বেটুপাত

বেটুপাত

Thursday, 13 July 2017

মিনুবৌ

                                                                                                     সুবাস  জুলাই ,২০১৭
                কেইবাদিনো 'লে মইহে গেৰুগেঁথো কৰি আছিলো চাই দিবাচোন তাইক মোৰ একেবাৰে সময় নাই বৌ এনেয়ে চাই দিব নালাগে নহয় কিবা এটা দিম কিবা এটা দিয়াৰ কথা নহয় মোৰ সময়হে কম বৌ

আচলতে মোৰ সময় নথকা নহয়মইহে এই জেঙত সোমাব খোজা নাই জেং ? এৰা ! জেং

পকা ৰাস্তাটোৰ পৰা আমাৰ চুবুৰীটোলৈ প্ৰথমে এটা ৰাস্তাই আছিল চুবুৰীটোলৈ সোমাই অহা ৰাস্তাৰ বাওঁফালে বাঁহনিডৰা বৰষুণ এজাক হলে ৰাস্তাটোত বোকা হয় বোকাত পাৰি দিয়া কলগছৰ টুকুৰা আৰু তামোলগছৰ ঢকুৱাবোৰ বোকাত পোত গৈ যেতিয়া যাব নোৱাৰা হয় তেতিয়া বাওঁফালৰ বাঁহনিডৰাৰ কাষেৰে আহি চিধাই আমাৰ ঘৰৰ পদুলিমুখত উঠিব পাৰি

ৰাজুৰ দোকানৰ মুখত সেইদিনা কবলৈহে পালো ৰমেন জাপ মাৰি উঠিল  
ইচ্ ! কি 'লি তই ?
সময় নাই মোৰ
মূৰ্খ তই , গাধ তই
মানে ...
আৰুনো কি তই ? তোৰ মূৰৰ ঘিউসোপা যদি মোৰ মূৰত ভৰাই লব পাৰিলোহেতেন তেন্তে মিনুবৌৰ জীয়েকৰ টিউচনতো ময়েই কৰিলোহেতেন

মিনুবৌ ৰাজুৰ দোকানৰ আড্ডা জমে

অজলা অনিল গাওঁবুঢ়াৰ ঘৰতে ডাঙৰ হোৱা চুবুৰীৰ মুখৰ বাঁহনিডৰা গাওঁবুঢ়াৰ লগতে যিকন মুকলি মাটি আছে তাত একোডাল কৰিব নোৱাৰি বছৰৰ ছমাহ বান্দৰেৰে ভৰি থাকে সেই মুকলি মাটিডোখৰতে গাওঁবুঢ়াই অজলা অনিলক ঘৰৰ ভেঁটি এটা সাজি দিলে অজলা অনিলৰ মুখলৈ চাই গাওঁবুঢ়াই ভেঁটিৰ মাটি দিয়া নাই দিলে মঙহাল মিনুবৌৰ মোহতহে এইবিলাক ৰাজুৰ দোকানৰ আড্ডাত শুনা কথা

বোকা নহলেও মানুহবোৰ আহি আহি এতিয়া চুবুৰীৰ মূল ৰাস্তাটোতকৈ বাঁহনিডৰাৰ কাষেৰে মিনুবৌৰ চোতাল গচকি যাব পৰা ৰাস্তাটোৰহে বন মৰিল

কিনকিনীয়া বৰষুণ বোকা বাচি বাচি কাষৰ জেউৰাত ধৰি গৈ আছিলো লগত ৰমেন বাওঁফালে মিনুবৌৰ ঘৰতো মোক দেখা পাই বৌৱে ৰিঙিয়ালে
জোনাক আহাচোন
'লচোন  
ৰমেনক কলো সি নৰল কাম এটা আছে বুলি কৈ মোলৈ চাই অশ্লীল হাঁহি এটা মাৰি সি গলগৈ জেউৰা গোজ দুটা দুহাতেৰে দুফালে ঠেলি মিনুবৌৰ চোতাল পালোগৈ

সৰু ঘৰটোত মাজতে দুখন বেৰ দিয়াত কোঠা তিনিটা এবাৰহে লেপ দিয়া বেৰখনৰ মাটিবোৰ শুকালত চকলা চকল হোৱাত বেৰখনৰ ফাঁকেৰে কম পোহৰ অলপ আহি কেঁচা মজিয়াখনত বাগৰ দিছেহি চিচাৰ সৰু সৰু বটল কেইটামানৰ ডিঙিত নাৰিকলৰ চুটলিৰে বান্ধি বেৰত ওলমাই থোৱা আছে বটলকেইটাৰ ভিতৰত গোল গোল কাগজৰ টুকুৰাৰে অকনো পোতোকা নপৰাকৈ থোৱা সেইকেইখন মাইজানৰ তুলনিবিয়াৰ ফটো পাকঘৰৰ সেই বেৰখনৰ গাতে কাঠৰ বেঞ্চ এখন সিখন বেৰৰ কাষত চকী দুখন এখনত মই কাষতে টেবুল এখন টেবুলত পৰা কাপোৰখনত চিলাই কৰি থোৱা মাজেদি কাঁড় এপাত সৰকি যোৱাদি পানখিলাৰ দৰে সেয়া ' চিন মাইজানৰ কাম

মই অহাৰ আগেয়ে কোনোবা আহিছিল হবলা পাণত চূণ লগাওঁতে ওফৰি পৰা শুকান চূণবোৰ আখৈ এসোপা পৰাদি পৰি আছিল মাইজানে চিলাই কৰি থোৱা ' চিনটোৰ ওপৰত সেইখিনি ফু মাৰি গুচাই মিনুবৌৱে সমুখৰ বেঞ্চখনত বহি কুমলীয়া তামোলটোত কটাৰিৰে ৰেপ এটা দি মোলৈ চালে মিনুবৌৰ সেই চকুযুৰিলৈ বেছিপৰ চাই থাকিব নোৱাৰি মই বান্দৰে বখলিয়াই ছিৰাছিৰ কৰি থোৱা ঘৰৰ মূধচটোলৈ চাই পঠিয়ালো

চেচুকীয়া বাৰীখনেৰে অনিলৰ ঘৰ নচলে তাৰ দা-খনৰ ঘাপতনো কেইটা পইচা আহে ! গধূলিলৈ তাক লাগেই এঢোক হাজিৰাৰ হিচাপ তাৰ আগৰ দৰে পঞ্চাশ বা এশ টকাৰ নহয় ৰঙা হাফ্ বা কোৱাটাৰ এটা আগতে অনিলে মদ কি নাজানিছিল মাইজানৰ তুলনিবিয়াৰ পাছতে সম্ভৱ চুবুৰীটোত সন্ধিয়া হুলস্থুল অজলা অনিল মদ খাই ফিটিং অকল ফিটিং হোৱা হলে একো কথা নাছিল চিঞৰি চিঞৰি বুকু থপৰিয়াই কান্দোন আৰম্ভ কৰিলে সকলো আচৰিত কথা কি ! এইটো অজলা যি অজলাই আনে মদ খাই কাজিয়া কৰে এইটোৱে কান্দে
নাই ' দাইটি , মই এইবোৰ দেখাতকৈ মৰি যোৱাই  ভাল আছিল ৰমেনৰ দেউতাকে তাক গাত ধৰি সুধিলে , কচোন ' কি দেখিলি তই ? অজলাটোৱে আকৌ শিয়ালটোৰ দৰে ৰাউচি জুৰি কান্দিবলৈ ধৰিলে ভেকাহি মাৰি মানুহবোৰ তাৰ ওচৰৰ পৰা উঠি আহিব খোজাত সি সৰু সৰুকৈ 'লে, কবলৈ লাজ লগা কথা ' দাইটি আকৌ কান্দোন

অনিলে কবলৈ লাজ কৰা কথাটো  মদৰ তলিত এদিন নিচাৰ কোবত কাৰোবাক কৈ পেলাইছিল কথাষাৰ মই ৰমেনৰ মুখেৰেহে শুনিছিলো গাওঁবুঢ়া আৰু মিনুবৌ হেনো একেখন বিচনাত শুই আছিল ৰমেনৰ কথাত সোৱাদ আছে তাৰ মুখেৰে জনা কথাটিও আকৌ সকলোৰে শুনিবৰ মন কাষ চাপি আহি সুধে কি ? কি ? ছিঃ ছিঃ

পিছে গাওঁবুঢ়া আহি থাকিল তাৰ পাছতো গাওঁবুঢ়া আহি থাকে ঘৰখনলৈ দাইল আহি থাকে চাউল আহি থাকে চাবমেৰিনখনৰ দৰে অনিলৰ লাজ লগা কথাবোৰ গৈ থাকে কোনেও নেদেখাকৈ মনে মনে মিনুবৌৰ ঘৰৰ ৰাস্তাৰ দুবৰি মৰে

ৰাজুৰ দোকানৰ আড্ডা জমে গাত সৰিয়হ ফুটে

নোৱাৰো নোৱাৰো বুলিও শেষত  কৰিবলৈ থিৰাং কৰিলো মাইজানৰ টিউচনতো ৰাস্তাত শৰ্মা ছাৰে লগ পাইছিল এদিন তোমালোকৰ চুবুৰীৰ মাইজান নামৰ ছোৱালীজনী পঢ়াত খুবেই ভালহে ভাল গাইড পালে তাই ভাল নাম কৰিবহে কিয় ! তুমিয়েচোন চাই দিব পাৰা তাইক জোনাক, কেৱল নিজে পঢ়ি শুনি ভাল মানুহ হোৱাতকৈ আনকো ভাল মানুহ হিচাপে গঢ় দিব পৰাটোহে বেছি গৌৰৱৰ বিষয়  

জেউৰাখন পাৰ হোৱাৰ পাছতে অসহজ ভাৱ এটাই খুন্দিয়াই থাকে এইসময়ত সেয়ে গান এটা গাই যাবলগা হয় আচলতে তেনেকৈ গান এটা গাই মই চুবুৰীটোক জনাই দিব খোজো যে মই লুকাই চুৰকৈ মিনুবৌৰ ঘৰলৈ অহা নাই দস্তৰমত মই সকলোৱে জনাকৈ আহিছো আৰু কেৱল টিউচন কৰিবলৈ আহিছো
মাইজান নাই ?
নাই বহাচোন বাৰু
চকীখনত ধূলি আছিল নে নাছিল নাজানো মিনুবৌৱে চকীখনত মুখেৰে ফু এটা মাৰি হাতেৰে মোহাৰি মোৰ ফালে আগবঢ়াই দিলে
ঘৰৰ গাতে বাঁহনিডৰা লাগি থকাৰ বাবেই ভিতৰখনো চেঁচা কুমলীয়া তামোলটোৰ মূৰটোত বগা কুঁহ অলপ ৰাখি টান কুঁহবোৰ গুচাই থকা মিনুবৌলৈ চালো এইজনীয়েই মিনুবৌ ৰাজুৰ দোকানৰ আড্ডাৰ নায়িকা তেওঁৰ পূৰঠ গাটোত বগাই ফুৰা মোৰ চকুদুটাক মই ঘূৰাই আনিব নোৱাৰিলো তেওঁৰ মঙহাল শৰীৰটোত মেৰ খাই থকা চাদৰখন আচলতে পুৰণি হোৱাৰ বাবে ফিচিকি যোৱা নাই মিনুবৌৰ মহঙা দেহাটোৰ ওচৰত লাজতে ফিচিকি গৈছে তেনেকৈ ভাবিলো মই ইচ্ছা কৰক বা নকৰক চকুদুটা বগাই যাবই মিনুবৌলৈ তেনেতে মোৰ ৰমেনৰ ৰমনীয় আৰু ফুচফুচীয়া ফৰফৰীয়া কথাবোৰ মনত পৰিলত মই ক্ৰমে সেই চেঁচা পৰিবেশটোত এমোকোৰা কুহুমীয়া উত্তাপত উমাল হৈ উঠিবলৈ ধৰোতেই মিনুবৌৱে হাতৰ কটাৰিখন লৈ দিলে ঘাপ এটা জোৰকৈ

জোক !
চোতালৰ পৰা জোকটো বগাই আহি ভিতৰ পাইছিলহি চূণেৰে বগা হৈ থকা কটাৰিৰ আগটো তেজেৰে ৰঙা হৈ পৰিল দুটুকুৰা হোৱাৰ পাছতো জোকটো ধৰফৰাই আছিল এইবাৰ মিনুবৌৱে ভৰিৰ বুঢ়া আঙুলিৰে পেতেককৈ হেঁচা এটা মাৰি দিলে জোকটোৰ গাত নিমজ মজিয়াখন তেজেৰে ৰঙা হৈ পৰিল মিনুবৌৱে জোকটোক নহয় , মোকহে যেন ভৰিৰে পিতিকি থলে

পিছফালৰ পৰা মিনুবৌৱে মোক চিঞৰিলে কি কৈছিল জানো ! জেউৰাখনৰ গোজ এটাত হাত থৈ এটা ভৰি দাঙি থাকিয়েই ময়ো চিঞৰিলো , কাইলৈ আহিম

সেইদিনা অনিলৰ কথাবোৰে মোৰ নষ্ট ঘোলা মনটোক ফিল্টাৰৰ খোৱাপানীৰ দৰে চাফ কৰি পেলালে

টুকটুকাই টুকটুকাই অজলা অনিলে বান্দৰে বগাই ভঙা জেউৰাখন ঠিক কৰি আছিল আমাৰখনৰো গোজ দুটা ঠিক কৰি দিবিচোন কিবা এটা দিম মই কলো একো দিব নালাগে মাইজানৰ টিউচনতো যে কৰি দিছ হব তোৰ বলতে পঢ়কচোন তাই মাকৰো খুউব মন ' নহলেনো তোক ইমান কুটুৰি-কুটুৰি টিউচনতো দিয়াইনে !

শেষৰ গোজটোত মাৰিব খোজা কোবটো নামাৰি অনিলে হঠাৎ 'লে , তই টিউচনতো ৰাতিও এবাৰ কৰিব নোৱাৰনে ?
কিয় ?
অনিলে সেমেনা সেমেনি কৰি 'লে , তই দিনত টিউচনতো কৰাৰ বাবে গাওঁবুঢ়া আজিকালি দিনত আমাৰ ঘৰলৈ নহা ' আৰু তই যদি টিউচনতো ৰাতিও কৰ তেতিয়া গাওঁবুঢ়া চাগে ৰাতিও নহা হব

মাইজান পঢ়াত ভাল চুবুৰীৰ আটাইতকৈ চোকা ছোৱালীজনীয়েই মাইজান তাই যেন এই সেমেকা বাঁহনিডৰাৰ লহপহকৈ বাঢ়ি অহা এডাল সবল জোঙা বাঁহৰ গাজ

আজিকালি লৰাবোৰে মোক গাওঁবুঢ়া বুলি মাতে ঠাট্টা মস্কৰা কৰে গাওঁবুঢ়াক খেদি ঠাই ললে গাওঁবুঢ়াই অকল মিনুবৌক লাগিছিল বপুৰাই জীয়েককো আড্ডাত যেন মিনুবৌ এজাক বতাহ হাৱাতেই সোৱাদ পাই যাৰ যেনেকৈ মন যায় তেনেকৈ কাহিনী এটা মিনুবৌ নহয় যেন মল্লিকা শ্বেৰাৱট ৰাজুৰ দোকানৰ আড্ডা জমে সকলো কাষ চাপি আহে কি ? কি ? ছিঃ ছিঃ ! মাজত ৰমেন



ভাস্কৰ জে. বৰুৱা 
লক্ষীমপুৰ