আশাৰ
সেন্দুৰীয়া বাটত
সপোনে পাহি মেলিছিল
তেজোদীপ্ত সূৰ্য্যমুখী হৈ
ঢৌৱে ঢৌৱে খেলিছিল
সাগৰৰ নীলিম জলৰাশিত
ৰূপালী ডলফিনৰ দৰে
আচম্বিতে বন্দী হ'ল
উচ্ছ্ল জোৱাৰৰ চাকনৈয়াত
সূৰ্য্যমুখী সপোন নামি আহিল
দুখৰ পঁজালৈ,
সপোনে পাহি মেলিছিল
তেজোদীপ্ত সূৰ্য্যমুখী হৈ
ঢৌৱে ঢৌৱে খেলিছিল
সাগৰৰ নীলিম জলৰাশিত
ৰূপালী ডলফিনৰ দৰে
আচম্বিতে বন্দী হ'ল
উচ্ছ্ল জোৱাৰৰ চাকনৈয়াত
সূৰ্য্যমুখী সপোন নামি আহিল
দুখৰ পঁজালৈ,
অমানিশাৰ এন্ধাৰ -
খিৰিকীমুখৰ ঢিমিক ধামাককৈ
জ্বলা মমৰ পোহৰত
উজ্জলিল দুখৰ পজা
মচি পেলালো
জীৱনৰ ধূসৰ পৃষ্ঠা
স্মৃতিৰ কেকুৰীৰ নতুন আলোকেৰে আলোকিত
হৃদয়ত বাজি উঠিল
এটি নতুন সুৰৰ তান
নতুন সপোনৰ সফুঁৰা কঢ়িয়াই জীৱন আকাশত
পাখি মেলি গ'ল এযুৰি শান্তিৰ কপৌচৰাই.......||
ডিগবৈ
No comments:
Post a Comment