প্ৰথম খণ্ড সুবাস জুলাই ,২০১৭
নদীৰ কাষৰ গৰাটোত এটি সৰু জুপুৰি ঘৰ । জুপুৰি বোলাতকৈ এটা সৰু টঙী ঘৰ
বুলিলেহে বেচি ভাল হব । ঘৰৰ কোনো স্থায়ীত্ব নাই । ছাং ঘৰেৰে সজোৱা এটি সৰু কুটিৰ মাত্ৰ । এজন মানুহে থাকিব পৰাকৈ । তাতে সৰু সুৰাকৈ কেইপদ মান ঘৰুৱা ব্যবহাৰ্য্য সামগ্ৰী আছে । এযোৰ ষ্টীলৰ কাহি বাতি , এটি লোটা , মুখ মচা শুকান গামোছা এখন , অলপ শুকান খৰি যতে ততে পৰি আছে । মানুহ থাকিবৰ উপযোগী নহয় যদিও জুপুৰিটোলৈ চালে মানুহৰ অৱস্থিতি থকা যেন লাগে।
হয় , এজনী লিগিৰি থাকে । জুপুৰিটোৰ একেবাৰে কাষৰ পৰা লাগি আছে সুবিশাল ধননি পথাৰ । অৰ্ধেক পৃথিৱী জুৰি যেনিয়েই চকু যায় তেনিয়েই মাথো আঘোনৰ বিশাল ৰূপোৱালী ধাননি পথাৰ। যেন সমগ্ৰ ৰাজ্যখনৰ ধান খেতিবোৰ একেটা জেগাতে থুপাইহে ৰাখিছে । জুপুৰিটোৰ দক্ষিনে আছে এটি বৰ বিশাল জলাশয় । আচলতে সেই জলৰাশিটো আচিল একালৰ চলন্ত নদী । কিন্তু এতিয়া ই মৃত নদী । মানুহে ইয়াক কালিকা লগা হ্ৰদ বুলিয়েই কয় । ভিন ভিন জলজ জীৱ জন্তুৰ ভৰা সেই জলৰাশিতে আছে বহু হিংস্ৰ জলজ প্ৰানীও । সেই জলৰাশিত কাষৰ হাবি জংঘলৰ সকলো জীৱকুলে নিজৰ তৃষ্ণা নিবাৰণ কৰে। জুপুৰিতোৰ পশ্চিমে আছে এক বিশাল জংঘল । বহু বন্যপ্ৰানীৰ অবাধ বিচৰণ স্থলী স্বৰূপ সেই হাবিখনত একাধিক হিংস্ৰ জন্তুৱে সহাবস্থান কৰি আছে । জুপুৰিতোৰ পুৱ প্ৰান্তত আছে এখন দীঘে লেল পেল পাহাৰ শ্ৰেনী । সেই পাহাৰে যেন আকাশ আৰু পৃথিৱীৰ মাজত সম্বন্ধয়ৰ এনাজৰীহে গাঠিব খুজিছে। প্ৰাকৃতিক সুন্দৰতাৰ বিশাল আকৰ স্বৰূপ সেই পাহাৰখনি অলেখ হিংস্ৰ জীৱ জন্তুৰ অবাধ বিচৰণ ভূমি। প্ৰকৃতিৰ এনে এক বদান্যতাৰ মাজতে আছে সেই সুবিশাল ধাননি পথাৰ খন । আঘোন মহীয়া ধাননি পথাৰখন ৰখিবলৈ ৰাজদৰবাৰৰ পৰা এগৰাকী লিগিৰি আহে । লিগিৰি জনী ষোড়শী । দেখাত লিগিৰি যেন ভাৱ নহয় । কিন্তু সদায় সেই একেজনী ছোৱালীয়েই আহে ধান ৰখিবলৈ । ভাৱি আচৰিত হব লগীয়া কথাটো হল যে ৰাজ পৰিয়ালৰ দ্বাৰা সংৰক্ষিত ইমান সুবিশাল ধাননি পথাৰ খন সেই একমাত্ৰ ষোড়শী লিগিৰি জনীৰ দায়িত্বত । আমন জিমনকৈ বহি থকা ছোৱালী জনীৰ মুখৰ পৰা যেন হাঁহিয়ে ইতিমধ্যে মেলানি মাগিচে। কদাচিত সেই ছোৱালীজনীৰ মুখতো হাঁহি আচিলেই বা , কোনে জানে ? নিষ্ঠুৰ নিয়তিৰ নিদাৰুণ প্ৰহাৰত ছাগৈ তাইৰ মুখৰ পৰা হাঁহিবোৰে একেলগে বিদায় মাগিলে । ছোৱালী জনীৰ কৰুণ মুখলৈ চাই যাৰে তাৰে মায়া লাগি যাব । সমুখৰ ফাললৈ নিৰলস দৃষ্টিৰে উদাসীন বাবে চাই থকা ছোৱালী জনীক সুধিবৰ মব যায় , হে কন্যা , তুমি কিয় এনেকৈ মৰহা ফূলৰ দৰে ক্ৰমে ক্ৰমে লেৰেলি গৈছা ? তুমি হাঁহিলে চাগৈ পখীয়েও গীত জুৰিব ।
কিন্তু তেনেকৈ বাৰু তাইক সুধিব কোনে ?
ছোৱালী জনীয়ে নিজৰ মাজতে এট হিচাপ নিকাচ কৰাত ব্যস্ত । তাইৰ চকুত বিৰামহীন অশ্ৰু । তাইৰ মুখখন অসম্ভৱ দৃঢ় সিদ্ধান্ত এটাত যেন কঠিন হৈ পৰিছে । লাহে লাহে তাই সমুখৰ মৰা নৈখনৰ কাষলৈ গতি কৰিলে । তাই মুখেৰে কিবা বিৰবিৰাই আছে । ভালকৈ শুনি পোৱা নাই । তাই কাৰোবাক গালি পাৰিছে নেকি ? ওহো নহয় । কাৰোবাৰ ওচৰত অভিমান কৰিছে নেকি ? ওহো সেয়াও নহয় । তাই কান্দিছে , তাইৰ অশ্ৰুবোৰ দুৰৈৰ পৰাই স্পষ্টকৈ মনিব পৰা হৈছে । কিন্তু কিয় পানীৰ একদম কাষলৈ আহি তাই তেনেখন কৰিছে ধৰিবহে পৰা নাই ।
দুৰৈৰ পৰা ছোৱালী জনীৰ ৰেহৰূপ চাই থকা মালিনী বুঢ়ীয়ে কিবা এটা বিপদৰ গোন্ধ পালে । তাই দেখিলে যে ছোৱালী জনীয়ে এটি বিষাদী গীত জুৰিছে । যেন গাইছে " মাতৃ হেৰুৱালো নিচেই কুমলীয়াতে ,
পিতৃ হেৰুৱাইছো ৰণে ,
খুৰা খুৰী হেৰুৱালো নাগিনৰ হাততে ,
জীয়াই থকাৰ অধিকাৰ শেষ । "
মালিনী বুঢ়ীৰ চকুৰ সমুখতে জপংকৈ শব্দ এটা হ'ল । ছোৱালী জনীয়ে বুঢ়ীয়ে সন্দেহ কৰা মতেই নৈৰ পানীত জাপ দিলে ।
পাৰলৈ আনিয়েই মালিনীয়ে ছোৱালীজনীৰ পেটত জোৰে জোৰে হেচা মাৰি পানী খিনি ওলিয়াই দিবলৈ ধৰিলে । ছোৱালীজনীৰ গাত হুচ অহাৰ লক্ষন দেখা গ'ল । তাই এটা বিশেষ ধ্বনি কৰিলে যেন কাৰোবাক ৰিঙ এটাহে মাৰিছে । কিছুসময়ৰ পাছত সেই স্থানত ছোৱালী জনীৰ সম বয়সীয়া চাৰিজনী যুৱতী আহি হাজিৰ হ'ল । সিহঁত পাঁচোটাই মিলি ছোৱালী জনীৰ বিশেষ পৰিচৰ্য্যা আৰম্ভ কৰি দিলে । কিছু বেলিৰ পিছত ছোৱালী জনীয়ে সম্পুৰ্ণ জ্ঞান ঘুৰাই পালে । তাই লাহে লাহে চকু মেলিলে । হয়তো বুজিবলৈ চেষ্টা কৰিছে যে তাই ইহ জনমতে আছেনে নে পৰ জনম পালেগৈ । কিছুসময় মৌন হৈ থকাৰ পাছত হুৰাও হুৰাও কৰে ছোৱালী জনীয়ে কান্দিব ধৰিলে । মালিনী বুঢ়ীৰ সহিত চাৰিজনী যুৱতীয়ে মাথো আচৰিত হৈ চাই থাকিল । তেওলোকে তাইৰ কান্দোনক বাধা নিদিলে । যেন বাৰিষাৰ বাৰিধিৰ দৰে নামি অহা অবাধ্য চকুপানী বোৰ বৈ বৈ মনতো কিছু পাতল হওক বুলি ভাৱি লৈছিল । জীৱনৰ দুখবোৰ অন্তৰত বৰফ হৈ জমা থাকে । উপযুক্ত উত্তাপ পালে সেই বৰফবোৰ গলি গলি বাহিৰলৈ চকুপানীৰ ৰূপত ওলাই আহে । মনৰ মাজত যিমান বৰফ জমা হৈ আছে সিমান চকুপানী বাহিৰ হব । গতিকেই ক্ৰন্দসী মেঘক বাধা দি ৰাখিব নালাগে ।
কিছুসময়ৰ পাছত কান্দোন অলপ থমকিল । সুযোগ বুজি জ্ঞানী বুঢ়ীয়ে লাহেকৈ ছোৱালীজনীৰ মূৰত হাত ফুৰাই সুধিলে , " তোমাৰ নাম কি আইদেউ আৰু তুমি কিয় মৰিব খুজিছিলা ?"
ছোৱালী জনীয়ে সকাতৰে বুঢ়ীৰ মুখলৈ চাই কবলৈ ধৰিলে , " আই , আপুনি মোক কিয় মৰাৰ পৰা বচালে ? মোৰ এই পৃথিৱীত কেও কোনো নাই । মোৰ বাবে মৃত্যুৱেই সৱাতোকৈ উত্তম পথ । "
" এই পৃথিৱী খন বৰ সুন্দৰ অ আইদেউ । তুমিনো ক'ত দেখিছা এই ধৰাৰ আচল সুন্দৰতা । এই ধৰাৰ সেউজ বুকুত প্ৰান্তে প্ৰান্তে জীয়াই থকাৰ বাবে জীৱনী ৰসৰ প্ৰচুৰ সমল আছে । এই নদী , এই সেউজীয়া হাবিলৈ চোৱা , সেই মৰম লগা পখীবোৰলৈ চোৱা , সৌজাক সুন্দৰ হৰিনী জাকলৈ চোৱা , সৌৱা সৌৱা পখিলাৰ পাখিলাহী ধেমালু চোৱা । সেইবোৰৰ জীৱনী প্ৰাচুৰ্যতাই মানুহক এই ধৰাত জীয়াই থাকিবৰ বাবে সাহস যোগায় । মানুহে মৰিলে সত্যৰ পৰা পলায়ন কৰা হয় । জীৱনৰ সতে মুখামুখি হব লাগে । সমস্যাৰ সতে যুজিব লাগে । তেহে জীৱন সাম্ফল হব ।
বাৰু কোৱাচোন , তোমাৰ নামটো কি আছিল ?" বুঢ়ীয়ে আকৌ এবাৰ নামটো সুধিলে ।
" মোৰ নাম বনমলা । কিন্তু মোৰ নাম যে বনমলা সেই কথাটোৰ প্ৰমান মই দিব নোৱাৰা হৈছো । মোৰ নামটোক আৰু মোক মানুহে চিনি নোপোৱা হৈছে ।" ছোৱালী জনীৰ কথাবোৰ কিবা সাথঁৰৰ দৰে লাগিল । " তোমাৰ নাম বনমলা আৰু তোমাক মানুহে চিনি নোপোৱা কথাটো কি কথা সখী ?" চাৰিজনী যুৱতীৰ এজনীয়ে আশ্চৰ্যচকিত হৈ প্ৰশ্ন কৰিলে । " সেয়াই মোৰ জীৱনৰ চৰম অভিশপ্ত মুহুৰ্ত । মই আজি মোৰ নিজৰে পৰিচয় বিচাৰি হাবাথুৰি খাই ফুৰিছো । আৰু মোৰ নিজৰ পৰিচয় ওলিয়াব নোৱাৰিয়েই অৱশেষত নিজকে শেষ কৰিব ওলাইছো । "
" তোমাৰ কথাবোৰ বৰ জটিল আৰু সাঁথৰৰ দৰে । আমাক অলপ ভাঙি পাতি কোৱাচোন । আমি শুনো । " যুৱতী বোৰৰ বনমলাৰ কাহিনী শুনিবলৈ উদগ্ৰীৱ হৈ পৰিল ।
"মোৰ কাহিনী বৰ দীঘল আৰু জটিল । শুনিবৰ ধৈৰ্য্য হব জানো ?"
" আমাৰনো কি বেলেগ কাম আছে । তোমাক শুশ্ৰূষা কৰা আৰু আনন্দ দিয়াই একমাত্ৰ কাম । গতিকে তুমি কৈ যোৱা । আমি শুনি যাম ।" সকলোৱে সমস্বৰে কৈ উঠিল ।
" মোৰ নাম বনমলা আৰু মই এজনী ৰাজকুমাৰী । কিন্তু ঘটনাৰ পাকচক্ৰত পৰি আজি হলো এজনী বনকৰা লিগিৰি। মোৰ নিজৰ পৰিচয় শেষ হ'ল । মোৰ স্থিতি শেষ হ'ল । মই সত্যক উপস্থাপন কৰিব পৰা নাই ।" বনমলাই গভীৰ ভাৱে কথাবোৰ কৈ গ'ল ।
মালিনী বুঢ়ীয়ে মাজতে কৈ উঠিল , " শুনা বনমলা , মানুহৰ জীৱনত এনে এটা দিন নিশ্চয় আহে যিদিনা তেও নিজেনো কোন তাক লৈ উদ্ধিগ্ন হৈ পৰিব লগা হয় । মানুহৰ জীৱনত কোনোবা নহয় কোনোবা ক্ষণত নিজৰ পৰিচয় , নিজৰ স্থিতিক লৈ গভীৰ সংকটত সোমাই পৰে । তেতিয়াই আৰম্ভ হয় আত্মাণুসন্ধান । সেই সন্ধানৰ ওপৰতেই নিৰ্ভৰ কৰে জীৱন যুজৰ পৰিণাম । আমি আত্মাণুসন্ধানৰ জৰিয়তে সত্যক প্ৰতিষ্ঠা কৰিবই লাগে । তুমি দেৱীৰ প্ৰসাদত জন্ম লভা এক সৌভাগ্যশালিনী কন্যা । সংসাৰত সত্য প্ৰতিষ্ঠা কৰা আৰু ন্যায় ধৰ্মৰ ধ্বজা বহন কৰাতো তোমাৰ একান্তই ধৰ্ম । তুমি এনেকৈ মৰিব নোৱাৰা । তুমি সত্যক প্ৰতিষ্ঠা কৰি লব লাগিব । তাৰ পাছত তোমাৰ যি মন যায় কৰি লব পাৰিবা । অন্তিম মুহুৰ্তলৈমে তুমি ন্যায় আৰু সত্যৰ হকে অবিৰাম যুজি যোৱা । তোমাৰ মনোবাঞ্ছা পূৰ্ণ হোৱা নিশ্চিত । তুমি দেৱীৰ সন্তান । সংসাৰক তোমাৰ দিবলগীয়া বহুত আছে । "
" আই , পিছে কিনো হব মোৰ জীয়াই থাকি ? মই মাতৃহাৰা হলো জন্ম মুহুৰ্ততে । মোৰ পিতৃ আৰু খুৰা খুৰীৰ তত্বাৱধানত শৈশৱ কাল অতিবাহিত হ'ল । কিন্তু খুৰা খুৰীও এসময়ত মোক এৰি দেশান্তৰ হ'ল । সংকটৰ বেলাত পিতৃদেউৰ আদেশত খুৰা খুৰীৰ ওচৰত আশ্ৰয় বিচাৰি ইমান দুৰ আহিলো কিন্তু মুৰকত মোৰ আপোন বান্ধৱীৰ বিশ্বাসঘাতকতাৰ বলি হৈ খুৰা খুৰীৰ ওচৰত নিজৰ পৰিচয় হেৰুৱালো । আৰু অৱশেষত নিজৰ পিতৃ মাতৃ স্বৰূপ খুৰা খুৰীৰ গৃহত বান্দীৰ জীৱন কটাব লগাত পৰিছো । গতিকে মোৰ আৰু কি থাকিল মৃত্যুৰ কোলাত আশ্ৰয় লোৱাত বাদে । "
গভীৰ বেদনাৰে বনমলাই কৈ গ'ল তাইৰ জীৱনৰ বেদনাবোৰ ।
" আইদেউ ,জীৱন মানেই পোৱা নোপোৱাৰ সমষ্টি । জীৱন এক সংগ্ৰাম স্থলী । গতিকে ইয়াত সংঘাত সংঘৰ্ষ অতি সাধাৰণ কথা । তুমি যিমান দুখেৰে আগুৱাই আহিলা এবাৰ আকৌ সেই ৰাষ্টাত ভুমুকি মাৰি চোৱাচোন । তেতিয়া দেখিবা ক'ত কি কেনেকৈ হেৰুৱালো , কিয় হেৰুৱালো । "
বাৰু তোমালোকে কথা পাতাচোন । মই যাও । মোৰ আন কাম আছে । তুমি চিন্তা নকৰিবা বনমলা । আজিৰ পৰা তুমি বনদেৱীৰ আশ্ৰয়ত আহিলা । সেই চাৰি কন্যাই তোমাৰ লগত অহৰহ ছাঁয়াৰ দৰে লাগি থাকি তোমাৰ সুবিধা অসুবিধাৰ যতন লব । তুমি হাঁহি মাতি জীৱনৰ ৰং বোৰ উপলব্ধি কৰিবলৈ চেষ্টা কৰা । দেখিবা জীৱন সুন্দৰ । মৰিবলৈ নিবিচাৰো আমি এই সুন্দৰ ধৰাত ,
মানুহৰ মাজত আমি জীয়াই থাকিব খোজো ।
প্ৰকৃতিৰ লীলা মালা বুজিব নোৱাৰি ,
নতুন পোহৰৰ ঢল যেনিতেনি সৰে । "
বুঢ়ীয়ে সেই বুলি বিদায় মাগিলে ।
বনপৰী যুৱতী চাৰি গৰাকীয়ে বনমলাৰ আৰু কাষ চাপি আহিল । তেওলোক বনমলাৰ বৃতান্ত শুনিবলৈ উদগ্ৰীৱ হৈ পৰিছিল । আটায়ে বনমলাক কাবৌ কৰিলে যাতে তাইৰ কাহিনী সিহঁতক সোনকালে কয় ।
বনমলাই অলপ সুস্থিৰ হৈ আৰম্ভ কৰিলে " আমাৰ এখন অতিকৈ সমৃদ্ধশালী এখন ৰাজ্য আছিল । নাম হ'ল অম্ৰাপুৰী । ইন্দ্ৰৰ ৰাজধানিজ অম্ৰাৱতীৰ সমানেই ধূনীয়া আৰু সমৃদ্ধশালী হোৱা বাবেই আমাৰ ৰাজ্যখনৰ নাম ৰখা হৈছিল অম্ৰাপুৰী । মোৰ দেউতাৰাৰ নাম বৃহমল । মাতৃ কাদম্বিনী । দেউতাৰ এজন সুশীল তথা মহানুভৱ ভাতৃ আছে যাৰ নাম সুৰমল । মোৰ মৰমৰ খুৰা । মোৰ জন্মৰ পাছত সকলোৰে ৰাজহুৱা খুৰা হ'লগৈ খুৰা সুৰমল । খুৰীৰ নাম সুজাতা । পৃথিৱীৰ আটাইতকৈ মৰমিয়াল আৰু সোনালী হৃদয়ৰ মাতৃ হ'ল মোৰ খুৰী সুজাতা । বহুদিনলৈ মা দেউতা , খুৰা খুৰী হতঁৰ কোনো সতি সন্ততি হোৱা নাচিল । সেয়ে তেওলোক সকলোৱে মিলি দেৱী সৌদামিনীক আৰাধনা কৰিছিল । দেৱীয়ে সন্তুষ্ট হৈ তেওলোকক এজনী জী আশীৰ্বাদ ৰূপে আগবঢ়াই । আৰু এটি মোহিনী মণি এধাৰি লগত উপহাৰ দিয়ে ।
কিন্তু মোৰ কপাল চাগৈ বেয়া আছিল । সেয়ে মোৰ জন্মৰ কিছুদিনৰ পিছতেই মোৰ মাতৃ স্বৰ্গগামী হয় । খুৰা খুৰীৰ তত্বাৱধানত লাহে লাহে ডাঙৰ হব ধৰিলো ।কিন্তু এদিন খুৰা খুৰীও মোক এৰি দুৰ দেশলৈ গ'ল । তেওলোকে ৰাজ্য বিস্তাৰ কৰি নতুন ৰাজ্য ললে । তাৰ পিছত মই সখীসকলৰ লগতে আলাসতে ডাঙৰ হব ধৰিলো । কিন্তি হঠাৎ কি হৈ গল জানো কব নোৱাৰিলো । সকলো বোৰ মোৰ বাবে একোটা ভয়ানক সপোনৰ দৰে লাগে । কবলৈকে ভাষা নাই । কিন্তু মই কৈ যাম । "
ক্ৰমশ......
হৰিচৰণ পেগু
দূৰভাষ :- ৭০৩৫৯৩০৩৯০