৰ্ণৱ উচপ খাই উঠিল।কলৈ যাম দেউতাসি উৎসুকতাৰে সুধিলে।এখন কেৰিয়াৰ কাউন্সেলিং সভা আছে তালৈ যামদেউতাকে গাম্ভীৰ্য পূৰ্ণ ভাৱে লে। কিন্তু দেউতা...... অৰ্ণৱে আহত স্বৰে প্ৰতিবাদ কৰিব বিচাৰিলে।যাবই লাগিব no excuses. “দেউতাকে ৰূঢস্বৰেৰে কৈ গুচি ল। ক্ষোভত অৰ্ণৱ ফাটি পৰিল। ভাবিছিল আজি স্কুলৰপৰা আহি আবেলিৰ হেঙুলীয়া আকাশখনৰ ছবি এখন আঁকিব। কোনদিনা অঁকা গৈ কোনো ঠিকনা নাই। কাৰণ তাৰ দেউতাকে কিবা নহয় কিবা এটা কামত তাক ব্যস্ত ৰাখিবই।দেউতাকৰ হাতৰ পুতলাৰ নিচিনা হৈ গৈছে সি। কথাটো ভাবি বৰ অসহায় অনুভৱ কৰিলে অৰ্ণৱে।মাক থকা লে বুজিলে হেঁতেন তাৰ এই অনুভৱ। মাকলৈ মত পৰি তাৰ দুচকুৰে দুধাৰি লোটক বাগৰি আহিল। বৰ অকলশৰীয়া অনুভৱ কৰিলে সি ।
            আবেলি অনিস্বাসত্বেও কেৰিয়াৰ কাউন্সেলিং লৈ দেউতাকৰ লগত অৰ্ণৱ ল। যেনে তেনে সময়বোৰ পাৰ কৰিব চেষ্টা কৰিলে তাত। মানুহজনে দি থকা ভাষণৰ মাজতে দেউতাকে লেঅৰ্ণৱ ভালকৈ শুনা,তুমি ইন্জীনিয়াৰিং লাইনত যোৱাতো মই বিচাৰোঁ। দেউতাকৰ কথা শুনি খং উঠিলেও সি মনে মনে ল। সি জানে দেউতাকক কথা কৈ লাভ নাই। আকোৰগোজ হয়। সি যে এজন ভাল উকীল আৰু পেন্টৰ বিচাৰে সেইটো দেউতাকে বুজিবলৈ চেষ্টা নকৰে। কেতিয়াও নকৰে। এনেকৈ তাৰ নিচাৰ লুকুৱাই ৰাখি দেউতাকৰ হাতৰ পুতলা হৈ থাকিলে সি পাগল হৈ পৰিব,সেইটো কথা সি উপলব্ধি কৰিলে।


           আজি আবেলি দেউতাক ঘৰত নথকাত সি বৰ আনন্দিত ল। আবেলিৰ দৃষ্টিনন্দন কলাজখন আঁকিবলৈ বুলি ছাৰ ওপৰলৈ উঠি ল। তন্ময় হৈ আঁকিব ধৰিলে। আঁকি থাকোঁতে দেউতাকৰ উপস্থিতি গমকে নাপালে। হঠাৎ তাৰ হাতৰপৰা দেউতাকে ছবিখন কাঢ়ি নিয়াত সি চক খাই উঠিল। দেউতাক গৰজি উঠিল, ননচেন্চ তোক এইবোৰ কৰিবলৈ মই কৈ থৈ গৈছিলোঁ নেকি ! পঢা বাদ দি সময়ৰ বিলাসিতা কৰিব আহিছ। নিজৰ ভবিষ্যত ধ্বংস কৰিবলৈ যে আগবাঢ়িছ খবৰ ৰাখিছ নাই! এনেকৈ যদি থাক তোক মই মোৰ ৰালৰিকৈ বুলি স্বীকৃতি কেতিয়াও নিদিওঁ। দেউতাকে তাৰ সন্মুখতে ছবিখন টুকুৰাটুকুৰকৈ নিষ্ঠুৰভাৱে ফালি গপ্গপাই গুচি গ’ল।ফালি টুকুৰাটুকুৰকৈ হোৱা ছবিখন লিৰিকি বিদাৰি সি জোৰেৰে চিঞৰি উঠিল।
           অৰ্ণৱ চলিহা মানসিক চিকিৎসালয়ত এতিয়া।উচুপি উচুপি কান্দি থাকে অকলে। কোনোবাই যদি থাক কন্দাৰ কাৰণ সুধে হাঁহি দিয়ে। কিন্তু একো নকয়।ডক্টৰেট ট্ৰিটমেন্ট কৰি আছে তাৰ। টেবলেট খুৱাইছে,শ্ৱক দিছে। কিন্তু কোনোবাই জানো গম পাইছে তাৰ বেমাৰৰ উৎস কি!
           
            সুজাতা চুতীয়া


No comments:

Post a Comment