বেটুপাত

বেটুপাত

Monday, 14 August 2017

জিলমিল জোনাকৰ



জিলমিল জোনাকৰ
মায়া ভৰা নিশা
এই নিশাতে সৃষ্টি হয়
না না জনৰ তৰালি সৰা সপোনৰ,
আৰু
এই নিশাতে জাগি উঠে
সহশ্ৰ ডেকা গাভৰুৰ
প্ৰেমাস্পদ স্মৃতি
জোনেও যেন
নিভাঁজ হিয়াৰ কোণত বহি
বিৰিঙাই তুলিছে
সাঁচিপতিয়া কিছু মিঠা অনুভুতি,
আন্ধাৰেও যেন
দুচকুত কাজল সানিছে
' বিচাৰিছে যেন
মুঠি মুঠি তৰালিৰ সাধু
নিশাই আজি
বহু কথাই কৈ যাই
কাণে কাণে
মনে মনে
মাথো
প্ৰয়োজন এক সঁচা হৃদয়ৰ
'
সমাহাৰ হয়
জিলমিল জোনাকৰ আশাভৰা বহু স্মৃতি



হীৰক জ্যোতি গগৈ
যোৰহাট

No comments:

Post a Comment