বেটুপাত

বেটুপাত

Monday, 14 August 2017

মানৱতা

  


    ৰূপা মাক-দেউতাকৰ একমাত্ৰ ছোৱালী। তাই পঢ়াত বৰ চোকা আছিল। তাইৰ দেউতাক তাই পঢ়া স্কুলখনৰে প্ৰধান শিক্ষক আছিল। তেখেতক সকলোৱে সন্মান কৰিছিল। এদিন হঠাতে ৰূপাৰ দেউতাক এই পৃথিৱী এৰি চিৰদিনৰ কাৰণে গুচি গৈছিল। তাই তেতিযা পঞ্চম শ্ৰেণীৰ ছাত্রী আছিল। দেউতাকৰ মৃত্যুৰ পিছত মাকে গাঁৱত ইঘৰে-সিঘৰে কাম-বন কৰি কোনোমতে ৰূপাক পঢ়াই আছে। কেতিয়াবা বাচন ধোৱা, কাপোৰ ধোৱা,ধান-চাউল জৰা মুঠতে যিকোনো কামেই কৰি যি দুপইচা পাই তাৰেই ৰূপাক লাগতিয়াল বস্তুবোৰ আনি দিয়ে। কাম কৰোঁতে খাবলৈ দিয়া পিঠা- পনাখিনিও মাকে নাখায় তাইলৈ আনে। এনেদৰেই / টা বছৰ পাৰ 'ল। ৰূপাও লাহে লাহে গাভৰু হৈ আহিল।


        ৰূপাৰ মাক লাহে লাহে অসুস্হ হৈ আহিল। তেওঁ আজিকালি আগৰ দৰে কাম-বন কৰিব নোৱাৰা হৈ আহিল। সিহঁতৰ যেন পানীত হাঁহ নচৰা অৱস্হা হৈছে। ৰূপাই সিহঁতৰ গাঁৱতেই কেইটামান টিউচন যোগাৰ কৰি লৈছে। আজিকালি তাই ৰাতিপুৱা, আবেলি কলেজৰ পৰা আহি টিউচন কৰে। এনেদৰেই মাক-জীয়েক কোনোমতে পেটে-ভাতে খাই জীয়াই আছে। কিন্তু মাকেও এদিন তাইক একেবাৰে অকলশৰীয়া কৰি দূৰণিৰ দেখলৈ গুচি 'ল।
        ৰূপা অকলশৰীয়া হোৱাৰ সু্যোগ লৈ এজন সম্পৰ্কীয় খুড়াকে সিহঁতৰ ঘৰ-বাৰী সকলো বেচি তাইক খুড়াকহঁতৰ লগত থাকিবলৈ গুৱাহাটীলৈ লৈ 'ল। তেওঁলোকৰ ছোৱালী এজনী আছে। তাই হোষ্টেলত থাকি পঢ়ি আছে। খুড়ীয়েকে ৰূপাক দেখি উগ্ৰ মূৰ্তি ধৰিলে। খুড়াকে কোনোমতে বুজাই-বঢ়াই শান্ত কৰিলে। ৰূপা সিহঁতৰ ঘৰলৈ যোৱা দুদিন কি তিনিদিন হৈছে। লাহে লাহে ঘৰখনৰ সমস্ত দায়িত্ব তাইৰ ওপৰত পৰিল। বাচন ধোৱা, কাপোৰ ধোৱাৰ পৰা আৰম্ভ কৰি যত যিমান কাম আছে সকলোবোৰ তাই নিয়াৰিকৈ কৰি যায়। খুড়ীয়েকে মাত্ৰ ভৰিৰ ওপৰত ভৰি তুলি তাইক আদেশ দি যায়। তথাপিও তাই সকলোবোৰ সহ্য কৰি আছে। কোনো কথাতে কেতিয়াও প্ৰতিবাদ নকৰে।


       কিন্তু ৰূপাৰ খুড়াক- খুড়ীয়েক ইমানতে শান্ত নাথাকিল। তাইৰ দেহটোক লৈ ব্যৱসায় আৰম্ভ কৰিলে।  তাইৰ দেহটোৰ বিনিময়ত সিহঁতে দিনে প্ৰায় পাঁচ/ছয় হাজাৰ টকা পায়। আৰু সেই দানৱবোৰেও তাইৰ দেহটোৰ ওপৰত পিশাচৰ দৰে জপিয়াই পৰে। তাইৰ দেহটো দেখা পালেই এই পিশাচবোৰে জেপৰ পৰা পাঁচশ/হাজাৰ টকীয়া নোট হাঁহি মুখেৰেই উলিয়াই দিয়ে।
         তাই আৰু এইবোৰ শাৰিৰীক-মানসিক অত্যা- চাৰ সহ্য কৰিব নোৱাৰা হৈ গৈছে। সেয়ে তাই সেই বন্ধ কোঠাটোৰ পৰা কেনেকৈ বাহিৰলৈ ওলাব পাৰে তাৰেই উপায় ভাবিবলৈ ধৰিলে। এদিনাখন ৰাতি তাই কোনোমতে খিৰিকীৰে বাহিৰলৈ ওলাই ' আৰু পোনে পোনেই থানালৈ 'ল।  থানাত গৈ সকলো কথা বিৱৰি 'লে। লগে লগেই খুড়াক-খুড়ীয়েকক থানালৈ ধৰি লৈ ' আৰু চিৰদিনৰ কাৰণে জেলত বন্দী কৰি 'লে।
         ৰূপা এতিয়া এগৰাকী  বিবাহিত মহিলা। তাইৰ গিৰিয়েক এজন পুলিচ বিষয়া। দুটা 'ৰা-ছোৱালী-ৰে সৈতে সিহঁতৰ চাৰিজনীয়া পৰিয়ালটি খুবেই সুখী।
         অহ্!'বলৈ পাহৰি- ছিলোৱেই,ৰূপাই নতুনকৈ এখন অনাথ আশ্ৰম খুলিছে। তাই আজিকালি তাতেই বেছিভাগ ব্যস্ত হৈ থাকে। তাই অনাথ শিশুসকলক আশ্ৰমলৈ আনি অতি আদৰ-যত্নৰে লালন-পালন কৰে। তাই এতিয়া অত্যন্ত সুখী।
      

  
শ্ৰী কৰিশ্মা চৌধুৰী

 

No comments:

Post a Comment