বেটুপাত

বেটুপাত

Monday, 14 August 2017

শিপা


মা তুমিযে কৈছিলা
সৰুতে আঘোণৰ পথাৰৰ
লেচেৰি বোটলাৰ কথা।
শুনি শুনি যে ' হৈ গৈছিলো!
মোৰো মন গৈছিল জানা
নৰা পেপাঁৰ সুৰত উমলি
শৈশৱটো উপভোগ কৰিবলৈ।
কিন্তু হোমৱৰ্কৰ গধুৰ বোজাটোৱে
পিঠিত ধৰি টানিছিল '

দেউতা তুমি যে কৈছিলা
জোনাকত উমলি আইতাৰ
জোনবাইৰ দেশৰ সাধুবোৰ শুনিবলৈ
মোৰো মন গৈছিল জানা!
কিন্তু 'ৰেমন ,চোটাভীম নতুবা বেনটেনে
বাৰে বাৰে উঠাই আনিছিল
তেজীমলা অথবা চিলনীৰ জীৰ কাষৰ পৰা।

মা তুমি যে যাচিছিলা
হৰেক ৰকমৰ পিঠাবোৰ!
কিন্তু 'মিনজৰ পিজ্জাই
কাবু কৰি পেলোৱা জিভাই
বিছৰা নাছিল বৰা চাউলৰ সোৱাদ।

দেউতা তোমালোকে যে
খেলিছিলা টাং গুটি অথবা দৰাকইনাৰ খেল।
মোৰো মন গৈছিল জানা
কিন্তু লেপটপৰ গেম বোৰে যে
 আকুলতাৰে বাট চাইছিল মোৰ বাবে ।

মা ,এনেদৰেই মই চাগৈ
হেৰুৱাইছিলো বোপাককাই
দি যোৱা শিপাৰ আত।
আজি যে খুচৰিবলৈ বৰ মন গৈছে জানা
শৈশৱতে হেৰুওৱা শিপা ডাল!!!
      
কৌশিক ৰনজন বৰা
 মাজুলী


No comments:

Post a Comment