বেটুপাত

বেটুপাত

Thursday, 13 July 2017

ভোক

                                                                                                           সুবাস  জুলাই ,২০১৭
ভৌ……ভৌ……ভৌ………

কুকুৰটোৰ ভুকভুকনিত সি তালৈ চালেআজি অসহ্য লাগিছে তাৰ গলুক……পেটৰ ভিতৰত পুহি ৰাখিছে একুৰা জুইআজি গলুয়ে একো এটা বুটলিব পৰা নাই গলুয়ে  কেতিয়াবা কৰবাৰ ডাষ্টবিনৰ পৰা বুটলি আনে বিষ্কুট অথবা হোটেলৰ পাছফালৰ পৰা  ৰুটিৰ টুকুৰাগলুয়ে অকলে নাখায়যি পায় তাকেই লৈ আনে তাৰ বাবেও……পৰম তৃপ্তিৰে দুয়োটাই সেয়া খায়গলু তাৰ কুকুৰটোৰ নাম সি নিজেই দিছিল নামটোকিন্তু তাৰ নিজৰ নিদিৰ্ষ্ট নাম এটাহে নাই আগতে এঘৰ মানুহৰ কেচুঁৱা ছোৱালী এজনী চোৱা-চিতা কাম কৰিছিল সি তেতিয়া সিঁহতৰ ঘৰত তাৰ নাম আছিল পোৱালী , 'ৰা ইত্যাদি সকলোৱে সেই নাম দুটাৰেই মাতিছিল তাক……এতিয়া তাক মাতিবলৈ মানুহ নাই মা-দেউতা আদি শব্দবোৰ তাৰ বাবে অমূলক

ভৌ……ভৌ………ভৌ………

আকৌ ৰাউ চিঞৰ দিছে গলুৱে
--- একো এটা যদি যোগাৰ কৰিব নোৱাৰ চিঞৰি নাথাকিবি আজি ময়ো একো যোগাৰ কৰিব নোৱাৰো ভোকতে থাকিম  

গলুক উদ্দেশ্যি কোৱা কথাখিনি গলুৱে বুজি উঠিল হয়তো কু - কুৱাই নেজ ডাল লৰাই তাৰ ভৰি দুখনৰ ফাঁকত সোমাই পৰিল সি

---- গলু……গুছ্……মোক আমনি নকৰ……

গলুৱে তাৰ মুখলৈ চালেকু-কু শব্দ এটা কৰি  এইবাৰ সি নেজ ডাল লৰাই লৰাই এবাৰ তাৰ মুখলৈ চায় আঁতৰ 'সি জানে এতিয়া গলু খাদ্যৰ সন্ধানত যাব। 
--- গলু গাড়ীবোৰৰ কাষলৈ নাযাবিলাগিলে আজি নাখায়ে থাকিমসিদিনা দেখিলি নহয় তোৰ লগৰ তোৰ অৱস্থা

গলুয়ে আকৌ কু-কু শব্দ এটা কৰিলে……এই কু-কু নামটো তাক গলুয়ে দিছে প্ৰতিটো কথাৰ উত্তৰ গলুৱে তাক কু-কু শব্দ কৰিয়ে দিয়ে। গতিকে সি এতিয়া এটা নিজে নাম বিছাৰি পাইছেনামটো কু-কু এতিয়াৰ পৰা সি যদি কৰবাত কাম বিছাৰি যায় মানুহে নাম সুধিলে ' তাৰ নাম কুকু……বিজয়ৰ হাঁহি এটা মাৰি নিজক নিজে মাতিলে সি কুকুকুকু……কিন্তু তাক সমৰ্থন কৰিবলৈ তেতিয়ালৈ গলু কাষত নাছিলতাক সমৰ্থন জনাই কু-কুৱাই উঠিল তাৰ পেটতোয়ে……ভোকত থাকিব নোৱাৰি এই বাৰ চিঞৰিছে পেটে।।

কালি দুপৰীয়াৰ পৰাই সিহঁত দুয়োটাই একো খাবলে পোৱা নাইপুৱাৰ ভাগতেই কোনোবা কল বেপাৰীৰ পৰা পৰি গৈছিল তিনিটা মৰহা কল……তাকেই বুটলি আনিছিল কুকু ৱে……দুটা কল দুয়োটাই খায় বাকী থকা টো এটুকুৰা গলুক দি এটুকুৰা সি খাইছিল।। ৰাস্তাৰ সিটো পাৰে গলুৰ লগৰ এটা আছিল সি দেখি আছিল কুকু-গলুৱে কল খোৱাৰ দৃশ্যটো ভোকত হয়তো তাৰ পেটতোও কলমটিয়াই উঠিছিল সেয়েহে ৰাস্তাৰ গাড়ীবোৰ মন নকৰি গলু-কুকু ওচৰলৈ দৌৰিছিল দুৰ্ভগীয়া কুকুৰটো। হায়…… দুৰ্ভাগ্য……!!!!! তীব্ৰবেগী বাছ এখনে মহটিয়াই পেলাইছিল কুকুৰটোকগলুৱে চিঞৰিছিল বহুতহয়তো কান্দিছিল তাৰ গাত চপৰিয়াই চপৰিয়াই কুকুৱে গলুক আতৰাই আনিছিল।। আতৰি আহি কান্দিছিল কুকুয়েওএই কুকুৰ দুটায়েই মাত্ৰ তাৰ লগৰীয়া ভদ্ৰ মানুহ বোৰে তাক সংগ নিদিয়ে ।। তাৰ মাজৰে এটা মৰি গৈছিল চকুৰ আগতবলীয়াৰ দৰে কান্দিছিল গলুৱে-কুকুৱেক্ষন্তেকৰ বাবে সেই ঠাইডোখৰ মানুহেৰে ভৰি পৰিছিল আৰু ক্ষন্তেকতে আতৰি গৈছিল নগৰ সমিতি ভদ্ৰ এজনে মৰা কুকুৰ টো আতৰাই পেলোৱাৰ ব্যৱস্থা কৰিছিল।।

আঃ……আৰ্তনাদ কৰি উঠিল কুকুৱেপেটতোয়ে আকৌ চিঞৰিছে কিন্তু শক্তিবিহীন কুকু ।। পেটৰ কথা নভবাকৈয়ে শুই পৰিল সি গছজোপাৰ তলত।। 

এসময়ত এখন ঘৰ থকাৰ নিচিনা ছৱি এতিয়াও মনত আছে কুকুৰহয়……হয়……এখন মলিয়ন ছৱিতাত এখন ঘৰ আছিল কুকু ৰএন্ধাৰ গলি এটা, ' ভদ্ৰ পুৰুষ বোৰৰ মুখা খুলি যায়মুখা খন খুলি থয় ক্ষন্তেকৰ বাবে আৰু কামনাত সিক্ত হৈ উবুৰি খায় পৰে একো-একোটা পুতলাৰ ওপৰতপুতলাবোৰে কান্দিব নাজানেহাঁহিবও নাজানেকিন্তু ভোকৰ প্ৰকোপত চিঞৰিব জানে এমুঠি ভাত……
সেই মলিয়ন ছৱি খনৰে কোনোবা এটা চুকত আছিল কুকু

মলিয়ন ছৱি খনতে এদিন সি শুনিবলৈ পাইছিল---- এই ৰচকী' এই বেটাই এদিন আমাৰ ব্যৱসায় মৰাব আমাৰ গলিত 'ৰা মানুষ ৰখা বন্ধআপী 'লে বেলেগ কথাতই ইয়াক 'ৰবাত বেছি দেনহলে আমাকে দি দেআমি মেনেজ কৰাব……

----ঠিকেই……ঠিকেই মনত পৰিছে কুকুৰতাৰপিছতে সি এঘৰ মানুহৰ কেচুৱা ৰখা কাম কৰিছিলএদিন তাৰ কাম শেষ হৈছিল মানুহঘৰতপঠিয়াই দিছিল তাক……ৰাস্তাত ভৰি থৈ সি দেখিছিল এটা পোৱালী কুকুৰউদ্দেশ্য বিহীন ভাৱে সি খোজ লৈছিল আগলৈ……পাছলৈ চোৱা নাছিলপেটৰ ভিতৰত হোৱা কথোপকথনত ৰৈ গৈছিল কুকু……পাছলৈ ঘূৰি চাইছিল কিমান দূৰ বাট আহিল সিনাই একো চিনাকি ছৱি নাছিলমাত্ৰ কুকুৰটোৰ বাহিৰে……তাৰমানে কুকুৰটো তাৰ পাছে-পাছেই আহি আছিল……হোটেল এখনত সুধিছিল তাক ৰাখিব নেকি ?? কিন্তু মালিক মান্তি নহ'……ইমান সৰু 'ৰা হোটেলত ৰাখিব নোৱাৰিইয়াৰ পাছতো সি কেইবাখনো হোটেল গছকিছিল সকলোৰে একেই প্ৰশ্ন……কিমান বয়স তোৰ ??? কুকুৰ টো তেতিয়াও তাৰ পাছে পাছেই আহি আছিলমৰম লাগিছিল তাৰএকোবত মৰমেৰে কোলাত তুলি লৈছিল।তাৰ গাত হাত ফুৰাই কৈছিল……গলু……গলু……গলু………তোৰ নাম গলু দেইমোৰ কোনো নাইমোৰ লগতে থাকিবি তই হব…!!! …ওম্মাহ্……
চুমা এটা আঁকি দিছিল মুগাবৰণীয়া  গলুৰ পিঠিত


ভৌ……ভৌ……ভৌ……


গলু আহিলি নেকি ??? হঠাৎ খকমকাই উঠি বহিল সি। গলুৰ মুখত এটা টোপোলাটোপোলাটোৰ পৰা তেজ বাহিৰ হৈছে……ঘৃণাত মুখখন কোচাই পেলালে সি ।। কি আনিছে এইটো গলুৱে……মাংস হয় চাগেকোনোবা মাংস বেপাৰীৰ পৰা চুৰ কৰিছে সি……বেয়া কাম……বেয়া কাম গলু……চুৰ কৰা কাম বহুত বেয়া……
পাপে চুব তোক……কথাষাৰ কবলৈ লৈও ৰৈ ' কুকু……

গলুৰ মুখত সেইটো মানুহৰ মাংসপিণ্ডমৃত সৰু কেঁচুৱা এটাকুকু সৰু 'লেও কথাবোৰ বুজি পায়সমাজৰ নঙঠা ৰুপ সি দেখিছেবুজিবলৈ বাকী নৰ' একো কুকুৰ……

---গলু , গলু……মুৰ্খ তই……আঁতৰ আতৰ গলু……

কুকু দৌৰিবলৈ ধৰিছিল সেই ঠাইৰ পৰা……গলু সঁচাকৈয়ে মুৰুখ…… সি এটা কুকৰ হে !!! স্বামীভক্ত গলু আচৰিত হৈছিল……মাংসপিণ্ডটো তাতেই পেলাই সিও দৌৰ দিলে কুকুৰ পাছত !!! পাছলৈ চায় কুকুৱে দেখিলে ঠাইডোখৰ মানুহেৰে ভৰি পৰিছে ।। কুকু দৌৰাত বাধা দি এজন মানুহে আগচি ধৰিলে……গলু আৰু তাৰ ওপৰত পৰিছে কেমেৰা ফ্লাছহাতত যন্ত্ৰ এটা লৈ এজনে কথা কৈছে……ভয়ত গলুৱে কুচি-মুচি সোমাই পৰিল কুকু ৰ দেহত……অপৰাধ বোধত গলুৰ চকু দুটাও তিতি গৈছে……তেনেতে আগবাঢ়ি আহিল এজন শকত-আৱত দৈত্যকায় ব্যক্তিকুকু-গলুৰ গাত হাত থৈ মানুহজনে চিঞৰিছে---আজিৰ পৰা এইদুটা মোৰ সন্তানমই আজিৰ পৰা সন্তানহীন নহয়……লগে লগে তিনিওজনৰ ওপৰতে জপিয়াই জপিয়াই পৰিলহি কেইবাটাও কেমেৰাৰ ফ্লাছক্লিক……ক্লিক……ক্লিক……
অপৰাধ বোধত গলুৱে চাই থাকিল কুকুলৈ……


সান্তনাৰ সুৰত কুকুৱে হাত ফুৰাই থাকিল গলুৰ পিঠিত……লাহে-লাহে মানুহৰ ভিৰ বাঢ়িছিলকেমেৰাৰ সংখ্যাও বাঢ়িছিলএইবাৰ মানুহৰ ভিৰ ফালি কুকু খোজ দিলে মানুহজনৰ হাতত ধৰিগলু তেতিয়া শুই পৰিছিল কুকু ৰ কোলাতসি যেন বুজিছিল সিঁহতৰ ওচৰলৈ এতিয়া জোন আহিছে……তৰা আহিছে……ভোক আৰু সিঁহতৰ কোনোদিন নালাগে।
   

পল্লৱী হাজৰিকা 

বোকাখাত,ৰজাবাৰী