বেটুপাত

বেটুপাত

Monday, 14 August 2017

কৃষক


                                                                                  
পূৱাকাশত ঊষাৰ কোলাত
প্ৰকাশ হয় চিৰ বিদ্যমান প্ৰভাত,
মাটিডৰাৰ আকুল আহবানত
ত্যাগ কৰে নিদ্রাৰ শোৱাপাটি
সপোনত দেখে সেই ৰিক্ত মাটি,
তাতেই আৰ্জে বছৰৰ ভাতমুঠি,
নাঙলৰ সীৰলুত ফলিব সোণগুটি
মাটিয়ে আনে কৃষকক মাতি

গোহালিৰ পৰা গৰুহাল খুলি,
কান্ধত লৈ নাঙল যুৱলি;
 মূৰত জাপি হাতত শাসনৰ লাঠি
আগবাঢ়ে সুখ-দুখৰ কথা পাতি,
দুচকুত অলেখ ধানৰ খেতি
গৰুৰ খোজত কঁপে আই বসুমতী;
লক্ষ্যত উপনীত নাখায় উজুতি

জলপান লৈ গৃহিণীৰ আগমন
কৃষি-কথাৰ কৰে মধুৰ আলাপন,
বলধ হালক দিয়ে ক্ষন্তেক বিৰতি
কৃষকে লয় জলপানৰ জুতি,
বতাহজাকে দেহা পেলায় জুৰ
'লামেঘ লৈ মন হয় আতুৰ---!!

সূৰ্য্যৰ প্ৰখৰ পোহৰ নহয় যেন
চৌকাত জলন্ত জুই হৈ জ্বলিছে
'গা হৈ তাত অবাধে জপিয়াইছে;
বৰুণ দেৱতাৰ কোপদৃষ্টি পৰিছে
চাতক চৰাইৰ দৰে চটফটাইছে,
 বিজ্ঞানৰ চৰম শিখৰ বগাই
অন্ধ-বিশ্বাসী ভেকুলীৰ বিয়া পাতিছে

জলসিঞ্চন বিভাগ হৈছে বগাহাতী
কৃষকক কৰিছে নগুৰ- নাগতি,
আৱন্টিত ধন হয় ইকাতি- সিকাতি;
আওপুৰণি আমাৰ কৃষি-পদ্ধতি
তথাপি নীলিম আকাশৰ বিপৰীতে
সেউজ সোণোৱালী শস্য-পথাৰ সজাইছে

আমিৰ হুছেইন আহমেদ

No comments:

Post a Comment