বেটুপাত

বেটুপাত

Tuesday, 15 August 2017

মুখ্য সম্পাদকৰ কলমত



স্বাধীনতা আৰু কিমান দূৰ………???
১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতে বিট্ৰিছৰ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। তেতিয়াৰা পৰা প্ৰতি বছৰে ১৫ আগষ্ট তাৰিখটো স্বাধীনতা দিৱস হিচাপে পালন কৰি অহা হৈছে। প্ৰতিজন গৌৰম্বাবিত
দেশবাসীয়ে অতি উলহ মালহেৰে প্ৰতিবছৰে উদযাপন কৰি আহিছে এই স্বাধীনতা দিৱস।
কিন্ত বাৰে বাৰে মনত প্ৰশ্ন উদয় হয় এই স্বাধীনতা কাৰ বাবে?? কিহৰ বাবে এই স্বাধীনতা ?
সাম্ৰাজ্য়বাদ নে মানবতাবাদৰ স্বাধীনতা এয়া ?? স্বাধীনতাৰ ৭১ বছৰ উকলি যোৱাৰ পিছতো কিয় আমি ইমান পিছপৰি ৰ'লো ? ভুলটো ক'ত হৈ '? ইংৰাজসকল গুচি গল। দেশখন আমাৰ নিজৰ মানুহৰ হাতত এৰি থৈ। কিন্ত নিজৰ মানুহখিনিয়ে নো কি কৰিলে?? ইংৰাজে দি থৈ যোৱা স্বাধীনতা উপভোগ কৰিবলৈ আমাক সুযোগ কণ দিলেনে বাৰু??
১৫ আগষ্ট আমাৰ স্বাধীনতাৰ দিন আমিও উদযাপন কৰিব লাগিছিল অতি উলহ মালহেৰে। কিন্ত সৰুৰে পৰা যে স্বাধীনতা দিৱসৰ এখনেই ছবি মনলৈ আহে তাৰ বাবে জগৰীয়া কোন ??
কিয় মায়ে ঘৰৰ পৰা ওলাই যাবলৈ নিদিছিল স্বাধীনতা দিৱসৰ দিনা। স্বাধীনতা দিৱসৰ দিনটোতেই চোন আমি পৰাধীন হৈ সোমাই আছিলো ঘৰত।
আমি চোন আজিও পৰাধীন আগৰ দৰেই এতিয়াও আমি বাচ -বিচাৰ কৰো উচ্চ/ নীচ জাতিৰ, 'ৰা /ছোৱালীৰ, ধনী / নিধনী ৰ।
তেনেহলে আমাৰ স্বাধীনতা কত??
আমি কেনকৈ কব পাৰো স্বাধীন বুলি যিখন দেশত এতিয়াও এটুপি খোৱাপানীৰ বাবে প্ৰজাই কৰিব লাগে হাহাকাৰ ?
যিখন দেশত এবছৰত দুই তিনিবাৰ প্ৰৰ্যন্ত দিশহাৰা হয় জনতা বানপানীৰ ললাত। কেনেকৈ আমি স্বাধীন ??: যিখন দেশত যৌতুকৰ বাবে নিতৌ বোৱাৰী হত্যা হোৱাটো এটা সৰু খবৰ। প্ৰতিদিনে নিযাৰ্তিত হব লগা হয় জীয়ৰী বোৱাৰী। বেমাৰত পৰি বেজ- বাবাৰ ওচৰলৈ গৈ চূড়ান্ত আদিমতাৰ পৰিচয় লৈ জীয়াই থকা সকলোৱে জানো বুজে স্বাধীনতা কি??

            ডাইনী সন্দেহত মৃত্যুহোৱা গৰাকীয়ে নাপায় গুৰুত্ব কোনো চৰকাৰী মিটিঙত বা টিভিৰ টকশ্ব'
            মাথো বছৰেকত এটা দিন মতলীয়া হৈছো, পাৰ্টী কৰিছো আৰু আকৌ পিছদিনা হৈ পৰিছো পৰাধীন কোনোবা মালিক গোষ্ঠীৰ নতুবা কোনো ব্যক্তিৰ। স্বাধীনতাৰ ৭১ বছৰ পিছতো পৰাধীন আমি। আৰ্থিকদিশত, শৈক্ষিক দিশত। আলু গেলাদি গেলিছে চৰকাৰী শিক্ষা ব্যৱস্থা। সঁচা অৰ্থৰ পৰিৰ্বতন আমাৰ কাম্য   জাক জমকতাৰে চমক সৃষ্টি কৰি থাকিলে আমি আৰু পিছুৱাই যাম। সমগ্ৰ দেশৰ প্ৰেক্ষাপতৰ পৰা চালে আমি মূৰ তুলি থিয় দিবৰ 'ল। মই তথাকথিত বিপ্লব বা আন্দোলনৰ কথা কোৱা নাই আমি আত্মনিৰ্ভৰশীল হবৰ 'ল। নিজকে অসমীয়া বুলি প্ৰমাণ কৰিবৰ সময় হল। আন্দোলনেৰে নহয়। কৰ্মৰে। অস্ত্ৰ বিপ্লবেৰে নহয় কৰ্ম বিপ্লবেৰে। মাত্ৰ ছচিয়েল মিডিয়াত নিজকে অসমীয়া বুলি পৰিচয় দি থাকিলে আমি সঁচাকৈ  অধ:পতনে যাম স্বাধীনতা লাভ কৰাটো দূৰৰে কথা।
             শেষত আমি এদিন নিজস্বতাৰে সৈতে জিলিকি উঠি আৰ্থিক স্বাধীনতা, শৈক্ষিক স্বাধীনতা, শস্য উৎপাদনত স্বাধীনতা, ব্যৱসায়িক স্বাধীনতা লাভ কৰি প্ৰকৃতাৰ্থত অসমীয়া হৈ উঠাৰ আশাৰে সকলোলৈকে দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা যাচিলো। লগতে এইটোও আশা ৰাখিলো যে এই স্বাধীনতাই আমাৰ মাজৰ শান্তি সম্প্ৰিতি আৰু ভাতৃত্ববোধৰ এনাজৰি ডাল শক্তিশালী কৰি তুলিব।
            সদৌশেষত যোৱা আগষ্টত স্বৰ্গগামী হোৱা সুবাসৰ সম্পাদিকা কাজল প্ৰিয়াৰ দেউতাকলৈ অশেষ শ্ৰদ্বা তথা সেৱা যাচি, তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভৰ কামনা কৰিলো। লগতে সুবাসৰ সম্পাদনাত তথা প্ৰচাৰত জড়িত সদৌটিলৈ ধন্যবাদ যাচি মুখ্য সম্পাদকৰ গুৰু দ্বায়িত্ব পালনত হোৱা প্ৰতিটো ভুলৰ বাবে পাঠকবৃন্দৰ ওচৰত ক্ষমা ভিক্ষাৰে আপোনালোকৰ হাতত তুলি দিলো সুবাসৰ আগষ্ট মাহৰ সংকলনটি।


            ধন্যবাদেৰে
           দেৱব্ৰত শৰ্মা
           মুখ্য সম্পাদক
            সুবাস
            যোগাযোগ:- 9577428698


অনুৰাগ তোমাৰ বাবে

            

              অংক বিষয়টোৰ প্ৰতি মোৰ সৰুৰে পৰা এক অহেতুক ভয়। অংকবোৰ যেন মোৰ বাবে এক লৰাব নোৱাৰা পাহাৰ। 
 দশম মান পোৱাৰ পাছত দেউতাই জোৰকৈ ওচৰৰে বৰদলৈ চাৰৰ কোচিং চেন্টাৰত নাম লগাই দিলে।প্ৰথম  দিনা ক্লাছ গৈ পালোগৈ। দেখিলো অকল  ল'ৰা এজন ৰৈ আছে। অলপ পাছতে চাৰ আহিল। প্ৰথমদিনা অংক লৈ ভয় নাখাবলৈ ক'লে আৰু লগতে আনুসংগিক কথা অলপ কৈ ক্লাছ এৰিলে।
 
::  তোমাৰ নামটো ?ক্লাছৰ পিছত সি উপযাচি সুধিলেহি।
 
::  "ইমন। মোৰ নাম আবিৰ । তেনেহ'লে আজিৰ পৰা ফ্ৰেন্দছ।"হাত খন আগুৱাই দিলে সি।
 
:: উমম। আৰাধ্যা
 
ঘৰ পাই ফেচবুকএনেই খুলিলো। ফ্ৰেন্দ ৰিকুৱেষ্ট এটা আহিছে। চাই দেখো আবিৰে পঠাইছে। একচেপ্ত কৰি এনেই তাৰ প্ৰফাইল টো চালো। 
 উৱা ই চোন কবি হয়। কেইবাজনো খ্যাতনামা কবিয়ে তাৰ কবিতাত লাইক কমেন্ট কৰিছে। অলপ হিংসা লাগিল তালৈ।
 
পিছদিনা ক্লাছত  সোমালো । বৰদলৈ চাৰে বুজোৱা বোৰ বুজিব চেষ্টা কৰিছো।  সহ সমীকৰনৰ সমাধান কৰিব শিকাইছে।
 
এই আবিৰটো নহয় । ইমান পটাপট অংক কৰে ।আমি বোৰে ভেবা লাগি চাই থাকোতেই যায়। 
 বৰদলৈ চাৰতকৈও আগত অংক উলিয়াই দিয়ে। 
প্ৰথম ভাবিলো ই মোক ইম্প্ৰেচ কৰিবলৈ কৰিছে চাগে। পিছে নহয় সদাই ই তপাতপ অংক কৰে। 
দুদিন মান যোৱাৰ পাছত এদিন তাক ক'লো- ইমান জল্দি কেনেকে কৰা ঔ। তোমাৰ মাথাত কি আছে নো ইমান?" 
সি কিবা অকৰাৰ দৰে মুৰ খজুৱাই ক'লে-"এই একে বাৰে সহজ। তুমিও পাৰিবা । মাত্ৰ প্ৰেকটিছ লাগে। চুটি নিয়ম দুটামান আছে মই শিকাই দিম ৰ'ৱা।"
 
 
 পিছদিনাৰ পৰা সদায় মই নুবুজা থাকিলে তাক সোধো । সি কৰি দিয়ে। আনকি চাৰতকৈও ভালকেহে বুজায়।
 
এদিন মোক চকলেট এটি দি ক'লে " আজি মোৰ কবিতা এটা প্ৰান্তিকতওলাইছে।তাৰে পাৰ্টী।"মইও হাঁহি এটা মাৰি অভিন্দন জনালো।
 
 
দিনবোৰ এনেকৈ গ'ল।তুমিৰ পৰা তই হ'লোগৈ। মাজে মাজে ফেচবুকত কথা পাতো। 
 
লাহে লাহে ক্লাছ শেষ হ'ল। শেষৰ দিনা সি মোক ক'লে-:" ..ইমন অলপ ৰবি চোন কথা আছে। "মইও ৰ'লো তাৰ পিছত সি মোক পৰীক্ষাৰ শুভেচ্ছা দি হাতত কাগজ এখন গুজি দিলে।
 
 ঘৰত মেলি চাই দেখিলো  কবিতা কবিতা লগা চিঠি এখন আৰু সি মোৰ ফোন নংটো বিছাৰিছে। 
 
 যি বুজিব লগা আছে বুজিলো। লৰালৰিকৈ  ফেচবুক খুলি তাক নম্বৰটো দিলো।
 
 এতিয়া মাত্ৰ কেৱল পঢ়া আৰু পঢ়াৰ সময়। কিন্তু মোৰ মনটো জানো কিয় উখল মাখল লাগি আছে। ঘৰৰ ফোন টো বাজিলেই লৱৰি যাও কিজানি তাৰ ফোন আহে। 
 
সদায় লুকাই লুকাই হলেও তাৰ নাম সন্ধান কৰো ফেচবুকৰ নীলা পৃষ্ঠাত। নাই  একাউন্ট ডিএকটিভেট 
 
উস বাৰে বাৰে মনলৈ যে তাৰেই ভাবনাবোৰ আহি আছে । পিতিকি মোহাৰি আছো তাৰ আখৰ থকা অংকৰ বহী খন।।।  
      
          কৌশিক ৰনজন বৰা
          দেৰগাও কমল দুৱৰা মহাবিদ্যালয়,
          দেৰগাঁও




উপহাৰ


          

           তিনিছৰমানৰ আগতে মই গোলাঘাটৰ চুম্পি নামৰ ছোৱালী এজনী মনেপ্ৰাণে ভালপাইছিলো আৰু তায়ো। তাইৰ বয়স তেতিয়া সোতৰ বছৰ আছিল , থকা 'লে এতিয়া বিছবছৰমান ' হেতেন কিন্তু তাই আমাৰপৰা বিদায় লৈ চিৰদিনৰ বাবে কোনোবা নজনা নেদেখা ঠাইলৈ গুচি গলগৈ যিখন ঠাইলৈ যোৱাটো অতি সহজ কিন্তু উভতি অহাটো কেতিয়াও সম্ভৱ নহয় কিয় আৰু কেনেকৈ আতৰি ' তাই ??? অসমীয়াত এষাৰ কথা আছে যে হৰিণাৰ মাংস্ই বৈৰী তাইৰো একে অৱস্থা ' নিজৰ ৰূপৰ বলী ' তাই
            সিহতৰ ঘৰৰ পৰা প্ৰায় 15 মি মান দূৰৰ 'ৰাএটাই ভালপোৱাৰ প্ৰস্তাৱ দিছিল তাইক কিন্তু তাই সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল কিয়নো সেই সময়ত তাই মোক মনেপ্ৰাণে ভালপাই আছিল ।কিন্তু সেই মানুহৰূপী দানৱটোৱে তাইৰ জীৱনটো ওলট-পালট কৰি দিলে। কোনোবা বেজৰ সহায় লৈ সি তাইক পলোৱাই লৈ গৈছিল সিদি না তাই জীৱনৰ মায়া মোহ তথা হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল আৰু প্ৰায় চাৰি মাহ মানৰ পাছতে তাই মদাহী  পতিৰ অত্যাচাৰ সহিব নোৱাৰি মাকৰ ঘৰলৈ ঘূৰি আহিবলগা হৈছিল , পেটত এটা অবুজ সন্তান লৈ তাই আহিল যি আহিলেই কোনোদিন পতিৰ ঘৰলৈ ঊভতি যোৱাৰ সুযোগ নাপালে আনহাতে সি কোনোদিন নাহিল তাইক বিছাৰি তাৰ ঠিক 5 মাহমানৰ পাছত তাই পাগলীৰ দৰে আচৰন কৰিবলৈ ধৰিলে অঘৰী মানুহৰ দৰে 'তে-'তে থাকিবলৈ 'লে কাৰোবাক লগ পালেই সোধে মোৰ কথা চিঞৰি-চিঞৰি গায় মোৰ ৰসগোল্লা শীৰ্ষক গীতটো ঘৰৰ মানুহে বিছাৰি আনিলেও ক্ষনতেক পাছতেই পুনৰ ঘৰ এৰি গুছি গৈছিল আৰু এনেদৰে ঘূৰি-ফুৰি থাকোতেই এদিন তাই এটি কন্যা সন্তানৰ জন্ম দিছিল
           তাৰ ঠিক 5 দিনমানৰ পাছতেই তাই সন্ধানহীন হয় ।ওচৰৰ আৰক্ষী চকীত জনোৱা 'ল। ঘৰৰ মানুহেও বহুত বিছাৰিলে কিন্তু কোনো সন্ধান নাপালে সন্ধানহীন হোৱাৰ এমাহমানৰ পাছত ফৰকাটিং ৰেইল ষ্টেচনৰ ওচৰত থকা খাল এটাত পুলিছে তাইৰ ডেডবডী উদ্ধাৰ কৰে এনেকৈয়ে মোৰ প্ৰেমৰ অন্ত পৰিল , এটা সঁচা প্ৰেম কাহিনীৰ অকালতে মৃত্যু ' ।চিনেমাত ঘটাৰ দৰে এটাৰ পাছত এটাকৈ সকলোবোৰ ঘটি ' , মই একোকে কৰিব নোৱাৰিলো হৈ থাকিবলগা ' এজন নীৰৱ দৰ্শক। তাইৰ হাঁহি , ধেমালি কান্দোনবোৰ বৰকৈ মনত পৰিছে আজি  তাই মোৰ বহু মৰমৰ আছিল তাইৰ মৌ মিঠা মাতেৰে love you বুলি কোৱা কথাষাৰ আজিয়ো মোৰ কাণত বাজি থাকে বাৰে বাৰে প্ৰতিধ্বনি হয় মই শিয়ৰি উঠোঁ ।কেতিয়াবা জোৰেৰে চিঞৰি দিওঁ চুম্পি বুলি দুগালেদি দুধাৰি চকুলো বৈ যায় মনৰ হেপাহেৰে কান্দো সচাকৈয়ে বহুত ভালপাইছিলো তাইক সেয়ে ছাগে আমাৰ মিলন 'হল ।তাইৰ ছোৱালীজনীৰ এতিয়া তিনিবছৰ হৈছে নামটো ৰিয়া মোক মামা বুলি মাতে বৰ মৰমলগা ছোৱালী , মাকতকৈ এগুণ বেছি মোৰ ফালৰপৰা তাইলৈ এটা সৰু উপহাৰ 50 হাজাৰ টকাৰ ফিক্সড দিপজিত    
         

          
          পৰেশ আকাশ