বেটুপাত

বেটুপাত

Tuesday, 15 August 2017

ভাল লগা আৰু ভাল পোৱা


 তুমি আৰু তোমাৰ অনুভূতিবোৰ
 নীলিমা চুব খোজা এক
 পৰিক্ৰমা,,,
ভাল লগা আৰু ভালপোৱাৰ সতে সাজিম
  মৰম নামৰ ঘৰ খন
যত তুমি নামৰ বিশ্বাস আৰু মই নামৰ
  হাঁহি আৰু সঁহাৰিৰে
 আমাৰ নামৰ ভালপোৱাৰ সেতু খন হব
      নিতৌ সেই সেতুৰেই
বিনিময় হব আমাৰ
   আশা আৰু সপোনৰ ৰংবোৰৰ,,
তুমি তোমাৰ সপোনবোৰ মোৰ সতে ভগাবা
    আৰু মোৰ বোৰ তোমাৰ সতে
পোৱাৰ আনন্দত দুয়ো হাঁহিম,,
    নোপোৱাৰ বেদনাত দুয়ো কান্দিম
মোৰ বুলি একো নাথাকিব
   আকাশ খনো আমাৰেই হব।।
নিশা তৰা গণিম
  লাজুকী জুনবাইটোৱে মিচিকিয়াব,,
কিমান যে ভাল লাগিব
   তুমি হাঁহিবা
একাত্ম হম মইয়ো তোমাৰ সতে,,
   পুনৰ আকাশে দি যাব
নতুন দিনৰ
   নতুন  বতৰা,,,,
আৰম্ভ হব আমাৰো
  হৃদয়ৰ বিনিময় প্ৰথা
 
     -তৃপ্তি বন্যা

2 comments: