বেটুপাত

বেটুপাত

Monday, 14 August 2017

প্ৰমাণ


কি প্ৰমাণ আছে তুমি মোক ভালপোৱাৰ
তুলি দিব পাৰিবা জানো মোৰ হাতত এখিলা এখিলা প্ৰমাণ প্ৰত্র
প্ৰেম, কি আচৰিত সম্পৰ্ক
যাৰ কোনো প্ৰমাণ পত্র নাথাকে
নালাগে কোনো ফৰ্ম পূৰাব
নালাগে কোনো পাচ পৰ্ট চাইজৰ ফটো
এহাত ডাঠকৈ কোনো নৰ্থি পত্রৰ জেৰক্স নালাগে
নালাগে কোনো নামি দামী অফিচাৰৰ চহী
মাথো এটি চাৱনি
এটি শিহৰণত
পৰি যাব পাৰি বিশেষ এজনৰ প্ৰেমত
ফটো নো কিয় লাগে
প্ৰেমত বোলে মানুহ অন্ধ হৈ পৰে |
অধিকাৰৰ বাবে আনিবা নেকি চুপ্ৰিম  বা হাইকৰ্টৰ অৰ্ডাৰ
নে দুটামান চৰ্ত বাচনি কৰি শুদ্ধ চিন মাৰিবা
বিনা প্ৰতিবাদে মৰমবো  যাচি চোৱা
চাবা অধিকাৰবোৰে নিজেই ঠাই ' তোমাৰ হাতত
ভালপাব পৰা যোগ্যতা বিচাৰি মাতিবা নেকি ইনটাৰভিউ লৈ
নে সহাঁৰি বিচাৰি গোচৰ দিবা
নালাগে দিয়া
হৃদয়খনেই বিক্ৰী কৰি দিয়া ' তোমাৰ ওচৰত
বিনিময়ত হেজাৰ মৰম , হেজাৰ সপোন বিচাৰি |
অভিমান কৰিব বাবে পঠাবা নেকি কলিং লেটাৰ
তোমাৰ অভিমানবোৰেই চোন একোটা গোচৰ
আৰু মই ফুটাই দিয়া তোমাৰ বেলুন যেন মুখ খন
আদালতৰ কাঠগৰাত থিয় হোৱাতকৈ কোনো গুণে কম নহয় |
কোৱা এবাৰ
দিব পাৰিবা জানো মৰমৰ প্ৰতিদান
দিব পাৰিবা জানো এবাৰ ভালপোৱাৰ প্ৰমাণ....

নীলাক্ষী বৰুৱা (নীলা)
লক্ষীমপুৰ

মাধৱদেৱ মহাবিদ্যালয়

No comments:

Post a Comment