বেটুপাত

বেটুপাত

Monday, 14 August 2017

আধা লিখা পৃষ্ঠা




-দাদা কোন ফালে যাব? আহকচোন মোক এটা সহায় কৰিব। ছোৱালী এজনী চাৰিআলিতে পৰি আছে, সকলোৱে পাগলী বুলি হাঁহি হাঁহি আঁতৰি গৈছে তাইক হাস্পতাললৈ নিব লাগে।
-অট' চালকজনে একো প্ৰশ্ন নকৰাকৈ অট'খন হাস্পতালৰ অভিমুখে লৈ 'ল।  হাস্পতালত ডাক্তৰৰ অলেখ প্ৰশ্ন -
- কোননো ছোৱালীজনী? আপোনাৰ 'তে সম্পৰ্ক?
-ছোৱালীজনী মোৰ একো নহয়। পথৰ দাঁতিত পৰি চিঞৰি থকা এজনী অচিনাকি ছোৱালী। আপুনিতো জানেই ছাৰ, ছোৱালী মানেই জানো শগুণৰ বাবে মুখৰ সন্মুখত পৰি থকা মঙহ এটুকুৰা নহয়। ছোৱালীজনীক পৰি থকা দেখি মই বিবুধিত পৰিলো। সেয়েহে মই ইয়ালৈ লৈ আহিলো। কিবা এটা কৰক ডাক্তৰ। তাইৰ ভৰিত আঘাতৰ চিন আছে, হাততো কিবা কটা চিন।
ডাক্তৰৰ চিকিৎসা আৰম্ভ 'ল। মই তাইৰ পিঠিত থকা ফটা বেগটো তাইৰ পৰা লৈ খুঁচৰিব ধৰিলো জানোচা তাইৰ নাম ঠিকনা, তাই কোন, কাৰ কি জানিব পৰাকৈ কিবা প্ৰমাণ পত্ৰৰ আশাত, কিন্তু নাই ...! -এখন ডায়েৰি পাই মই খুলিলো পঢ়িব লওঁতেই তাইৰ দুচকু মেল খোৱা দেখি সামৰি তাইৰ কাষতে বহিলো, তেনেতে ডাক্তৰে মোক মাতি লৈ ', ডক্তৰে যি 'লে সেই সকলোবোৰ শুনি মই আচৰিত হৈ বহি পৰিলো, তাইৰ সেই আহিবলগীয়া সন্তানটোৰ পৰিচয় কি ', তাই কোন সেইটোকে নাজানো আৰু সন্তানটোৰ পিতৃক বিচাৰি উলিয়াম কেনেকৈ? এইফালে ডাক্তৰে জনোৱা মতে দীৰ্ঘদিন ধৰি ছোৱালীজনীৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱা বাবে তাইৰ এনে অৱস্থা হৈছে। নিজকে এক মুহূৰ্তৰ বাবে পাগলী পাগলী লাগিবলৈ ধৰিলে, এইফালে সন্ধ্যা হৈ আহিছে, অফিচৰ কামবোৰো থাকিল, অৱশ্যে অফিচত খবৰ কৰা 'ল। কথাবোৰ 'বলৈ সময়ৰ নাটনি হোৱাত থাকি 'ল। ঘৰলৈ ' এটা কৰি সকলো কথা কোৱাত মাৰ পৰা গালি শুনিলো।

সন্ধ্যা নামি আহিল। ঘোৰ-আন্ধাৰ।  হাস্পতাললৈ মা আহি ছোৱালীজনীৰ বাবে দুটামান ফল-মূল, মোৰ বাবে টিফিন আনিছে, মাৰ ওচৰত যে কিমান সাহস সেই কথা কোনে বুজে। যিয়ে জীৱনটোক ওচৰৰ পৰা দেখিছে যিয়ে ভয়ানক সময়বোৰ মাকৰ আচলেৰে ঢাকি নিজকে সুৰক্ষিত বুলি ভাবিছে সেই সকলেহে বুজে "মা" শব্দৰ অৰ্থ।
  "ছোৱালীজনীৰ কিবা খবৰ পালি নে ' ঘৰ, কি কথা?" - মাৰ মাতত চক খাই উঠিলো। বহুপৰ মাৰ মুখলৈ যে তেনেকৈয়ে চাই আছিলো সেই কথা পাহৰিয়ে 'লো।" নাই মা, একো খবৰ নাই"- মায়ে ঘৰলৈ বুলি বাট 'লে। মই নোৱাৰো এই ছোৱালীজনীক অকলে এৰি থৈ যাবলৈ। আকৌ এবাৰ তাইৰ কাষলৈ 'লো। তাই খিৰিকীখন খোলাকৈ ৰাখিছো, জানোচা সেউজীয়াবোৰে তাইক চুব পাৰেই।
   তেতিয়া বহু ৰাতি। চেলাইন লগাই ৰখা হৈছে। দুৰ্বল দেহটোৰ আঘাতৰ বিষত বেচেৰীজনীয়ে ঘূৰিবকে পৰা নাছিল, কোনোমতে চকু কেইটা মুদি টোপনি যাবলৈ চেষ্টা কৰা তাইজনীক দেখি অলপ সকাহ পালো। অনিচ্ছা স্বতেও তাইৰ পৰিচয় বিচাৰিয়ে মেলি 'লো তাইৰ 'লা পকা বন্ধা ডায়েৰিখন।
নাম- আইৰিণ চলিহা
ঠিকনা-
 নামটোৰ বাদে একো ঠিকনা নাই তাত, মাথো গোটেই ডায়েৰিখনৰ পৃষ্ঠাবোৰত ভৰি আছে তন্ময় নামটো। কেইটামান পৃষ্ঠা পঢ়ি গম পোৱা ' যে তন্ময় নামৰ কোনোবা প্ৰেমিকৰ কামনাৰ বলি ', প্ৰতাৰণাৰ বলি হয় এই মৰমলগা আইৰিণজনী। তন্ময় গুচি যোৱাৰ পাছতো বহুদিন আইৰিণৰ সৈতে পাৰ কৰিছে সময়, বহু সময়ত তাইৰ ভাললগাকৈ কবিতা লিখিছে, তাই নিবিচাৰে তেওঁৰ ব্যস্ত সময়বোৰত তাই বাধা হৈ থিয় দিবলৈ, বহুদিন একেদৰে পাৰ হৈ যোৱাৰ পাছত দুই এটা মেছেজ মাজে মাজে আহে তাইৰ ইনবক্সত। জিলিকি থকা দুই এটা মেছেজৰ বিষয়ে লিখি থৈছে ডায়েৰিৰ পৃষ্ঠাত। আৰু সেই প্ৰেমিকৰ মৰমলগা আইৰিণজনী হাস্পতালত পৰি আছে নিৰৱে। আজিৰ সময়বোৰত কোনো তন্ময় নাই তাইৰ কাষত। তাইৰ অস্পষ্ট গেঙনিবোৰে যেতিয়া ওৰে ৰাতি শুবলৈ নিদিয়ে মই বহি বহি তাইৰ মূৰত হাত বুলাই পঢ়ি যাওঁ তাইৰ ডায়েৰীৰ প্ৰতিটো পৃষ্ঠা।
বাহ্! কি ৰহস্যৰে ভৰপূৰ জীৱন!
প্ৰতাৰণা; জীয়াই থকাৰ যন্ত্ৰণা, তমসাত ডুব যোৱা মোৰ নষ্ট মহানগৰীৰ তুমি দি যোৱা শ্ৰেষ্ঠ উপহাৰ বৰ সযতনে ৰাখিছো জানা, তুমি ভয়ংকৰ দৈত্যটোৰ দৰে মোৰ তেজবোৰ চুহি 'লা, মই অাকৰীৰ দৰে ভালপোৱাৰ মোহত তোমাক বিশ্বাসেৰে সাৱটি ৰাখিলো আধা সময়। তোমাৰ সেই সকলোবোৰ মিছা সকলো সকলো। তোমাৰ কবিতাবোৰো-
  ডায়েৰীৰ সেই পৃষ্ঠাটোত সযতনে আঠা লগাই থোৱা আছিল কাগজ এটুকুৰা, কি আছে বুলি পঢ়ি 'লো মই, কবিতা কবিতা লগা অনুভৱ অলপ -
 আইৰিণ
তুমি মোৰ প্ৰিয়
তুমি মোৰ প্ৰত্যাশা
তুমি মোৰ প্ৰেৰণা
তুমি মোৰ প্ৰাণ
তুমি মোৰ অৱদান
জীৱন সজোৱা জেউতি জ্বলোৱা
তুমি মোৰ হিয়াৰ হেঙুলীয়া গান
উশাহৰ টোপ টোপ জোনাকৰ প্ৰাণ।'
-তাই ভালপোৱা কৈ তন্ময়ে লিখি দিয়া কেইটামান শব্দ মাথো যাক লৈ তাই সুখী।
  অলপ সময়ৰ বাবে মূক হৈ বহি ৰৈছিলো তাইৰ দুচকুলৈ চাই, তাই তেতিয়া টোপনিত, বহুদিন চাগৈ উজাগৰে পাৰ কৰিছে তাই।

     আচলতে সহিব পৰাবোৰে সহি যায় জীৱনৰ নষ্ট পৃষ্ঠাবোৰ। সহিব নোৱাৰা বোৰে জীয়াই থকাৰ হাবিয়াসত জ্বলাই দিয়ে ভাগ ভাগকৈ। আইৰিণে একোকে নকৰিলে সহি থাকিল নিমাতে।

"পানী" -আইৰিণৰ মুখৰে বাহিৰ হোৱা এই পানী শব্দটোৰ বাদে কোনো শব্দৱে কাণত নপৰে, ডাক্তৰৰ মতে তাই কোনোদিনে কথা ' নোৱাৰিব, বহুদিন কাৰো সৈতে বাৰ্তালাপ নকৰাৰ বাবেই শ্ৰৱণ শক্তি আৰু কথা ' পৰা শক্তি দুয়োটাই কমি আহিছে তাইৰ। ফুলিব ধৰা ফুলপাহ মৰহি ' আদবাটতে। হাঁহিব ধৰা তাই জনী হেৰাই ' সময়ৰ কোলাত। কোনে কাঢ়িলে তাইৰ হাঁহিবোৰ। কোনে? কোনে? - চিঞৰি দিব মন যায় কেতিয়াবা কাৰোবাক ভালপোৱাৰ বিনিময়ত ইমান কষ্ট সহ্য নহয়চোন। কি কৰিব তাই। এইখন অচিনাকি চহৰ, অচিনাকি মানুহবোৰৰ মাজত কোনে এৰি ' এনেদৰে তাইক। আৰু তাইৰ গৰ্ভত থকা দেৱশিশুটো!! সেইটোক মানুহে কি নামেৰে মাতিব ভাবিয়ে বুকুখন কপি 'ল। দুটা দিন পাৰ কৰিলো আইৰিণ নামৰ তাইজনীৰ সৈতে, তাইৰ আধালিখা জীৱনটোৰ 'তে। হঠাৎ এদিন মই তাইক থৈ আহিলো সেই ঠাইত ' তাই ঘূৰাই পাব এটি জীৱন। নতুন জীৱন। তাইৰ আহিবলগা সন্তানটোৰ বাবে তাই কান্দিবও নালাগে, ধূলিয়ে-বালিয়ে পৰি 'বও নালাগে, নালাগে শগুণৰূপী মানুহবোৰৰ মুখত তাইৰ শৰীৰটো পেলাই দিবলৈ। তাই জ্বলি ' তাইৰ লগতে আৰু এটা জীৱন পৃথিৱী নেদেখোতেই শেষ 'ল। তাই জীয়াই উঠিব মোৰ কলমেৰে এটা নতুন জীৱন লৈ নতুন পোহৰ লৈ "নৱমল্লিকা- জীৱনৰ আন এক নাম" জীয়াই থকালৈকে তাই জীয়াই থাকিব মোৰ মাজতে কোনোবাখিনিত-!!


জানমণি নাথ

No comments:

Post a Comment