বেটুপাত

বেটুপাত

Monday, 14 August 2017

ৰাতি বাৰ বজাত এদিন

                                                                                                                     
 টিংটংমাজৰাতিৰ নিস্তব্ধতা ভাঙি হঠাৎ কলিং বেলটো বাজি উঠিল। ঘড়ীটোলৈ চালো বাৰটা দহ। "কোন হ'ব পাৰে ?" …অজান আশংকাত মনটো কঁ‌পি উঠিল। কাষতে পঢ়ি থকা ৰীমাইও উচপ খাই ভয়ে ভয়ে প্ৰশ্নবোধক চাৱনিৰে মোলৈ চাই পঠিয়ালে। ঘৰত কোনো নাই। সকলো ওচৰৰ বেলেগ এখন গাঁ‌ৱত থকা এওৰ মাহীয়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছে। ননদৰ পৰীক্ষা চলি থকাৰ বাবে তাই আৰু মই ঘৰতে থাকিলোঁ।
           কিন্তু, এই মাজনিশাখন কোন আহিলে বুলি আমি ইজনীয়ে সিজনীৰ মুখলৈ চাই ৰ'লো। ভয় লাগিল যদিও ভাবিলো, এওলোকেই কোনোবাই হয়তো বিয়া আধাতে এৰি গুছি আহিল। তথাপি আমি দুইজনী একেলগেই দুৱাৰখন খুলিবলৈ বুলি উঠি আহিলোঁ। আহি মাত্ৰ দুৱাৰখনৰ ওচৰ পাইছোহে হঠাৎ বেলটো আকৌ বিকট শব্দ কৰি বাজি উঠিল।
          এনেই মাজৰাতি, তাতে আকৌ গাওঁ‌। সকলো ফালে নিমাও মাও পৰিৱেশ। বেলটোৰ বিকট শব্দত আমি দুয়োজনী উচপ খায় উঠি ইজনীয়ে সিজনীক প্ৰায় সাৱটিয়ে ধৰিলো। মই অলপ সাহসী বাবে এবাৰ ভয়ে ভয়ে 'কোন' বুলি শুধিলো। নাই……, কাৰো উত্তৰ নাই। এইবাৰ আকৌ দুৱাৰত দুটা মিহি মিহি কৈ টুকৰ পৰিল। আমি কি কৰিম কি নকৰিম একো উৱাদিহ নাপায় ৰোৱা ঠাইতে ৰৈ থাকিলোঁ।
            ভয় লাগিছে, কোনোবা চোৰ-ডকাইত নহয়তো। যিহে দিনকাল পৰিছে ! মোৰ মনৰ কথা বুজিব পাৰিয়েই হয়তো তাই ফুচফুচাই চেপা মাতেৰে ক'লে, "চোৰ ডকাইত কেনেকৈ আহিব। গেটৰ তলাচোন মৰা আছে।"
হয়তো! গেটখনত তলা লগোৱা আছে, দুটা চাবিৰ এটা আমাৰ লগত আছে আৰু আনটো তেওঁলোকৰ লগত। গতিকে বাহিৰৰ পৰা কোনোবা ৱাল পাৰ হৈ সোমোৱাৰ বাদে বেলেগ উপায়েৰে চৌহদত সোমোৱাটো প্ৰায় অসম্ভৱ। আনহাতে ৱালখন পাৰ হোৱাটোও ইমান সহজ নহয়। কাৰণ,  ৱালৰ চাৰিওফালে কাচ পুতি থোৱা আছে। অলপ মান আশ্বস্ত হ'লো যদিও ভয়তো আঁ‌তৰা নাই। ভাবিলো, এওলৈ ফোন এটাকে কৰোঁ। কিজানি ঘৰৰে কোনোবা হয়, তেওঁৰ পৰা জানি লৈহে দুৱাৰখন খোলা ভালা হ'ব। ফোনটোৰ কথা ভাবোতেহে মনত পৰিল দুইজনীৰে ফোন দুটা শোৱা ৰূমতেই এৰি আহিছো।

         এই সময়ত সেই দুটা আনিবলৈ যোৱাটো আমাৰ বাবে আটাইতকৈ ডাঙৰ কাম। কাৰণ, দুয়োজনীয়ে ভয়তে দুৱাৰখনৰ ওচৰৰ পৰাই এখোজো লৰচৰ হ'ব পৰা নাই। অৱশেষত হাতত সাৰে ভৰিত সাৰে মইয়েই দুৱাৰখন খুলিলো।
        বাহিৰত ফৰিং ফুটা জোনাক। দুৱাৰ খুলি কাকো নেদেখি ডিঙিটো অলপ দীঘলকৈ মেলি চাওঁতেই হঠাতে চু………মাৰি ক'লা কিবা এটা অহা যেন পায় ভয়তে চিঞৰ এটা মাৰি সাজোৰে দুৱাৰখন জপাই দিলো। মোৰ পিছতে তাইও ডিঙি মেলিছিল কোননো বুলি? তাইৰ অৱস্থা আৰু বেয়া হ'ল, ভয়তে ক'লা পৰি যাবলৈ ধৰিলে। মোৰো ভয় লাগিছিল তথাপি কঁ‌পি কঁ‌পি তাইক শোৱা ৰূমলৈ লৈ আহিলোঁ।
ৰূমলৈ আহিয়েই তাইক পানী এগিলাচ খাবলৈ দি  ঘৰৰ বাহিৰে ভিতৰে লাইটবোৰ জ্বলাই দিলো। তাৰপিছত তাইক এখন হাতেৰে ধৰি ধৰিয়ে এওলৈ ফোন এটা কৰিবলৈ বুলি ম'বাইলটো হাতত লৈছোহে মাত্ৰ, হঠাৎ আকৌ বেলটো বাজি উঠিল । এইবাৰ আমাৰ অৱস্থা আৰু বেয়া হ'ল। এবাৰ, দুবাৰ নহয় পাঁ‌চবাৰমান বেল বজাৰ পিছত মোৰ ম'বাইলটো বাজি উঠিল। ভাইব্ৰেচন মুডত থকা ম'বাইলটোৰ হঠাৎ নাচি উঠাত ভয়তে দলি মাৰি দিলো। তাৰ পিছতে দুৱাৰত সাজোৰে এটা চাপৰ মাৰি কোনোবাই কৈ উঠিল, " পৰি দুৱাৰ খোলা, মই।"
            হাজাৰ ভয়তো গিৰিহঁ‌তৰ মাতটো শুনি চিনি পাই ততাতৈয়াকৈ দুৱাৰখন খুলি দিলো। খুলিয়ে খঙতে ক'লো, "কিনো ল'ৰা ধেমালি খন কৰি থাকা ।অলপ আগতে তুমিয়েই আছিলা তাৰমানে। কিমান ভয় খালো আমি।" মোৰ কথা শুনি ওলোটাই মোকহে ডাবিয়াই উঠিল "কি আবোল তাবোল বকি আছা এই মাত্ৰ আহিলোঁ মই। বেল বজায়ে আছো দুৱাৰ চোন নুখোলাহে নুখোলা।" তেওঁৰ কথা শুনি আমি ইজনীৰ সিজনীৰ মুখলৈ ভেবা লাগিয়ে চাই থাকিলো। তেওঁ আকৌ কৈ উঠিল, "ৰাতিয়েই গুছি আহিলোঁ, তোমালোকে ভয় কৰিবা বুলি। খৱৰটো মোক যদু কাইয়ে দিলে ফোন কৰি।" আমি দুইজনী অবাক, কি খৱৰৰ কথা কৈছে এতিয়া ঘটি যোৱাৰ ঘটনাটোৰ কথা নেকি ? আমি একো বুজিব নোৱাৰি তেওঁৰ মুখলৈ ভেবা লাগি চাই থকা দেখি ক'লে, "কি হ'ল, গম নোপোৱা নেকি ৰন্তুৰ মাকে অলপ আগতে চুইচাইড কৰিলে নহয় ! এইমাত্ৰ পুলিচে আহি ডে'ড বডিটো লৈ গ'ল।" লগে লগে ৰীমা ঠাচকৈ মূৰ ঘূৰাই মাটিতে পৰি গ'ল।
       ৰাতিপুৱা সকলোকে ৰাতিৰ কথাবোৰ ক'লো কিন্তু কোনেও বিশ্বাস নকৰিলে। সকলোৱে মনে সজা কাহিনী কৈ ভয় খুৱাইছো বুলি হাঁ‌হিলে। আমিও আৰু কাকো বুজাবলৈ চেষ্টা নকৰিলোঁ‌। কিন্তু, সেই ৰাতিটোৰ সেই ক্ষণটোলৈ মনত পৰিলে আজিও দুয়োজনীৰে বুকু কঁ‌পি উঠে।

পৰিস্মীতা গগৈ
গুৱাহাটী



No comments:

Post a Comment