বেটুপাত

বেটুপাত

Thursday, 13 July 2017

তোমাৰ অবিহনে


                                                                 সুবাস  জুলাই ,২০১৭

তোমাৰ অবিহনে কথা হৈছো
এই নিসংগ নিৰব ৰাতি
তোমাৰ প্ৰেমেইটো শিকাইছিল,,
নিসংগ পলক প্ৰেমৰ ৰঙেৰে ৰঙীন কৰিবলে।।
বৰষূণ মোৰ প্ৰিয় আছিল
তোমাৰ প্ৰেমৰ বৰষূনত তিতি আৰু অধিক মাতাল হৈ পৰিছিলো,
তুমিয়েইতো ৰঙীণ কৰিছিলা মোৰ বুকুৰ সমস্ত ভূগোল,
প্ৰেমত পৰিছিলো নতুনকৈ বৰষূণৰ টোপালৰ,
ভাল লাগিছিল উদিত সূৰুযৰ নৱকিৰণ, অৱনমিত সূৰুযৰ হেঙূলীয়া আভা।।
বুকুৰ সেন্দূৰীয়া ভালপোৱাকো নেওচি গুচি গলা তুমি মোৰ পৰা,
তুমিহে মােৰ মইটো তোমাৰ নহয়।।
তোমাৰ অবিহনে জীয়াই থাকিবলে শিকিছো ক্ৰমশ:
কস্ট হব , হলেও হওঁক
জীয়াই থাকিম,
তুমি হীনতাত, তুমি অবিহনে..............



তৃষ্ণা বৈশ্য