বেটুপাত

বেটুপাত

Thursday, 13 July 2017

আকাশৰ বুকুত জিৰাব বিছাৰো

                                                                                    সুবাস  জুলাই ,২০১৭
মোৰ হৃদয়খন তোমাৰ হৃদয়ৰ লগত সংলগ্ন কৰিব বিছাৰো 
মই জানো কেতিয়াও এইয়া সম্ভৱ নহয়
তথাপিও তোমাৰ ওচৰলৈযাওঁ
যদিওবা সম্ভৱ হয়েই মোৰ একাগ্ৰ প্ৰচেষ্টাত

এপাত তাল কেতিয়াও নাবাজে
জনাৰ পিছতো
সুন্দৰ পৃথিবীখন দেখি আত্মবিভোৰ হওঁ
পাহৰি যাওঁ সময়ৰ সুৰ
পাহৰি যাওঁ সময়ৰ গান
ইমান বিশাল পৃথিবীখন
ইমান সুন্দৰ
দুহাতেৰে আলিঙ্গন কৰাৰহেপাঁহসেইয়া যেন সপোন হৈ ৰয়।।

প্ৰেমৰ গভীৰতা জানিবলৈ ……
দিনৰ সুৰ্যক সুধো
ৰাতিৰ আকাশত জিলিকি থকা তৰা আৰু জোনটিক সুধো
পুৱাৰ মৃদু মলয়াজাকক সুধো সকলো মৌন
সকলো নিৰোত্তৰ…!

এদিন সুধিলো হে আকাশ তুমিয়ো যেনেকৈ সমগ্ৰ পৃথিবীখন, গ্ৰহ ,
নক্ষত্ৰ তৰাহাতিপতীসকলো কঢ়িয়াই ফুৰা নিজ অন্তৰত……
সেয়েহে
মোৰো মন যায়
তোমাক মোৰ হৃদয়ত কঢ়িয়াই ফুৰিৱলৈ……!

হে আকাশ 
     তোমাক 
সুধিছো তুমি সন্মত নে?……

ধনটি শইকীয়া

লখিমপুৰ