বেটুপাত

বেটুপাত

Tuesday, 15 August 2017

বেদনা



           
সেউজীয়া পথাৰখনত হালোৱা   ৰোৱনীৰ হেঁপাহত এটা যুগৰ সৃষ্টি হয়।
সেউজীয়াবোৰ লাহে লাহে সোণোৱালী হৈ লখিমীৰ বেলিমুখীয়া আঁচলৰ গাঁঠিত ঘৰ সোমাই
গাভিনী হয় ভঁৰালৰ চাৰি খুটা
পূৰ্ণিমাৰ জোনটো আইজনীৰ কঁপালখনত ৰামধেনুবুলীয়া ফোঁট আঁকি থয়।
আৰু ক্ৰমশ:মেজিত হাত সেকি আলু পুৰি খোৱাৰ হেঁপাহত বন্ধকী থওঁ সময়!
         
           মিণ্টুল হাজৰিকা


No comments:

Post a Comment