বেটুপাত

বেটুপাত

Monday, 14 August 2017

মাটিৰ মানুহ



আকাশ চুব খোজা নাই
সাগৰ তলিৰ মাণিক বুটলাৰো হাবিয়াস নাই
মাটিৰ মানুহ
মাটিকে খামুচি মোৰ জীৱন
মোৰতো হোৱা নাই পতন
সমাজ আৰু দেশ সেৱাৰ পোছাক পিন্ধা জোকবোৰ
তহঁতৰো গুৰি ভূমিৰ তলত ,
তেন্তে নৰ-ৰক্তপিপাসু
 কিয় তহঁতৰ মন ?

বিপ্লৱৰ বিজ্ঞাপনৰ আঁৰত
নৰমেধ যজ্ঞ পতা সন্ত্ৰাসৰ ব্যৱসায়ীহঁত ,
আই-পিতায়েৰৰ দৰে পৰি অহা কঁকালবোৰ
থিয় হোৱা লাখুটিডাল
তহঁতৰ যজ্ঞত আহুতি দিওঁতে
কপালৰ লগতে কোনোবা ৰমণীৰ জীৱনটো উকা কৰোতে
এখন ঘৰৰ মুধচ ভাঙোতে
নকঁপেনে তহঁতৰ বুকু আৰু হাত ?
.
 একে চকু কাণ নাক থকা মানুহৰূপীবোৰ
নৰখাদক কিয় হৱ তহঁত ?
মোৰ বাইজনীৰ
মোৰ ভনীজনীৰ বুকুৰ কেঁচা মঙহ চোবোৱাৰ ?
কিয় হয় তহঁতৰ বুকুত আয়োজন 
যৌৱনৰ উন্মাদনাৰ বিকৃত উদযাপনৰ ?
ফালি যায় ' চিৰিলা চিৰিলকৈ
শুধ বগা বুকুৰ কল পতীয়া হেঁপাহ !
সহোদৰ ভগ্নী নাথাকিলেও মোৰ
বুকুৰ আচলৰ মূল বুজো মই
বুকুত আচোঁৰৰ বিষ অনুভৱ কৰোঁ মই !
.

আনৰ খোপনি উভালি সমাধিস্থ সপোনৰ ভেঁটিত
সপোনৰ পৃথিৱী ৰচিব নোৱাৰো মই
কাৰোবাৰ চকুলোৰে নিজৰ দুখ ধোৱাৰো হাবিয়াস নাই মোৰ ,
মাটিৰ মানুহ মই
কেঁচা মাটিৰ সুগন্ধিৰেই যৌৱন জীপাল
মটীয়া বোলেৰেই ৰঙীন জীৱনৰ কেনভাচ্ !
পথভ্ৰষ্ট খোজবোৰ
ঘুৰি আহ
নকৰ আৰু কেঁচা শোণিতেৰে ফাকু খেলাৰ উল্লাস !
.
কি পাবি কি নিবি
সমস্ত অসাৰ
পাহৰি সকলো নিষ্ঠুৰ জীৱন সংগ্ৰামত
লাগে এষাৰি মৰমৰ মাত
এটি সৰল প্ৰাণ
এফাঁকি জীৱনৰ গান
' থাকে মাটিৰ ঘ্ৰাণ
যিয়ে দিয়ে মোক জীৱনৰ সমিধান ......
 


ওম প্ৰকাশ নাথ 
হোজাই

No comments:

Post a Comment