বেটুপাত

বেটুপাত

Monday, 14 August 2017

লগ পালে সুধিবা শকুন্তলা



লগ পালে সুধিবা শকুন্তলা
আঙুঠিটো
' হেৰুৱালা শকুন্তলা?
এতিয়া তোমাৰ গাত দুষ্মন্তৰ চেকা

লগ পালে সুধিবা শকুন্তলা!
গন্ধৰ্ব সংগীতৰ কুশল মোহৰ
কিমান যন্ত্ৰণাদায়ক?

সুধিবাচোন শকুন্তলা!
ৰূপোৱালী মাছটোৱে আহি তুলি 'বনে
তোমাৰ লিহিৰি আঙুলিৰ পলস ??
নদীয়ালে বাৰু বিছাৰি পাবনে
আঙুঠিটোৰ সঠিক ঠিকনা?

তোমাৰ বুকুৰ পথাৰত ডৰিকণা মেলি
দুষ্মন্ত বাৰু ' হেৰাল???
লগ পালে সুধিবা শকুন্তলা!
কোন বাটৰুৱাই আহি মচিব
তোমাৰ বুকুত ৰখা
কালজয়ী পদচিহ্নৰ দাগ???

তোমাৰ আঙুলিৰ ফাঁকেৰে
 সৰকি পৰক শকুন্তলা!
খাণ্ডৱ দাহৰ প্ৰচণ্ড অগ্নিশিখা
পুৰি ছাই হওঁক
পলাতক দুষ্মন্তৰ সপোনৰ ৰাজ অট্তালিকা
বেদৰ্দী হৃদয়ত প্ৰষ্ফুটিত হওঁক
এৰি অহা অতীতৰ মধুময় প্ৰেমগাঁথা
       

জোনাক নীলিম


No comments:

Post a Comment