বেটুপাত

বেটুপাত

Thursday, 13 July 2017

মায়া

                                                                                 সুবাস  জুলাই ,২০১৭

যিদিনা...
   মৃত্যুৰ শীতল কোলাত
    আশ্ৰয় ' ..
    মোক সেইদিনা
     একোৱেই প্ৰয়োজন '' ,
      অতদিনে কৰি অহা 
       হাবিয়াসবোৰৰো অন্ত পৰিব,
        আধাৰুৱা সপোনবোৰো সপোন হৈয়ে '
         চিনাকি মুখবোৰো অচিনাকি '....
          আপোন মানুহবোৰো পৰ '....||


    জীয়াই থকা দিনবোৰত 
    কিমান যে বিচাৰিলো
    নোপোৱাটো পাবলৈ
    কিমান যে,
    যত্ন নকৰিলো !
    মায়াৰ বান্ধোনেৰে বান্ধ খাই
     ' যে কি নকৰিলো.....|

    
জীৱনটোত কি পালো ?
 যিমানখিনি পালো
 সিমানখিনি হেৰুৱালো,
 সুখ বিচাৰি বিচাৰি
  দুখবোৰহে পালো
  সপোন বাস্তৱ কৰিবলৈ যাওঁতে
  বাস্তবৰ সংঘাতপূ্ৰ্ণ বাটত
  বাৰে বাৰে উজুটি খালো |

  তথাপি জীয়াই থকাৰ
  বাসনা জাগে.....
  জীৱনত আৰু কিবা কৰি যোৱাৰ 
   হেপাহ জাগে....
   মৃত্যুৰ পাছততো একোৱেই নালাগে
   তেনে কিয় জাগে  ?
   জীয়াই থকা দিনবোৰত
   এই অন্তহীন হাবিয়াস...??
  পাৰাপাৰ নোহোৱা সপোনবোৰে পাৰ বিচাৰি
   বাৰে বাৰে কিয় আমনি কৰে....?

   এয়াই নেকি মায়াৰ বান্ধোন
   হাহিঁ কান্দোন,
   সুখ দুখৰ লগত
    হেতালি খেলা...
     জীৱনৰ অন্যৰূপ.....||



চাইকী ফুকন