বেটুপাত

বেটুপাত

Thursday, 13 July 2017

সুবাসৰ এই মাহৰ অতিথি

                                                                                                   সুবাস  জুলাই ,২০১৭ 

"সুবাস" ৰ এই মাহৰ সাক্ষাৎকাৰ শিতানৰ বাবে নব প্ৰজন্মৰ জনপ্ৰিয় কবি,সমাজ সেৱক শ্ৰদ্ধাৰ "ৰোনাল্ডো টাইড" ডাঙৰীয়াৰ সৈতে সুবাস পৰিয়ালৰ হৈ মই মত বিনিময় কৰিছিলো । আহক চোন তেঁওৰ বিষয়ে আৰু কবিজনৰ উন্নত চিন্তাধাৰাৰ লগত চিনাকি হঁও ।

নব প্ৰজন্মৰ এজন জনপ্ৰিয় কবি হিচাপে আপোনাক মানুহে জানে বা বিশ্বাস কৰে । আপুনি আপোনাৰ সাহিত্য চৰ্চা আৰম্ভনি কেতিয়া কেনেদৰে আৰম্ভনি কৰিছিল জনাব চোন ।
 👉      কিতাপ পঢ়িব জনা হোৱাৰ পৰাই কিতাপৰ প্ৰেমত পৰিছিলো । কিতাপৰ পৃথিৱীখনত সোমাই সন্ধান কৰিছিলো এখন অন্য এখন পৃথিৱী ।সেয়েহে কিতাপ পঢ়ি পঢ়িয়েই সাহিত্যৰ মাজত সোমাই পৰিলো। সৰু কালৰে পৰাই সাহিত্য সাধনাত ব্ৰতী হ'লো।

আপোনাক কবিতা লিখিবলৈ কিহে অধিক অনুপ্ৰাণিত কৰে ?
👉   মানুহ আৰু প্ৰকৃতি ভালপাওঁ। হৃদয়ৰ অনুভৱ আৰু মগজুৰ তাগিদাই কবিতাই লেখিবলৈ অনুপ্ৰাণিত কৰে।

নদী আৰু নাৰী ৰ কবি হিচাপে আপোনাৰ কবি সমাজত বিশেষ নাম আছে । আপোনাৰ কবিতাত এই বিষয়টোয়ে মূখ্য স্থান পোৱা আমি দেখিবলৈ পাঁও । এই বিষয়টোৱে আপোনাক কিয় ইমান আকৰ্ষিত কৰে জনাব নে ?
👉       মহাভাৰতৰ দ্ৰৌপদীৰ দিনৰ পৰা দিল্লীৰ ডামিনী কাণ্ডলৈ, ৰামায়ণৰ সীতাৰ ওপৰত হোৱা অত্যাচাৰৰ পৰা আজিৰ তাৰিখলৈ নাৰীৰ ওপৰত হোৱা অত্যাচাৰ আৰু অবিচাৰে মোৰ মনটো বিদ্ৰোহী কৰি তুলিলে। কবিতা প্ৰতিবাদৰ অন্য এক ভাষা। কবিতাৰ জৰিয়তে অন্যায় অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম। সেয়েহে নাৰীক মোৰ কবিতাৰ অন্যতম উপজীব্য হিচাপে গ্ৰহণ কৰিছো।
       আনহাতে নদী পৃথিৱীৰ আশ্চৰ্যকৰ সৃষ্টি । নদী মাতৃৰ সমতুল্য। নদী সৃষ্টিৰো আদিম প্ৰতীক। সেয়েহে যুগ যুগ ধৰি মানুহৰ নদীৰ প্ৰতি আছে সীমাহীন আকৰ্ষণ । নৈপৰীয়া মানুহ হিচাপেও আছে নদীৰ প্ৰতি মোৰ বিশেষ আকৰ্ষণ ।সেয়েহে নদী মোৰ কবিতাৰ অন্যতম উপজীব্য।

 আপোনাৰ প্ৰকাশিত কবিতাৰ সংকলন কেইখনৰ নাম কব চোন । আৰু অনাগত দিনত পঢ়ুৱৈ সমাজক পাব লগীয়া নতুন সংকলনৰ পৰিকল্পনা কৰিছে নেকি ?
👉      মোৰ কাব্য সংকলন সমূহ হৈছে :
1)নাৰীবোৰ ধুনীয়া ফুল হৈ ফুলি থাকক
2) চম্পাৱতী নেখেদিবি তই বতা চৰাই
3) ডেচদিমনা তোমাৰ প্ৰেমিক হ'ব খোজো মই।
      জাপানী হাইকু কবিতাৰ ষ্টাইলত ছুটি ছুটি কবিতাৰ এখন সংকলন কৰাৰ আছে একান্তই আশা।

  বহুতেই কয় অসমীয়া সাহিত্য সমাজত এক লবিৰ জন্ম লৈছে । এই লবি, কবি সন্মিলনৰ পৰা আৰম্ভ কৰি বটাঁ বাচনি অনুষ্ঠানলৈ ছানি ধৰিছে । আপুনি এই বিষয়ে কি কয় ?
👉      একেবাৰে সঁচা কথা যে বহু সাহিত্য অনুষ্ঠানত এতিয়া নিজৰ মন পছন্দৰ মানুহক শাসনত বহুৱাৰ কৌশল। কবিৰ সভাত অকবি মনোভাৱৰ ব্যক্তিৰ পয়োভৰ। ছলেবলে পদবী দখলেই হৈছে মূল লক্ষ্য । এয়া নিতান্তই সাহিত্যৰ পথাৰৰ এক দুখজনক ঘটনা। সময় থাকোঁতে এনে অপতৃণবোৰক উভালিব লাগে। এনে লবীৰ অপমৃত্যু হওক-মোৰ একান্তই আশা।

অসম সাহিত্য সভা আমাৰ অসমৰ এটা জাতীয় অনুষ্ঠান । এই অনুষ্ঠানে পূৰ্বৰ গৰিমা বোৰ ধৰি ৰাখিব পাৰিছে নে ? অসম সাহিত্য সভাই আমাৰ সমাজ খন প্ৰতিফলিত কৰিব পাৰিছে নে ?
👉       বিশ্বৰে আটাইতকৈ বৃহৎ সাহিত্য অনুষ্ঠান হৈছে অসম সাহিত্য সভা। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সাহিত্য সভাৰ বহু অৱদান আছে। আগৰ কিছু গৰিমা হ্ৰাস হলেও পুনৰ অসমীয়াৰ মাজত সমন্বয়ৰ প্ৰক্ৰিয়া গঢ়িবলৈ চেষ্টা কৰা যেন অনুমান হয়। অসম সাহিত্য সভাই সকলো দুৰ্নাম আঁতৰাই অসমীয়া জাতিক গঢ় দিয়ক--মোৰ অনন্ত আশা।

বৰ্তমান নব প্ৰজন্মৰ অসমীয়া সাহিত্যৰ প্ৰতি ৰাপ তেনেই কম । পঢ়া লেখা ইংৰাজী মাধ্যমত হোৱাৰ বাবে উঠি অহা যুৱ তথা কিশোৰ সকলে অসমীয়া পঢ়িব ইচ্ছা নকৰে । ই আমাৰ সাহিত্যক কেনে সংকেট দিছে বুলি আপুনি ভাবে ?
👉       সাহিত্য জাতিৰ দাপোণ। সাহিত্যই প্ৰতিফলিত কৰে জাতি এটাৰ মানদণ্ড। প্ৰতিজন অসমীয়াই অসমীয়া ভাষা শিকাটো এক প্ৰধান কৰ্তব্য । ইংৰাজী শিকিলেও অসমীয়া ভাষাটোও সমানে চৰ্চা কৰি জাতিৰ প্ৰতি অৱদান আগবঢ়োৱা উচিত।

বহুতেই কয় নবীন লেখক সকল অধ্যয়নশীল নহয় , ইয়াৰ বিষয়ে আপুনি কি কয় ?
👉      অধ্যয়নে মানুহৰ মন-মগজু পৰিপুষ্ট কৰে,যি পৈণত সাহিত্যৰ সৃষ্টি কৰাত সহায় কৰে। নতুন এচামে কিতাপ নপঢ়াৰ কথাষাৰ যুক্তি সংগত যদিও বহুতো অধ্যয়নপুষ্ট নবীন লেখক-লেখিকা আছে-- যি এদিন সাহিত্যৰ পথাৰত নিজকে প্ৰতিফলিত কৰিব পাৰিব বুলি মই আশাবাদী ।

কেইদিনমানৰ আগতে " অকবিতা " শব্দটো খুব চৰ্চাত আছিল । আপোনাৰ মতে অকবিতা কি ?
👉      কবিতা-অকবিতা একে আষাৰে উত্তৰ দিবলৈ কিছু জটিল । মোৰ দৃষ্টিত অকবিতা হৈছে "কবিতাৰ অন্যৰূপ, অৰ্ধ প্ৰস্ফুটিত এপাহ ফুলৰ দৰে, যাক বুজিব পাৰি, সহজে সংজ্ঞা দিব নোৱাৰি।

পঢ়ুৱৈ সকলে প্ৰায়ে কোৱা দেখা যায় যে বৰ্তমান সময়ত দিনক দিনে কবিৰ সংখ্যা সাংঘাটিক হাৰত বৃদ্ধি পাইছে । কিন্তু তথাপিও পাঠকৰ মনত সাঁচ বহুৱাব পৰা কবিতা সংখ্যা তেনেই কম । অসমীয়া নবীন লেখক সকলৰ কবিতাৰ ৰুচিবোধৰ প্ৰয়োজন বুলি আপুনি ভাবে নে ?
👉       আমি সদায় বেছি পঢ়িব লাগে/ কম লেখিব লাগে। এতিয়া এচাম কবিৰ ক্ষেত্ৰত সম্পূর্ণ ওলোটা ছবি দেখা গৈছে। আমি প্ৰচুৰ অধ্যয়ন, মনন আৰু চিন্তনৰ জৰিয়তে উৎকৃষ্ট কবিতা সৃষ্টি কৰিব লাগিব ।

নবীন লেখক লেখিকা সকলক আগুৱাই যাৱলৈ আপুনি আপোনাৰ ফালৰ পৰা আমাৰ আলোচনীৰ যোগেদি কিবা দিহা পৰামৰ্শ আগবঢ়াব বিচাৰে নেকি ?
👉     সাহিত্য হৈছে সাধনাৰ প্ৰতিফলন। একেদিনাই কেতিয়াও সাহিত্যিক হ'ব নোৱাৰি। সেয়েহে নবীন চামে প্ৰচুৰ অধ্যয়নৰ জৰিয়তে মানসিক উৎকৰ্ষ সাধন কৰক/ জ্ঞানৰ জ্যোতিৰে নতুন সাহিত্য সৃষ্টি কৰক--এয়াই মোৰ অনন্ত আশা।

 অসমীয়া কবিতাৰ বৰ্তমান স্থিতি সম্পৰ্কে আপুনি কিবা কব খোজে নেকি ? বৰ্তমান স্থিতিক লৈ আপুনি সুখী নে ?
 👉   সাম্প্ৰতিক সময়ত বহু কেইজন কবিয়ে ভাল ভাল কবিতা সৃষ্টি কৰি কাব্য সাহিত্যলৈ অৱদান যোগাই আহিছে-এয়া সুখৰ কথা। কবিতাৰ জয় হওক -মোৰ আছে অলেখ শুভকামনা । সদৌশেষত সুবাসৰ সুবাস চাৰিওফালে বিয়পি পৰক--তাৰেই শুভকামনা জনালো।

ৰোনাল্ডো টাইড ডাঙৰীয়াৰ দ্বাৰ সম্পাদিত গ্ৰন্থ সমূহঃ
১) অইচেং  2) যি মৃত্যু হৈ পৰে শিল্প  ৩) অই-নি:তম

 কবিতাৰ পথাৰত তেখেতৰ ন ন সৃষ্টি আমি সদায়ে আশা কৰো । আমাৰ সুবাস পৰিয়ালৰ ফালৰ পৰা তেখেতলৈ অলেখ শুভকামনা আৰু সাক্ষাৎকাৰটোৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।

সংগ্ৰাহক:-
সৌৰভ জ্যোতি দত্ত
সহকাৰী সম্পাদক

 সুবাস