বেটুপাত

বেটুপাত

Thursday, 13 July 2017

জড়তা

                                                                                               সুবাস  জুলাই ,২০১৭


হঠাতে পোহমনা আপদালটো হেৰায়
পুৰণিবোৰ এদিন সাধু হয়
পিৰালিত বহি সাধু শুণে তাই
'দে পুৰি ছাই কৰে পিঠিৰ পাখি
সাধুবোৰ শেষ হলে উভতি নাযায় তাই
তাইৰ বাহত যে ঠেৰেঙা শীত
শীতৰ আবুৰতাত অনভ্যস্ত ঠোঁট,চকু
টনটনায়,বিষায়
নখত শীতে বিন্ধে,কুঁটে
সেই শীততে দহে তাই
যি তাই বুজে
অথচ বুজাব নোৱাৰে
অতীতৰ আত্মবিমুখ সাধুৰ এটাৰ বাবে।





অৰুন্ধতি বৰুৱা