বেটুপাত

বেটুপাত

Tuesday, 15 August 2017

মইয়ো এজন পিতা

 

            ঐ', '  চাইড দে, চাইড দে !!
তই কণা নে কলা হা ?"
লাহেকৈ মই নামি যাওঁ পথৰ পৰা নলাটোৰ একদম কাষলৈ,
এইদৰেই মোৰ আগেদি অহংকাৰ গতিত পাৰ হৈ যায়
দামী গাড়ীৰ ভেম ধৰা চকাবোৰ..............
 
ব্যস্ত চহৰত বিচৰাবোৰ নোপোৱাত অভিমানী মনবোৰৰ খং,
কাকো ' নোৱাৰা গালিবোৰ যেন মোৰ ওপৰতে পায় প্ৰকাশ।
 

',একো নাই,
এইবোৰ শুনি যাম মই ........
কাৰণ, মোৰ দুভৰিৰ পেডেলত ঘূৰে
মোৰ সংসাৰৰ চকৰি,
মোলৈ বাট চাই থাকে
ভোকাতুৰ পেটৰ চাৰিযোৰ চকু প্ৰতিদিনে গধূলি।
 
মই আগুৱাই যাওঁ......
গাৰ ঘাম মাটি কৰি ' বৰষুণ কাটি কৰি,
কোনোবাজন আঁতৰি যায় বিশ টকাৰ ঠাইত দহ টকা গুজি।
 
অতবছৰে আৰোহী টানিলো
  এতিয়া হেনো মই এলাগী,
সৰু সৰু চহৰবোৰও ভৰি পৰিছে বেটাৰী ৰিক্সাৰ শাৰী।
 

ৰুমী দেবী

No comments:

Post a Comment