বেটুপাত

বেটুপাত

Tuesday, 15 August 2017

তেওঁৰ উভটনিৰ অনুভৱমুঠি

            



            শুনিছিলো তুমি পুনৰ আহিছিলা সেই বাটেৰে,
            যি বাটত এদিন দুয়োৱে দুয়োপাৰে ৰুইছিলো
জুপি জুপিকৈ ৰঙা গোলাপ
নয়নে নয়নলৈ চাই ৰৈছিল
একেসময়তে দুখন হিয়াত কঁপনি উঠিছিল
আৰু সৃষ্টি হৈছিল এটি নতুন প্রেম কাহিনীৰ |
 
শুনিছিলো তুমি পুনৰ আহিছিলা সেই বাটেৰে,
যি বাটত এদিন আবেগৰ বৰষুণ পৰিছিল
কেউদিশ হৈ ৰৈছিল মাথো ধূসৰ,
দুয়োৱে দুয়োৰে প্রেমত উন্মত্ত আছিলো,
দেখা পাইছিলো মাথো
দুয়োকাশে ৰোৱা গোলাপৰ ৰং |
 
সেই বৰষুণজাকক মই কেতিয়াও নাপাহৰো,
আকাশেযে সিচিছিল ৰামধেনুৰ ৰং...
ৰামধেনুৰ ঠিক কাষতেই আছিল
এচটা শুকুলা ডাৱৰ,
আৰু তোমাক মই সুধিছিলো,,
শুকুলা ঘোৰাত উঠি আহিবানে তুমি
দিবানে তোমাৰ ৰাজ্যত ল'বলৈ থিতাপি.....?
 

শুনিছিলো তুমি ৰুনৰ আহিছিলা সেই বাটেৰে,
যি বাটেৰে কিছুদূৰ গৈ
এটি কেকুঁৰি ঘুৰিলেই
দেখা যায় দুয়োপাৰে ডাল ভৰি ফুলা সোণাৰু |
সোণাৰুৰ হালধীয়া বোৰৰ দৰেই সেই ঠাইতে
হয়তো আমাৰ ভালপোৱাবোৰে শুকানতা পাইছিল,
হিয়াত খেলা পখিলাবোৰে আৰু
 গোলাপৰ বাগিচাত খেলিবলৈ এৰিছিল |
আমিও এৰিলো এদিন সেই বাট.......
আজি ভয়তে সেইদিশে মুখ নকৰো,
তথাপি দূৰৰ পৰাই ৰিণিকি ৰিণিকি দেখো,
গোলাপৰ বাগিচাত ৰৈ গ'ল মাথো শাৰী শাৰী কাঁইট |
কাঁইটবোৰেচোন সপোনতো মোক মাথো বিন্ধিবলৈহে বিচাৰে,
সেয়ে প্রতিজ্ঞাবদ্ধ হৈছিলো
নাযাও আৰু কাহানিও সেই বাটেৰে |
তথাপি আজিচোন কৌতুহল জাগিছে,
এবাৰ এখোজি দুখোজিকৈ পাৰ হৈ যাবলৈ সেই  বাটেৰে,
যিহেতু শুনা পাইছিলো
তুমি পুনৰ আহিছিলা সেই বাটেৰে |


স্বপ্নালী শইকীয়া
গোলাঘাট

No comments:

Post a Comment