বেটুপাত

বেটুপাত

Thursday, 13 July 2017

সম্পৰ্ক

এজাক ধুমুহা বতাহ                                                              সুবাস  জুলাই ,২০১৭
 লাহে লাহে মুষলধাৰে বৰষুণ
সেই বৰষুণে তিয়াইছিল তোমাৰ সমগ্ৰ শৰীৰ
পৰি আছিল এটোপ এটোপ কৰি তোমাৰ দেহৰ পৰা পানীৰ টোপালবোৰ
আৰু সেই দৃশ্য চাই 
যে তাৰ পৰা আতৰি যাব লাগে
কিন্তু কিয় আতৰি যাব
লাগে
বৰষুণত তিতা তোমাৰ দেহাটো নোচোৱাকৈ
প্ৰকৃতিৰ গছ গছনিৰে ভৰপূৰ সমগ্ৰ পৃথিবীখনক সকলোৱে চাই ভাল পাই
তোমাৰ তিতা দেহাটো দেখিলে মই তোমাৰ প্ৰেমিক হব মন যায়
তোমাৰ বহুত।
ভাল লাগে 
তোমাৰ ওচৰতে সদায় মোৰ ভাগৰুৱা দেহাটোক শাঁত পেলাব পাৰোঁ
যেতিয়া মই কৰবাৰ পৰা আহোঁ 
তুমিয়েই মোক জিৰাবলৈ তোমাৰ দেহাৰ তলত ঠাই দিয়া
তোমাক এৰি থাকিম কেনেকৈ
তুমি ভাবি চাইচানে
তুমিনো ভাবিবা কেনেকৈ?
তোমাৰটো মোৰ দৰে ভবা শক্তি নাই
তোমাৰ নিচিনা বহু আছে
এই পৃথিবীখনত
কিন্তু সকলোকে জীয়াই ৰাখিব লাগিব আমাৰ জীৱনৰ সুখ দুখ অনুভৱ কৰিব পৰাকৈ 
আমিয়ে জীয়াই ৰাখিব লাগিব
প্ৰতিটো উশাহত-নিশাহতে তোমাক প্ৰয়োজন
তোমাৰ মোৰ মাজত সম্পৰ্ক আছে 
তোমালোক নাথাকিলে আমিও থাকিব নোৱাৰো
সেইয়ে আমি কেতিয়াও বিচ্চন্ন হব নোৱাৰো

প্ৰাঞ্জল শংকৰ দত্ত
গোলাঘাট