বেটুপাত

বেটুপাত

Monday, 14 August 2017

এনেকৈয়ে আহে প্ৰেম


   মায়াবিনী ৰাতিৰ
         ভৰ যৌৱনা অমানিশাত
মোৰ চোতালত
         তোমাৰ প্ৰেমৰ ধুমুহাৰ--
             দেওধানী নৃত্য
মাজনিশাৰ ধুমুহাৰ
                        হো-হোৱনিত
            ক্ৰন্দনৰ কছৰৎ ,
নীল আকাশৰ তৰাৰ তৰালীত
        আমোল মোল নীৰৱতা
নিশাটো ৰৈ ৰৈ গভীৰ হয় ,
       উজাগৰী ৰাতিটো--
               বগুৱাবাই -
মুখ থেকেচা খাই পৰি '
       মোৰ উদং জুপুৰিৰ
               দুৱাৰ দলিত



হীৰামনি শৰ্মা গোস্বামী
 

No comments:

Post a Comment