বেটুপাত

বেটুপাত

Thursday, 13 July 2017

পিতাইৰ শৰীৰত শিপোৱা সেউজবুলীয়া সপোনটি

সেউজবুলীয়া সপোন এটাই                                                             সুবাস  জুলাই ,২০১৭
পুনৰ শিপাইছে পিতাইৰ শৰীৰত
পথৰুৱা গোন্ধ এটাই
ক্ৰমাৎ আমনি কৰিছে পিতাইক
টকৌপতীয়া জাপিটো চিকুনাইছে পিতায়ে
নাঙলটো আৰু মৈটাটোও নমাইছে
বৰচাঙৰ পৰা,
ক্ৰমাৎ সেউজীয়া হৈছে পিতাই।

আবেলি,
পিতাই পথাৰলৈ যোৱা নাচিল,
সোণগুটি বুটলিবলৈ।
ৰাংঢালীৰ ভদীয়া বানে
চুৰমাৰ কৰিছিল পিতাইৰ সপোন।
আয়েহে বোটলিছিল লেছেৰি
লখিমী বুলি,
পিতাইৰ ত্ৰস্তমান সপোনক।

আলসুৱা মোৰ পিতায়ে
পূণৰ সিঁচিব সপোন।
বাৰে বাৰে আশাহত হৈয়ো
মোৰ পিতাই স্থিতপ্ৰজ্ঞ,
যাৰ বাবে তেওঁ
ৰচিব পাৰে সেউজীয়া সপোন।

সেউজবুলীয়া সপোন এটাই
পূণৰ শিপাইছে পিতাইৰ শৰীৰত
পথৰুৱা গোন্ধ এটাই
ক্ৰমাৎ আমনি কৰিছে পিতাইক
ক্ৰমাৎ ব্যস্ত হৈ পৰিছে পিতাইৰ দুহাত
সেউজবুলীয়া সপোনটিৰ বাবে।

তপন কুমাৰ নগঞা