বেটুপাত

বেটুপাত

Monday, 14 August 2017

আত্মহত্যা


এটি অন্ধকাৰ কোঠাত
আদৰিম মই মোৰ মৃত্যুক
শেষ হৈ যাব তেজাল চিয়াহীৰে লিখা
নিষ্ঠুৰ জীৱনৰ বিষাদৰ কবিতাবোৰ
মাথোঁ থাকি যাব তোমাৰ মিছা প্ৰেমৰ সংলাপ বোৰ..!

আজি মোৰ শেষ নিশা
এটি আন্ধাৰ কোঠাত আদৰিম
মই মোৰ সমাগত মৃত্যুক ....
গুচি যাম তোমাৰ পৰা ক্ৰমশঃ বহুদূৰলৈ....!!
হয়তো ঘুৰি নাহিম কাহানিও ...!
তুমি মোৰ মৃত্যুত দুচকুৰ অশ্ৰুৱে বিদায় দি যাবা মাথোঁ কিন্তু
কেতিয়াও বিদ্ৰুপৰ হাহিৰে বিদায় নিদিবা মোক
বৰ কষ্ট হব বৰ কষ্ট হব....!!


আজি হাহিছো অকলশৰে কিয় জানা
আজি মোৰ মৃত্যু সমাগত
সেয়ে খুউব হাঁহিছো আজি ..!
আজিৰ পৰাই ইতি পৰিব
তোমাৰ প্ৰতি মোৰ এই গভীৰ প্ৰেম ভালপোৱা ...!!
আগুৱাই যাব মোৰ মৃত শৰীৰ চিতাৰ মাজলৈ
অভিমানত এবাৰ হলেও দুচকু তিয়াবা তুমি
মোৰ মৃত্যুৰ দিনত......!!
হাতৰ মুঠিত সজতনে ৰাখি থবা
স্মৃতিৰ টোপোলা বোৰ
দলিয়াই দিবা শেষ ৰাতিৰ বিষাদ বোৰ...!!!

ধনজীত সোণোৱাল

No comments:

Post a Comment