বেটুপাত

বেটুপাত

Thursday, 13 July 2017

এটা হেঁপাহৰ কবিতা

                                                                                  সুবাস  জুলাই ,২০১৭

এটা কবিতা লিখাৰ 
মন আছিল মোৰ ,
এটা হেঁপাহৰ কবিতা  

' থাকিব মোৰ 
সমস্ত হৃদয়ৰ ভাষা
' থাকিব মোৰ
মনৰ আত্মকথা

হৃদয়ৰ আবেগ ঢালি
মনৰ মাজত উমলি থকা
কিছুমান সহজ সৰল শব্দ
' থাকিব এখন মনোৰম ছৱি
মই লিখিব বিচাৰো 
এটা হেঁপাহৰ কবিতা

মৌনভাষা বোৰে মোৰ
প্ৰাণ পায় উঠিব
দুখৰ মোহনা বোৰ 
বৈ যাব পাৰ ভাঙি
জন সমুদ্ৰলৈ

মোৰ নিসংগ সময়ৰ 
লগৰী হব মোৰ এই
হেঁপাহৰ কবিতা ,
ভাল নলগা হৈছে
মোৰ এই নিসংগতা বোৰ।

আৰু থাকিব তাত
পোৱা নোপোৱাৰ হিচাপ
জীৱনৰ ্যস্ততাৰ আৰত
লুকাই থকা অৱসাদ,
ৰঙীনতাৰ আঁৰত লুকাই থকা
বিষাদৰ চকুলো

এই হেঁপাহৰ কবিতাৰ
পাখিত ধৰি উৰি যাম মই
পৰীৰ দেশলৈ , ' নাই 
কোনো দুখ , কোনো যান্ত্ৰনা।

হয়তো তুমি নুবুজিবা মোৰ
কবিতাৰ   অৰ্থ , কাৰণ 
মোৰ সম্পূৰ্ণ নিজৰ 
আত্মকথা    
মোৰ হেঁপাহৰ এটা কবিতা
' পৰা পাওঁ মই জীয়াই
থকাৰ অনুপ্ৰেৰণা  ।।।।


  ৰূপা গগৈ
  গুজৰাট