বেটুপাত

বেটুপাত

Monday, 14 August 2017

এই মাহৰ অতিথি






অসমৰ সংবাদ জগতৰ অতি চিনাকি নাম অনুপম চক্ৰৱৰ্তী | সুবাসৰ সমূহ পাঠকবৃন্দৰ বাবে আগবঢ়ালো তেখেতৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপটি


প্ৰশ্ন :- আপুনি অসমৰ সংবাদ জগতৰ এটা চিনাকি নাম ।সংবাদ জগতখনৰ প্ৰতি আপুনি কিদৰে আৰ্কষণ হল?
উত্তৰ :-  সংবাদ জগতৰ প্ৰতি আৰ্কষণ মই ঠিক হম বুলি হোৱা নাই | মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্হাৰে পৰা গৰিয়সী, সাতসৰী আদি আলোচনীত লিখা মেলা কৰিছিলো আৰু সেই লিখা মেলাই মোক এই জগতখনৰ ভিতৰলৈ টানি আনিলে। আৰু লাহে লাহে এই ক্ষেত্ৰখনত সোমাই পৰিলো।

প্ৰশ্ন :- আজি কিছুদিনৰ পৰা অসমৰ সংবাদ জগতখনত দেখা গৈছে যে এটা বিয়োগাত্মক প্ৰভাব পৰা যেন দেখা গৈছে এই বিষয়ত জেষ্ঠ্য সাংবাদিক হিচাপে আপোনাৰ মন্তব্য কি ??
উত্তৰ :- বিয়োগাত্মক প্ৰভাবে বৰ্তমান সময়ত সমাজৰ প্ৰতিটো চুক কোণ সাঙুৰি লৈছে। সকলো ক্ষেত্ৰতে বিয়োগাত্মক প্ৰভাব বৃদ্ধি পাইছে। তাৰ কাৰণ হৈছে মানুহ যন্ত্ৰবধ হৈছে, সহজলভ্য বস্তৰ প্ৰতি মানুহৰ আৰ্কষণ বৃদ্ধি হৈছে। আজিকালি মানুহে কষ্ট কৰিব নিবিচাৰে, অতি সোনকালে লাগে সকলো এনেকুৱা এটা পৰিবেশৰ মাজত মানুহ সোমাই পৰিছে। গতিকে অকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই নহয়। মই ভাবো সমাজৰ প্ৰতিটো স্তৰত, যিয়েই চাকৰি কৰি আছে, যিয়েই ব্যৱসায় কৰি আছে প্ৰতিজন মানুহে এইধৰণৰ বিয়োগাত্মক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকতাও যিহেতু এই সমাজৰে এটা অংগ গতিকে বিয়োগাত্মক প্ৰভাব পৰাটো স্বাভাবিক। কিন্ত কথা হল যে তাৰ মাজতো ভাল আছে, যোগাত্মক দিশ আছে আৰু যদি সমাজত যোগাত্মক দিশবোৰ নাথাকিলেহেতেন তেতিয়া এই সমাজখন এইদৰে স্থিৰ হৈ নাথাকিলেহেতন।
অসমীয়া পৰম্পৰাগত সাজত অনুপম দা

প্ৰশ্ন: - ইলেকট্ৰনিক মিডিয়াক লৈ প্ৰায়ে সমালোচনা বেছি হোৱা দেখা যায়। এইবিষয়ত আপুনি কি কব বিচাৰিব ?
উত্তৰ:- ইলেকট্ৰনিক মিডিয়াক লৈ বহুক্ষেত্ৰত সমালোচনা হোৱা দেখা যায় যদিও মই কও যে ইলেকট্ৰনিক  মিডিয়াতো বহুতো ভাল কাম হৈ আছে।
মোৰে দুটা অনুষ্ঠান "উৰুখা প্ৰজাৰ সুৰআৰু "আকাশ চুবৰ মন" ইতিমধ্যে ৰাইজে অতি হেপাহেৰে আকোৱালি লৈছে। আন আন চেনেলসমূহতো এনেকুৱাধৰণৰ বহুতো অনুষ্ঠান চলি আছে যিবোৰে সমাজখনক এক ইতিবাচক পৰিবৰ্তনৰ দিশত নিয়া বুলি মই বিশ্বাস কৰো।
আনহাতে বহুক্ষেত্ৰত ইলেকট্ৰনিক মিডিয়াৰ সাংবাদিকসকল বহুক্ষেত্ৰত দুৰ্নীতি পৰায়ণ ব্যক্তিসকলৰ শত্ৰ ৰূপেও বিবেচিত হৈছে। টিভিৰ কেমেৰাই এজন দুৰ্নীতিপৰায়ণ ব্যক্তিৰ দুৰ্নীতিসমূহ ফাদিল কৰাৰ বাবে সেই ব্যক্তিসকলৰ সহজ লক্ষ্য হৈ পৰে সাংবাদিকসকল।
প্ৰশ্ন:- বহুক্ষেত্ৰত এইটো অভিযোগ উঠে যে সাংবাদিকসকলো দু্ৰ্নীতিপৰায়ণ হৈছে। এইক্ষেত্ৰত আপোনাৰ মতামত জনাবচোন
উত্তৰ : - দুৰ্নীতি সমাজৰ প্ৰতিটো স্তৰতে আছে। প্ৰতিটো পৰিয়ালতে একোজন দুৰ্নীতিপৰায়ণ ব্যক্তি থাকে বুলি মই ভাবো। আমাৰ পৰিয়ালো ব্যক্তিক্ৰম নহয়। মই ভাবো সমাজৰ প্ৰতিটো স্তৰতে বিয়পি থকা দুৰ্নীতিৰ কিঞ্ছিতমান প্ৰভাব সাংবাদিক বৃত্তিটোত পৰাটো স্বাভাবিক কিন্ত কেইজনমান দু্ৰ্নীতিপৰায়ণ সাংবাদিকৰ বাবেই সমগ্ৰ সংবাদ জগতখন যে গেলি পচি গৈছে তেনেকুৱা নহয়। আৰু এতিয়াও বহু ভাল কাম হৈ আছে এই সাংবাদিকসকলৰ পৰাই
প্ৰশ্ন : অনুপম দা, "উৰুখা প্ৰজাৰ সুৰ" অনুষ্ঠানটো অসমৰ প্ৰতিজন ৰাইজে/ দৰ্শকে আদৰি লৈছে। এই চিন্তাটো কৰপৰা কেনেকৈ আহিল যে এনেদৰে এটি অনুষ্ঠান কৰিব পাৰি।
উত্তৰ :- মই এটা কথাত খুউব স্পষ্ট যে মই মোৰ জীৱনৰ কোনো কামেই পৰিকল্পনা কৰি কৰা নাই 
আপোনালোকে জানে মোৰ দেউবৰীয়া আদ্দাৰ কথা। অসমৰ প্ৰায়সংখ্যক মানুহৰে পৰিচিত অনুষ্ঠান। কিন্ত সেই অনুষ্ঠানটোও পূৰ্বপৰিকল্পিত নাছিল। এবাৰ এখন পান দোকানত বহি দোকানীজনৰ লগত মই আদ্দা মাৰি আছিলো। দোকানীজনে হঠাতে কলে যে আমাৰো কথাবোৰ টিভিত উলিয়াব নোৱাৰি নি ? তেতিয়াই মই সিধান্ত লৈছিলো যে মই আদ্দা কৰিম। অৰ্থাৎ দেউবৰীয়া আদ্দা নামৰ সেই অতি জনপ্ৰিয় অনুষ্ঠানটোৰ জন্মৰ মূল মানুহজন কিন্ত সেই পান দোকানীজন। ঠিক একেদৰেই "উৰুখা প্ৰজাৰ সুৰ" অনুষ্ঠানটোৰো কোনো পৰিকল্পনাবিহীন ভাবেই জন্ম হৈছিল। মই প্ৰায়ে বিভিন্ন ঠাই ভ্ৰমণ কৰি থাকো। এবাৰ শদিয়া গলো। ধলা শদিয়া দলংখনৰ ওপৰত বাতৰি কৰিবলৈ। শদিয়াত এটা লৰাই মোক দেখি দৌৰি আহিল। সি আহি মোক কলেহি যে দাদা মই গান গাব জানো। মই বোলো গা সি গানটো গালে। গানটো শুনাৰ পিছত মই তাৰ খবৰ ললো। সি কোন ? কি কৰি আছে? তাৰ খবৰ লৈ গম পালো যে সি বৰ আৰ্থিকভৱে পিছপৰা ঘৰৰ লৰা। তাক দেউতাক নাই , মাকে দিন হাজিৰা কৰে। ওচৰৰ দুই চাৰিজন মানুহেও আহি মোক কলে তাৰ কথা। সি ৰাস্তাত মানুহ পালেই গান গাই শুনায়। পইচা পাতি নলয়। কিন্ত গান গাই শুনায়। তেতিয়াই মোৰ মনলৈ কথাষাৰ আহিল যে এইসকলক আমি মঞ্চ এখন দিব নোৱাৰো নেকি ? এই চিন্তাৰ ফলতেই আৰম্ভ হল "উৰুখা প্ৰজাৰ সুৰ"
শদিয়াৰ সেই লৰাজনৰ নাম পৰশজ্যোতি গগৈ। আৰু পৰশজ্যোতি গগৈয়েই এই অনুষ্ঠানৰ চিন্তাৰ সূত্ৰপাত।

যদি মই তাক লগ নাপালোহেতেন তেতিয়া হয়তো সেই চিন্তাটো মনলৈ নাহিলেহেতেন। তাৰ লগত কথা পাতিয়েই মই সিদ্ধান্ত লৈছিলো যে আমি এটা অনুষ্ঠান কৰিম এইসকলক লৰা -ছোৱালীক লৈ। আৰু তাৰ পৰা আহিয়েই মই আৰম্ভ কৰিলো "উৰুখা প্ৰজাৰ সুৰ" ঠিক একেদৰেই আৰু এটা অনুষ্ঠান "আকাশ চুবৰ মন " এই অনুষ্ঠানটোৰো জন্ম একেধৰণেই হৈছিল। বাৰু যিকিনহওক মোৰ যিমান কাম হয়, ভগবানৰ কৃপাত সকলোৱে কৈছে মই ভাল কৰো বুলি, কিন্ত কোনো কাম পূৰ্বপৰিকল্পিত হয়। ভগবানে মোক সঠিক সময়ত সঠিক ৰাস্তাত খোজ কঢ়াই লৈ যায়।
প্ৰশ্ন :- অনুপম দা, এই ভাল কামবোৰ কৰিবলৈ আপুনি চিন্তাবোৰ কেনেধৰণে কৰে?
উত্তৰ :-মোৰ সকলো ভাল কাম হঠাতে লোৱা সিদ্ধান্ত। মোৰ এনেকুৱাও হৈছে যে কিছুমান অনুষ্ঠান কৰি থকাৰ মাজত সেই অনুষ্ঠানতে আকৌ নতুন অনুষ্ঠানৰো জন্ম দিও। লাইভতে মই নতুন অনুষ্ঠানৰ জন্ম দি দিও। হয়তো অসমৰ সংবাদ জগতত ময়ে এজন ব্যক্তি আছো যি কোনোদিনে স্ক্ৰিপ্ত লৈ পোৱা নাই স্ক্ৰিপ্ত নিৰ্ভৰশীল মই নহয়। সকলো বস্ত "অন দা স্পট"   মই যেতিয়া এটা অনুষ্ঠান কৰো , সেই অনুষ্ঠানটোত কি কৰিম সেই চিন্তাটো চকীত বহাৰ পিছত আৰু  উপস্থিত ব্যক্তিকেইজনৰ লগত কথা পতাৰ পিছতহে আৰম্ভ হয়। তাৰ আগত মই কোনোবাৰেই নাভাবো যে অনুষ্ঠানটো মই কোনদিশে লৈ যাম চকীত বহি অনুষ্ঠান আৰম্ভ কৰো। অনুষ্ঠানটো যি ফালে যায় মোৰ একৰিং সেইফালে লৈ যাও। এইক্ষেত্ৰত মালিকপক্ষ প্ৰায়ে অসুবিধা পায় আচলতে মালিকপক্ষই কিছুমান সীমা নিৰ্ধাৰণ কৰি দিয়ে, কিন্ত মই কোনো সীমাক নামানো। অনুষ্ঠানটোক নিজস্ব স্বকীয়তাৰে মই তুলি ধৰো।

প্ৰশ্ন : অনুপম দা, বৰ্তমান সময়ত অসমীয়া ভাষাৰ উচ্চাৰণৰ ওপৰত প্ৰায়ে বিৰ্তক হোৱা দেখা যায়। বহুক্ষেত্ৰত দেখা গৈছে যে বাতৰি পৰিবেশক (এংকৰ) সকলে বা সাংবাদিকসকলে অসমীয়া ভাষাটো বিকৃত ৰূপত উচ্চাৰণ কৰে। আপুনি কি কব বিচাৰিব এইক্ষেত্ৰত
উত্তৰ:- এটা কথা কবই লাগিব যে আজিৰ সময়ত সুন্দৰ অসমীয়া যিসকলে কয় সেয়া হৈছে উঠি অহা নৱপ্ৰজন্ম আজিৰ নৱপ্ৰজন্ম সকলে সুন্দৰকৈ অসমীয়াও কব জানে, হিন্দীও কব জানে, ইংৰাজীও কব জানে, মাৰাঠীও কব জানে, বাঙালীও কব জানে। কিন্ত তাৰে মাজত কিছুমানৰ, যিসকল নতুন যুৱক যুৱতী সাংবাদিক বা পৰিবেশক হবলৈ আহে তেওলোকৰ বহুতৰে  ভাষাটোৰ প্ৰতি শ্ৰদ্ধা নাই নাই জাতিটোৰ প্ৰতি কোনো দায়বদ্ধতা। মাথো গ্লেমাৰৰ বাবেই তেওলোক আহে। টিভিত ওলোৱাটোৱেই তেওলোকৰ মূল লক্ষ্য  তেওলোক ভাষাজ্ঞান তথা সংস্কৃতিৰ নূন্যতাম জ্ঞানকণো লৈ নাহে আৰু সাংবাদিকতাৰ পথাৰত খোজ দি প্ৰতিটো ক্ষেত্ৰতে বুজাবুজি কৰে। মোৰ বোধেৰে এইদৰে অসমীয়া ভাষাক বিকৃত কৰা সাংবাদিকসকলৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ হব লাগে। তেওলোকক লাজ দিব লাগে এনেকুৱা বিকৃত ভাষ কলে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত থাকি তেওলোকে নিজৰ জাতিটোৰ প্ৰতি, ভাষটোৰ প্ৰতি নূন্যতম সন্মান প্ৰদৰ্শন কৰিব লাগে আৰু যিসকলে নোৱাৰে তেওলোকে সেইস্থানৰ পৰা আতৰি যাব লাগে।

প্ৰশ্ন : অনুপম দা, এইবাৰ অলপ ঘৰুৱা প্ৰসংগলৈ আহো। শৈশব সকলোৰে বাবে অতি মধুৰ হয়।আপোনাৰ শৈশৱ কালৰ এনেকুৱা এটি স্মৃতিৰ বিষয়ে কবনেকি যিয়ে এতিয়াও আপোনাক ৰোমাঞ্ছিত কৰি তুলে।
উত্তৰ: - ঠিকেই শৈশৱ  সকলোৰে বাবে মধুৰ। মোৰো শৈশব কালচোৱা মই সম্পূৰ্ণকৈ উপভোগ কৰিছিলো। ৰোমাঞ্ছিত ঘটনা বহুতো ঘটিছিল, তাৰ মাজৰ এটা ঘটনা আছিল যিটো মনত পৰিলে আজিও মোৰ মনটো শিহৰিত হৈ উঠে।
মই শৈশৱত কুমাৰ গাও প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলো। তাতে মই বৰ্গ মন্ত্ৰী আছিলো। আমাৰ সময়ত গোটেই বিদ্যালয়খন নিয়ন্ত্ৰণ কৰা জনক বৰ্গ মন্ত্ৰী বুলি কৈছিল। মই গোটেই ছাত্ৰ - ছাত্ৰীক নিয়ন্ত্ৰণ কৰিছিলো। সেই সময়ত মই সফুৰা,মৌচাক এইবোৰ পঢ়িছিলো। তাত এদিন এটা কথা পালো যে গোটা  ২০ পইচা এটা ৰেল লাইনত থৈ দি ৰেলৰ চিৰিত কাণ পাতি শুনিলে বহু আতৰৰ পৰাই ৰেল অহাৰ ওমান পোৱা যায় আৰু পইচাটো ডাঙৰ হৈ যায়। আমাৰ বিদ্যালয়ৰ কাষতে ৰেলআলি আছিল।
মোৰ লিডাৰস্পিত আমাৰ বিদ্যালয়ৰ সকলোৱে সেই পৰীক্ষাটো কৰি চোৱাৰ সিদ্ধান্ত ললে। কথামতেই  কাম আমি এদিন বিদ্যালয়ৰ ৩০০ ছাত্ৰ- ছাত্ৰী একেলগে ৰেলআলি পালোগৈ। গোটা ২০ পইচাটো ৰেলআলিত থৈ আমি ৰেলৰ চিৰিটোত কানবোৰ পাতো শব্দটো শুনিবলৈ চেষ্টা কৰিলো। একেবাৰে আগত মই বৰ্গমন্ত্ৰী। প্ৰায় ১০০০ জন মানুহে আমাক টানি টানি তাৰপৰা আতৰ কৰে, আমি আকৌ যাও। সন্মুখত ৰেল আহি আছে, কিন্ত আমাৰ মনলৈ এবাৰো নাহিল যে ৰেলখনে আমাৰ মূৰকেইটা কাটি থৈ যাব। অৱশেষত ৰাইজে আমাক উদ্ধাৰ কৰিলে আৰু মোৰ বৰ্গমন্ত্ৰী বাবটো কটা গল। সেইটো মোৰ অতি মধুৰ স্মৃতি জীৱনৰ।
প্ৰশ্ন:- অনুপম দাৰ জীৱনৰ প্ৰেমৰ বিষয়ে অকণমান কওকচোন।
উত্তৰ: মোৰ কবলগীয়াকৈ  প্ৰেম নাই একো। মোৰ পত্নীৰ নাম ৰঞ্জুমণি মহন্ত। আমি বিশ্ববিদ্যালয়ত পঢ়ি থাকোতেই লগ পাইছিলো। জালুকবাৰীৰ প্ৰেমৰ বা লগা নাছিল আমাৰ গাত। হয়তো সেইবাবে আজি আমি একেলগে আছো। তেও বৰ্তমান ছেবাৰ একাডেমিক বিষয়া। আমাৰ ছোৱালী এজনী আছে। তাই সপ্তম শ্ৰেণীত পঢ়ে অসম জাতীয় বিদ্যালয়ত। সিমানেই আৰু।

প্ৰশ্ন :- অনলাইন আলোচনী বাতৰি কাকত সম্পৰ্কে আপোনাৰ মন্তব্য
উত্তৰ : অনলাইন সম্পৰ্কে এষাৰ খুহুতীয়া কথা মই প্ৰায়ে কও যে অনলাইনত সকলো কিনিব পাৰিবা, সকলো কৰিব পাৰিবা, কিন্ত চুলি কাটিবলৈ চেলুনলৈ যাবই লাগিব। যিয়েই নহওক অনলাইন আলোচনী কাকতৰ প্ৰচাৰ আৰু জনপ্ৰিয়তা দিনক দিনে বাঢ়ি আহিছে। অসমত বহুকেইখন অনলাইন আলোচনী আৰু বাতৰি চলি আছে বৰ্তমান সময়ত। নিশ্চয়কৈ আগলৈ আৰু জনপ্ৰিয়তা বাঢ়িব অনলাইন কাকত আলোচনীৰ।
আৰু মই এটা কথা কম যে অনলাইন বাতৰি কাকতৰ প্ৰসাৰে অসমৰ বহুকেইখন চপা বাতৰি কাকতলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।
প্ৰশ্ন : - “সুবাস” আলোচনীখনৰ সম্পৰ্কত দুৱাষাৰ
উত্তৰ : - সুবাস আলোচনীখনে অতি কম সময়ৰ ভিতৰতে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আলোচনীখন অতি উন্নতমানদণ্ডৰ হোৱাৰ লগতে শিতানসমূহো সুন্দৰ হৈছে। আপোনালোকে অনাগত দিনত সুবাস বিলাই যাওক সুবাস হৈ উঠক অসমৰ জাতীয় জীৱনৰ বাহক। তাৰেই কামনা কৰিছো  আৰু আলোচনীখন সফলতা কামনা  কৰিছো।


টেলিফোনিক কথোপকথন :

দেৱব্ৰত শৰ্মা।
মুখ্য সম্পাদক।
সুবাস

2 comments:

  1. ভাল লাগিল পঢ়ি ৷
    বসন্ত কুমাৰ শইকীয়া, মাজুলী ৷

    ReplyDelete